ETV Bharat / bharat

সোমবাৰে মুকলি হ'ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক

author img

By

Published : Feb 24, 2019, 10:21 PM IST

ভাৰতীয় সেনাবাহিনীৰ শৌৰ্য গাঁথাৰ জীৱন্ত দলিল তথা বীৰ ভূমিপুত্ৰসকলৰ সন্মান ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক অৱশেষত মুকলিৰ দিশে । দীৰ্ঘ বিৰতিৰ অন্তত প্ৰায় ২২,৫০০ জন সৈনিকৰ ত্যাগৰ প্ৰতিদান ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ২৫ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে দেশবাসীক অৰ্পণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃস্বাধীনতাৰ পূৰ্বে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ স্মৃতিত নিৰ্মাণ হোৱা স্মাৰকখন নতুন দিল্লীস্থিত ইণ্ডিয়া গেটৰ কাষত নিৰ্মাণ কৰা হৈছে । স্মাৰকত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ২২,৫০০ গৰাকী বীৰ শ্বহীদৰ নাম চিৰদিনৰ বাবে জিলিকি থাকিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলগীয়া ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক মুকলি অনুষ্ঠান সেনাৰ তিনিটা বিভাগৰ সেনাধ্যক্ষ ক্ৰমে, জেন. বিপিন ৰাৱাট(স্থলসেনা), এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱা(বায়ুসেনা) আৰু এডমিৰেল সুনীল লানবা(নৌ-সেনা) উপস্থিত থাকিব । ইয়াৰ উপৰিও সৈন্যবাহিনীৰ অন্যান্য শীৰ্ষ বিষয়াৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰণালয়, গৃহ মন্ত্ৰণালয়কে ধৰি বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াসকল, বহুকেইগৰাকী কেবিনেট মন্ত্ৰী তথা অন্যান্য অতিথিসকল উপস্থিত থাকিব ।

etvbharat
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক

ভাৰতীয় সৈন্যবাহিনীৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ২০১৫ চনত দেশৰ প্ৰধানমন্ত্ৰীয়ে এক কেবিনেট পৰ্যায়ৰ বৈঠকৰ জড়িয়তে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপনৰ প্ৰকল্পত সন্মতি প্ৰদান কৰিছিল । ২০১৫ চনৰ শেষৰ ভাগৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ হোৱা প্ৰকল্পটো চলিত বৰ্ষ প্ৰথমভাগতে সম্পুৰ্ণ হয় । আৰু শেহতীয়াকৈ ইয়াক সোমবাৰে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকস্থলীত এটি যুদ্ধ স্মাৰকৰ লগতে সেনাবাহিনীৰ শৌৰ্য-বীৰ্য সন্মিলিত এটি সংগ্ৰহালয় থাকিব ।

AAAAAAAAAAAAAAAAAAA
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.