ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ 5 মাৰ্চলৈ নহয় চাৰি দোষীৰ ফাঁচী

author img

By

Published : Feb 25, 2020, 10:11 PM IST

সৰ্বোচ্চ আদালতে 14 ফেব্ৰুৱাৰীত স্পষ্ট কৰি দিছিল যে চাৰিওগৰাকী দোষীক পৃথককৈ ফাঁচী দিয়াৰ আপীলৰ সৈতে ফাঁচীৰ চূড়ান্ত তাৰিখৰ লগত কোনো সম্পৰ্ক নাই ৷ পূৰ্ব নিৰ্ধাৰিত 3 মাৰ্চতে ফাঁচী হোৱাৰ কথা আদালতে উল্লেখ কৰে ৷

Nirbhaya case: SC to hear on Mar 5 Centre's appeal against HC verdict on hanging of 4 convicts
নিৰ্ভয়া কাণ্ডঃ 5 মাৰ্চলৈ নহয় চাৰি দোষীৰ ফাঁচী

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰীঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ 4 দোষীৰ ফাঁচীৰ শুনানি 5 মাৰ্চলৈ নহয় বুলি ঘোষণা কৰে ৷ কেন্দ্ৰই চাৰিওগৰাকী দোষীক পৃথককৈ নহয় একেলগে ফাঁচী দিয়াৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত অজুহাত দাখিল কৰিছিল ৷

দেশৰ সৰ্বোচ্চ আদালতে 14 ফেব্ৰুৱাৰীত স্পষ্ট কৰি দিছিল যে চাৰিওগৰাকী দোষীক পৃথককৈ ফাঁচী দিয়াৰ আপীলৰ সৈতে ফাঁচীৰ চূড়ান্ত তাৰিখৰ লগত কোনো সম্পৰ্ক নাই ৷ পূৰ্ব নিৰ্ধাৰিত 3 মাৰ্চতে ফাঁচী হোৱাৰ কথা আদালতে উল্লেখ কৰে ৷

এই অজুহাত দাখিল কৰা কেন্দ্ৰ আৰু দিল্লী চৰকাৰে এই শুনানিৰ প্ৰাকমুহূৰ্তত বিচাৰপীঠ আৰ. বানুমতী, অশোক ভূষণ আৰু নবীন সিন্হাৰ সৈতে অহা সপ্তাহত এক বৈঠকত মিলিত হ’ব ৷ 5 মাৰ্চৰ আবেলি 3 বজাত এই সন্দৰ্ভত শুনানি হোৱাৰ কথা উল্লেখ কৰে বিচাৰপীঠসকলে ৷

আনহাতে উচ্চতম ন্যায়ালয়ে 2017 চনতে দোষী সাব্যস্ত কৰাৰ পিছতো মৃত্যুদণ্ডৰ ৰেহাইৰ আবেদন খাৰিজ কৰা সম্পৰ্কত কৰ্তৃপক্ষক দোষাৰোপ কৰে ৷

আদালতে 17 ফেব্ৰুৱাৰীত চাৰি দোষীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ ঘোষণা কৰিছিল ৷ সেইমৰ্মে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী মুকেশ কুমাৰ সিঙ, পৱন গুপ্তা, বিনয় কুমাৰ সিঙ আৰু অক্ষয় কুমাৰ সিঙক অহা 3 মাৰ্চত ফাঁচীৰ ঘোষণা কৰিছিল ৷

উল্লেখ্য যে চাৰি অভিযুক্তৰ তিনিজনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যেই খাৰিজ কৰিছে ৷

আৰু পঢ়কঃআৰক্ষীৰ ফ্লেগ মাৰ্চ দিল্লীৰ খাজুৰি খাছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.