ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Feb 5, 2020, 7:35 PM IST

নিৰ্ভয়া কাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল কেন্দ্ৰীয় চৰকাৰ ৷

সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কেন্দ্ৰ আৰু দিল্লী চৰকাৰ
নিৰ্ভয়া কাণ্ডৰ দোষী

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে চাৰিওজন দোষীক পৃথকে ফাঁচী দিব পৰা নাযায় বুলি দিয়া ৰায়ৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷

ইয়াৰ পূৰ্বে দিল্লী পাটিয়ালা হাউছ আদালতে নিৰ্ভয়া কাণ্ডৰ দোষীৰ মৃত্যুদণ্ডৰ ৱাৰেন্ট কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ ৰায় দিছিল ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দিল্লী আদালতত আবেদন দাখিল কৰিছিল আৰু সেই সম্পৰ্কত আজি শুনানি গ্ৰহণ কৰা হৈছিল ৷

দিল্লী উচ্চ ন্যায়ালয়ে আজি দিয়া ৰায়টোৰ কিছু সময় পাচতে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰত্যাহ্বান জনায় ৷ উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে এইবুলি ৰায় প্ৰদান কৰে যে, নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন দোষীক পৃথকে শাস্তি প্ৰদানৰ বিপৰীতে একেলগে ফাঁচী দিব লাগে ৷

নিম্ন আদালতে যোৱা 31 জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ কুমাৰ সিং(32), পৱন গুপ্তা (25), বিনয় কুমাৰ শৰ্মা (26) আৰু অক্ষয় কুমাৰৰ (31) ফাঁচী সন্দৰ্ভত পৰৱৰ্তী ৰায়দানলৈ স্থগিত ৰাখিছিল ৷ সম্প্ৰতি চাৰিওজন দোষী তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.