ETV Bharat / bharat

ঝাৰখণ্ডৰ ছাইবাছাৰ বন কাৰ্যালয়ত মাওবাদীৰ আক্ৰমণ

author img

By

Published : Jul 12, 2020, 8:21 PM IST

ঝাৰখণ্ডৰ ছাইবাছা বৰকেলাৰ বন কাৰ্যালয়ত মাওবাদীৰ আক্ৰমণ । বন বিভাগৰ কাৰ্যালয় চৌহদস্থিত কেইবাটাও ভৱন আইইডিৰে আক্ৰমণ কৰে মাওবাদীয়ে । লগতে বহুকেইখন বাহনতো অগ্নিসংযোগ কৰে মাওবাদীয়ে ।

 মাওবাদী
মাওবাদী

নিউজ ডেস্ক, ১২ জুলাইঃ ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ বন বিভাগত মাওবাদীৰ আক্ৰমণ । সিংহভূম জিলাৰ ছাইবাছা বৰকেলাত মাওবাদীয়ে বন বিভাগৰ কাৰ্যালয় চৌহদস্থিত কেইবাটাও ভৱন আইইডিৰে আক্ৰমণ কৰে মাওবাদীয়ে । তাৰোপৰি বন কাৰ্যালয়ৰ চৌহদত থকা কেইবাখনো চাৰিচকীয়া বাহন আৰু বাইকত জুই জ্বলাই দিয়ে মাওবাদীয়ে । ঘটনা সংঘটিত কৰি মাওবাদীয়ে বন কাৰ্যালয়ৰ চৌহদত পোষ্টাৰো লগাই দিয়ে । পোষ্টাৰত মাওবাদীসকলে সেই অঞ্চলৰ পৰা বন বিভাগৰ কাৰ্যালয় উঠাই দিবলৈ দাবী জনায় । লগতে 'বনাঞ্চল সাধাৰণ নাগৰিকৰ বাবে' বুলি পোষ্টাৰত উল্লেখ কৰাৰ লগতে বন কাৰ্যালয় উক্ত অঞ্চলৰ পৰা স্থানান্তৰ নকৰা পৰ্যন্ত এই হিংসাত্মক প্ৰতিবাদ অব্যাহত থাকিব বুলি সদৰি কৰে ।

মাওবাদী
ঝাৰখণ্ডৰ ছাইবাছাৰ বন কাৰ্যালয়ত মাওবাদীৰ আক্ৰমণ
মাওবাদী
ঝাৰখণ্ডৰ ছাইবাছাৰ বন কাৰ্যালয়ত মাওবাদীৰ আক্ৰমণ

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে মাওবাদী সংগঠন চিপিআইয়ে কেইবাখনো গাঁৱৰ মুখিয়াক সম্বোধন কৰি হাতেৰে পত্ৰ লিখি প্ৰেৰণ কৰে । পত্ৰ প্ৰেৰণ কৰা প্ৰত্যেকখন গাঁৱৰ পৰা প্ৰায় ১০ জনকৈ যুৱক মাওবাদী সংগঠনটোত ভৰ্তি কৰোৱাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনায় । আনহাতে, বিগত ২০ জুনত গুমলাত সেনা বাহিনী আৰু পিপুলছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ মাজত হোৱা সংঘৰ্ষত এজন পিএলএফআইৰ সদস্য় গুৰুতৰভাবে আহত হয় ।

 মাওবাদী
ঝাৰখণ্ডৰ ছাইবাছাৰ বন কাৰ্যালয়ত মাওবাদীৰ আক্ৰমণ

লগতে পঢ়ক : কৰ'ণাৰ সমান্তৰালকৈ গোলাঘাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.