ETV Bharat / bharat

লক ডাউনৰ মাজতে কেৰেলাত ৬০ জনতকৈ অধিক কিশোৰৰৰ আত্মহত্যা

author img

By

Published : Jul 12, 2020, 9:05 PM IST

শেহতীয়াকৈ বিভিন্ন কাৰণত কেৰেলা ৰাজ্যত শিশু তথা কিশোৰ-কিশোৰীসকলৰ মাজত দেখা দিছে এক ভয়াবহ ব্যাধি আত্মহত্যাৰ প্ৰৱণতা । সেয়া একাংশ অভিভাৱকে সন্তানক ম'বাইল ফোনৰ ব্যৱহাৰত কৰা বাধা আৰোপ অথবা বহুজনৰ হাতত স্মাৰ্ট ফোন নথকাৰ পৰিপেক্ষিতত অনলাইন ক্লাছত ভাগ লব নোৱাৰাৰ দৰে অসুবিধা ।

Over 60 children committed suicide since lockdown in Kerala
লক ডাউনৰ মাজতে কেৰেলাত ৬০ জনতকৈ অধিক কিশোৰৰৰ আত্মহত্যা

নিউজ ডেস্ক:১২জুলাই: মহামাৰী ক'ৰণাৰ বাবে ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত হোৱা লক ডাউনৰ এই সময়চোৱাত কেৰেলা ৰাজ্যত সংঘটিত এক ভয়াবহ ঘটনাৰ ছবি পোহৰলৈ আহিছে । ৰাজ্যখনত একাংশ কিশোৰ কিশোৰীৰ মাজত উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা দেখা গৈছে আত্মহত্যাৰ দৰে এক ভয়াবহ ব্যাধিৰ প্ৰৱণতা । এই সকল কিশোৰে বিদ্যালয় বন্ধ থকাৰ ফলত তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদান কৰিব নোৱাৰাকে ধৰি বিভিন্ন কাৰণত লৈছে এই ভয়াবহ পন্থা ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ মতে, বিভিন্ন কাৰণত এই কিশোৰ সকলৰ মাজত এক ভয়াবহ ব্যাধি আত্মহত্যাৰ প্ৰৱণতা বাঢ়িব পাৰে । তাৰ ভিতৰত একাংশ অভিভাৱকে সন্তানক ম'বাইল ফোনৰ ব্যৱহাৰত কৰা বাধা আৰোপ অথবা বহুজনৰ হাতত স্মাৰ্ট ফোন নথকাৰ পৰিপেক্ষিতত অনলাইন ক্লাছত ভাগ লব নোৱাৰাৰ দৰে অসুবিধা ।

এই ভয়াবহ ব্যাধিৰ প্ৰতি লক্ষ ৰাখি কেৰেলা চৰকাৰে ইতিমধ্যে এক টেলিফ'নিক যোগাযোগেৰে অভিভাৱকৰ লগত পোনপটীয়াকৈ সংযোগ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শিশু তথা কিশোৰ সকলক যাতে পিতৃ মাতৃ সকলে বিভিন্ন চাঁপৰ পৰা আঁতৰাই ৰাখিব পাৰে তাৰ বাবে সকলোকে সতৰ্ক কৰি ৰখাৰ প্ৰচেষ্টাৰে চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিব টেলিফ'নিক যোগাযোগৰ এট ব্যৱস্থা ।

ৰাজ্যখনত কিশোৰ কিশোৰী সকলৰ মাজত বৃদ্ধি পোৱা আত্মহত্যাৰ এই প্ৰৱণতা বৰ্তমান অতিকে ভয়াবহ সামাজিক সমস্যা হৈ পৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে ২৫ মাৰ্চত ঘোষিত ল'কডাউনৰ সময়চোৱাৰ পৰা বৰ্তমানলৈ ৰাজ্যখনত ১৮ বছৰৰ অনুৰ্ধৰ ৬৬ জনকৈ কিশোৰে আত্মহত্যা কৰিছে ।

যেতিয়া এগৰাকী মাকে সন্তানক যেতিয়া অনলাইন ক্লাছত অংশ গ্ৰহণ নকৰাৰ বাবে গালি পাৰে অথবা একাংশ কিশোৰে গোপনে অশ্লীল ভিডিঅ' ডাউনল'দ কৰাৰ পাছত অভিভাৱকৰ ওচৰত ধৰা পৰে নাইবা পিতৃ মাতৃৰ মাজত মতানৈক্য হৈ থকাৰ দৰে এক পৰিবেশ থাকে তেতিয়াই এই সকলৰ মাজত আত্মহত্যাৰ অধিক প্ৰৱণতা দেখিবলৈ পোৱা যায় । তাৰোপৰি ল'ক ডাউনৰ ফলত বিদ্যালয় সমূহ বন্ধ হৈ থকাত কিশোৰ কিশোৰী সকলে বন্ধু বৰ্গৰ লগত ভাৱ বিনিময় কৰিব নোৱাৰাটোওঁ তেওঁলোকৰ বাবে হৈ পৰিছে আন এক মানসিক সমস্যা ।

মুখ্যমন্ত্ৰী গৰাকী এই বুলিও উল্লেখ কৰিলে যে, সন্তানৰ ভবিষ্যতৰ ভালৰ বাবে তেওঁলোকৰ যিকোনো কামত হস্তক্ষেপ কৰিলেওঁ এইটোও মন দিয়া দৰকাৰ যাতে ইয়াৰ প্ৰভাৱ তেওঁৰ সন্তানৰ ওপৰত কি ধৰনে পৰিব । লগতে কিশোৰ কিশোৰী সকলক যি কোনো মানসিক চাপৰ পৰা সকাহ দিয়াৰ বাবে ১২-১৮ বছৰ বয়সৰ কিশোৰ কিশোৰী সকলক চৰকাৰৰ ORC প্ৰগামৰ জড়িয়তে এক পৰামৰ্শ(counseling) কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : 'বেল বটম'ত মুখ্য ভূমিকাত অভিনয় কৰি আনন্দিত বাণী কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.