ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাত সৰৱ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

author img

By

Published : Oct 21, 2020, 9:47 AM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কৃষি আইনৰ বিৰোধিতা কৰি অতি শীঘ্ৰে এই আইনৰ বিপক্ষে পাঞ্জাৱ আদালতত এখন আৱেদন উত্থাপন কৰিব বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পাঞ্জাৱৰ সমান্তৰালকৈ ৰাজস্থানটো এই আইনৰ বিৰোধিতাৰে আন্দোলন গঢ়ি তোলাৰ কথা উল্লেখ কৰে ৷

Rajasthan govt to bring bill against Centre's farm laws: Gehlot
কৃষি আইনৰ বিৰোধিতাত সৰৱ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

নিউজ ডেস্ক,21অক্টোবৰ: মংগলবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট সৰৱ হৈ পৰে কৃষি আইনৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই আইনৰ বিৰোধিতা কৰি কংগ্ৰেছ চৰকাৰে এই আইনৰ বিৰুদ্ধে পাঞ্জাৱৰ আদালতত এখন আইন উত্থাপন কৰিব বুলি মন্তব্য কৰে ৷

  • मंत्री परिषद ने प्रदेश के किसानों के हित में निर्णय किया कि उनके हितों को संरक्षित करने के लिए शीघ्र ही विधानसभा का विशेष सत्र बुलाया जाए। सत्र में भारत सरकार द्वारा लागू किए गए कानूनों के प्रभाव पर विचार-विमर्श किया जाकर राज्य के किसानों के हित में वांछित संशोधन विधेयक लाए जाएं।

    — Ashok Gehlot (@ashokgehlot51) October 20, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

পাঞ্জাৱ বিধানসভাৰ সৰ্বসন্মতি ক্ৰমে এই আইনৰ বিৰোধিতা কৰি চাৰিটাকৈ বিল উত্থাপন কৰা হয় যদিও আইনখন সন্দৰ্ভত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে টুইটাৰযোগে মুখ্যমন্ত্ৰী গৰাকী সৰৱ হৈ পৰে ৷

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও পাঞ্জাৱত এই আইন খনৰ বিৰোধিতা কৰি আহিছে ৷ কৃষক সকলৰ সমস্যা সমাধানৰ বাবে কংগ্ৰেছ চৰকাৰে সদায়ে মাত মাতি আহিছে ৷এই আইনৰ বিৰোধিতা কৰি ৰাজস্থানত কংগ্ৰেছ চৰকাৰে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি টুইটাৰযোগে মন্তব্য কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

ইয়াৰ উপৰি,মংগলবাৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ নেতৃত্বত পাঞ্জাৱত আইনসভা পৰিষদৰৰ সৰ্ব-সন্মতি ক্ৰমে তিনিখনকৈ বিল সংশোধন কৰা হয় ৷

উল্লেখ্য যে,প্ৰায় কেইবামাহধৰি কৃষি আইনৰ বিৰোধিতাত উত্তাল হৈ আছে দেশ ৷ এই আইনৰ বিৰোধিতাত দেশৰ বহু দল-সংগঠন,নেতা তথা কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও চৰকাৰে সাধৰণ জনতাৰ কথালৈ কোনো ভ্ৰূক্ষেপ কৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: ভাঙি পৰিছে বিজেপি নেত্ৰী ইমৰ্তী দেৱী!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.