ETV Bharat / bharat

পুনৰ বৃদ্ধি পাব নেকি লক্ ডাউনৰ সময় !

author img

By

Published : May 12, 2020, 12:50 PM IST

ৰাজ্য়ৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৬ ঘণ্টা ধৰি দীঘলীয়া বাৰ্তালাপ । ১৭ মে'ত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লক্ ডাউন । কিন্তু তাৰ পাচত কি কৰা হ'ব তাক লৈয়ে প্ৰধানমন্ত্ৰীৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক ।

PM, CMs mull 'lockdown dilemma' in marathon meet as economy gasps for breath
PM, CMs mull 'lockdown dilemma' in marathon meet as economy gasps for breath

নিউজ ডেস্ক, ১২ মে': কৰ'ণা ভাইৰাছৰ মহামাৰী বাবে দেশত এতিয়া তৃতীয় পৰ্যায়ৰ লক্ ডাউন । ১৭ মে' ত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লক্ ডাউন । ইয়াৰ মাজতেই সোমবাৰে প্ৰায় ৬ ঘণ্টা ধৰি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

মোডীয়ে কয়, আমি এইটো বুজি উঠিব লাগিব যে প'ষ্ট COVID-১৯ ক লৈ এতিয়া পৃথিৱী মৌলিক ভাৱে সলনি হৈছে । বিশ্ব যুদ্ধৰ দৰে এতিয়া পৃথিৱী প্ৰী-কৰ'ণা আৰু প'ষ্ট কৰ'ণা লৈ পৰিৱৰ্তন হৈছে । যিয়ে আমাৰ কাম কৰাৰ ধৰণলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব ।

এতিয়া সবাতোকৈ চৰ্চাৰ বিষয় হৈ পৰিছে যে ১৭ মে'ৰ পিচত কি হ'ব ? লক্ ডাউন প্ৰত্যাহাৰ কৰা হ'ব নে বৃদ্ধি কৰা হ'ব ? এই সন্দৰ্ভত সকলোকে সামৰি লোৱাকৈ এক নীতি গ্ৰহণৰ এক ইংগিত দিয়া হৈছে । অৱশ্যে ইতিমধ্যে ঠাই ভেদে কিছু কিছু অঞ্চলত লক্ ডাউন শিথিল কৰি অৰ্থনৈতিক কাৰ্য-কলাপ আৰম্ভ কৰা হৈছে । কেৱল কন্টেইনমেণ্ট জ'নতেই বাধা আৰোপ কৰা হৈছে অৰ্থনৈতিক কাৰ্য-কলাপৰ ক্ষেত্ৰত ।

বৰ্তমান প্ৰধানমন্ত্ৰীৰ কাষত দুটা বিষয়ক লৈ প্ৰত্যাহ্বান আহি পৰিছে । এটা হৈছে অৰ্থ ব্যৱস্থাৰ পুনঃচালনা, যিটো বৰ্তমান অচল হৈ পৰিছে । আনটো হৈছে ভাৰতৰ গ্ৰামীণ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰা । এই বৈঠকত ভিন্ন-বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী সকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে । কিন্তু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সকলক ভাৰসাম্য ৰণনীতি অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে ।

লক্ ডাউন সন্দৰ্ভত বৰ্তমান ৰাজ্য সমূহো তিনিটা ভাগত বিভক্ত হৈ পৰিছে- কিছু সংখ্যক ৰাজ্যই প্ৰতিবন্ধক সমূহ উঠাই দিয়াৰ পক্ষপাতিত কৰিছে যদি আন কিছুমান ৰাজ্যই ইয়াৰ বিৰোধীতা কৰিছে । আনহাতে আন কোনোৱাই আকৌ উপযুক্ত প্ৰতিবন্ধকতাৰ লগতে শিথিলতাৰ কথা উল্লেখ কৰিছে ।

আনহাতে কেন্দ্ৰৰ বাবে আন এক প্ৰত্যাহ্বান হৈছে ৰাজ্য চৰকাৰ সমূহক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অধিক ধন, উৎসৰ প্ৰয়োজন । কিন্তু বৰ্তমান কেন্দ্ৰৰ হাতত অৰ্থৰ অভাৱে দেখা দিছে । যদি এনেকৈয়ে অৰ্থব্যৱস্থাৰ সম্ভাৱনা কমি আহে তেন্তে লক্ ডাউন আৰু মহামাৰীয়ে অৰ্থব্যৱস্থাক আৰু বেয়ালৈ গতি কৰিব বুলি কোৱা হৈছে ।

কেৰালা চৰকাৰৰ দৰে বহু ৰাজ্য়ই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ উপায় সমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ দাবী কৰাৰ লগতে কেন্দ্ৰৰ মানদণ্ডক শিথিল কৰাৰ দাবী কৰিছে । এক কথাত কেন্দ্ৰৰ পৰা সূক্ষ্ম পৰিচালনা নকৰিবলৈ আহ্বান জনাইছে । আনহাতে পাঞ্জাৱৰ মুখ্য়মন্ত্ৰীয় লক্ ডাউন অতি সাৱধানতা পূৰ্বক বৃদ্ধি কৰাৰ আহ্বান কৰিছে ।

ইপিনে মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰীয়ে বিশেষ আৰু নিৰ্দেশিত লক্ ডাউনৰ পোষকতা কৰাৰ বিপৰীতে তামিলনাডুৰ মুখ্য়মন্ত্ৰীয়ে ৩১ মে'ৰ পৰা পুনৰ বিমান সেৱা, যাত্ৰীবাহি ৰে'ল চলাচল আৰম্ভ কৰাৰ বিৰোধতা কৰিছে ।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষ বৰ্ধনো উপস্থিত থাকে ।

পৰৱৰ্তী বাৰ্তালাপ শুকুৰবাৰৰ পূৰ্বে অনুষ্ঠিত কৰা হ'ব । লক্ ডাউনৰ শাসন কালত আৰু লক্ ডাউনত ক্ৰমিক শিথিলতা অনাৰ পাচত বিভিন্ন দিশৰ ওপৰত কাম কৰিবলৈ এক ব্যাপক পৰিকল্পনাৰ বিৱৰণ দি প্ৰধানমন্ত্ৰীক বিভিন্ন ৰাজ্য়ৰ চৰকাৰ সমূহক এক ব্লু প্ৰীণ্ট প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্ৰী সকলৰ সৈতে কৰ'ণা ভাইৰাছক লৈ মোডীৰ এইখন আছিল পঞ্চমখন বৈঠক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.