ETV Bharat / bharat

ক্ৰেনিঅ’পাগাচ অস্ত্ৰোপচাৰৰ তিনি বছৰ পাচত মৃত্যুক সাৱটিলে কালিয়াই

author img

By

Published : Nov 26, 2020, 8:51 AM IST

ওড়িশাত সংযুক্তভাৱে জন্মলাভ কৰা এহাল যমজৰ কালিয়া নামৰ সন্তানটিৰ মৃত্য়ু ঘটিছে ৷ কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় সন্তানটিয়ে ৷ 2017 চনত দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমচত অপাৰেশ্যনৰ দ্বাৰা পৃথক কৰা হৈছিল শিশু দুটিক ৷

Odisha twin separated through India's 'first' craniopagus surgery dies
Odisha twin separated through India's 'first' craniopagus surgery dies

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : ভাৰতৰ পোন প্ৰথমবাৰৰ বাবে ক্ৰেনিঅ’পাগাচ অস্ত্ৰোপচাৰ দ্বাৰা পৃথক কৰা ওড়িশাৰ যমজ শিশু কালিয়াৰ মৃত্যু ৷ বুধবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত কটকৰ শ্ৰীৰাম চন্দ্ৰ ভাঞ্জা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃথ্যু ঘটে শিশুটিৰ ৷ তিনিবচৰ পূৰ্বে দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমচত ক্ৰেনিঅ’পাগাচ অপাৰেশ্যনৰ দ্বাৰা পৃথক কৰা হৈছিল কালিয়া আৰু তেওঁৰ যমজ সহোদৰক ৷ চিকিৎসা মহাবিদ্যালয়খনৰ জৰুৰীকালীন বিভাগৰ বিষয়া ডাঃ ভূৱনানন্দ মহাৰাণাই জনোৱা মতে ট’মা আই চি ইউত চিকিৎসা চলি আছিল কালিয়াৰ ৷

2017 চনত এইমচত সংযুক্তভাৱে জন্মলাভ কৰা যমজ সন্তান দুটিক পৃথক কৰা হৈছিল ৷ দুবছৰ নিৰীক্ষণ আৰু যাৱতীয় চিকিৎসাৰ অন্তত শিশু দুটিক এছ চি বি চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল 2019 চনৰ চেপ্টেম্বৰ মাহত ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে এটি শিশু কালিয়াৰ বুধবাৰে চেপটিকেমিয়া আৰু শ্বকৰ ফলত মৃত্যু হয় ৷

জাগ্গা আৰু কালিয়া সংযুক্ত মস্তিষ্কৰ সৈতে জন্ম হৈছিল ৷ যাৰ ক্ৰেনিঅ’পাগাচ বুলি কোৱা হয় ৷ ওড়িশাৰ কাণধামাল জিলাৰ এগৰাকী আদিবাসী মহিলাৰ গৰ্ভত সাধাৰণভাৱে জন্মলাভ কৰিছিল শিশুদুটিয়ে ৷ 2017 চনৰ 14 জুলাইত দুয়োকে ভৰ্তি কৰোৱা হৈছিল এইমচত ৷ দীঘলীয়া অস্ত্ৰোপ্ৰচাৰৰ অন্তত দুয়োটি শিশুক পৃথক কৰা হৈছিল ৷ 2017 চনৰ 25 জুলাইত সম্পন্ন হৈছিল এই অস্ত্ৰোপচাৰ ৷

লগতে পঢ়ক : ৰাজস্থানৰ প্ৰাক্তন বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.