ETV Bharat / bharat

মুম্বাইত পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jan 19, 2021, 9:48 PM IST

১৭ জানুৱাৰীৰ এন চি বিৰ ড্ৰাগছ বিৰোধী অভিযানত ৬৫ গ্ৰাম নিচাযুক্ত দ্ৰব্য় সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ ।

মুম্বাইত পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুম্বাইত পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক , ১৯ জানুৱাৰী : মহাৰাষ্ট্ৰত পুনৰ নাৰ্কোটিছ কন্ট্ৰল ব্য়ুৰো (এনচিবি )ৰ ড্ৰাগছ বিৰোধী অভিযান । ১৭ জানুৱাৰীৰ এই অভিযানত এনচিবিয়ে ৬৫ গ্ৰাম নিচাযুক্ত দ্ৰব্য় সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে দক্ষিণ মুম্বাইৰ ছাৰ জে জে হাস্পতালৰ সমীপত অভিযান চলাই সংস্থাটোৱে । অভিযানত গ্ৰেপ্তাৰ কৰা যুৱক দুজন ক্ৰমে মহম্মদ নাজিম খান আৰু সণ্ডীপ গাণপাত ছাৱন । উল্লেখ যে ছাৱন এগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া ।

সংস্থাটোৰ বিষয়াই জানিবলৈ দিয়া মতে দক্ষিণ মুম্বাইপ বিভিন্ন স্থানত এটা বৃহ দলে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহ অব্য়াহত ৰাখিছে আৰু অভিযানত জব্দ হোৱা মেফেড্ৰণ নামৰ বিশেষ নিচাযুক্ত দ্ৰব্য় বিধ সৰবৰাহকাৰীয়ে এম-কেত, মিউ মিউ আৰু হোৱাইট মেজিক আদি নামেৰে নামাকৰণ কৰে বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক :ৰাহুল গান্ধীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.