ETV Bharat / bharat

নিয়াৰ হাতলৈ ডিএছপি ডাভিন্দৰ সিঙৰ গোচৰ

author img

By

Published : Jan 18, 2020, 2:51 PM IST

সন্ত্ৰাসবাদীক সহায় কৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ডিএছপি ডাভিন্দৰ সিঙৰ গোচৰ নিয়াক প্ৰদান কৰিছে চৰকাৰে ৷ দক্ষিণ কাশ্মীৰত এখন বাহনৰ পৰা তিনিগৰাকী সন্ত্ৰাসবাদীসহ গ্ৰেপ্তাৰ হৈছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকী ৷

NIA to probe case of J-K DSP
নিয়াৰ হাতলৈ ডিএছপি ডাভিন্দৰ সিঙৰ গোচৰ

নেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ জম্মু-কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ হোৱা শীৰ্ষ আৰক্ষী বিষয়া ডাভিন্দৰ সিঙৰ গোচৰ নিয়াক হস্তান্তৰ কৰিছে চৰকাৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰী কৰা অনুসৰি, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াক ডাভিন্দৰ সিঙৰ গোচৰটোৰ তদন্ত কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে ৷ উল্লেখ্য যে, জম্মু-কাশ্মীৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তিনিগৰাকীকৈ সন্ত্ৰাসবাদীৰ সৈতে হাতেলোটে ধৰা পেলাইছিল সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ সিঙৰ সৈতে ধৰা পৰিছিল হিজবুল মুজাহিদীন সন্ত্ৰাসবাদী নাভেদ বাবু, আটিফ আৰু ইৰফান মীৰ নামৰ তিনিওগৰাকী সন্ত্ৰাসবাদী ৷ চাৰিওগৰাকীক অস্ত্ৰসহ দক্ষিণ কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা কৰায়ত্ত কৰিছিল সেনা-আৰক্ষীয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা লাভ কৰাৰ পিচতে নিয়াই গোচৰটো পুনৰ পঞ্জীয়ন কৰাই তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, এইগৰাকী সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই জম্মু-কাশ্মীৰ আৰক্ষীত নিযুক্ত হোৱাৰ পিচৰে পৰাই সন্ত্ৰাসবাদীৰ সৈতে লগ-লাগি বহুকেইটা ঘটনা সংঘটিত কৰিছে ৷ নতুন দিল্লীত সংসদ ভৱন আক্ৰমণৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছিল ডাভিন্দৰ সিঙৰ নাম ৷ বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ পিচতে জম্মু-কাশ্মীৰ চৰকাৰে তেঁওক প্ৰদান কৰা বঁটাসমূহো ঘুৰাই লোৱা হৈছে ৷

Intro:Body:

NIA takes over case involving DSP Davinder Singh


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.