ETV Bharat / bharat

আৰক্ষীৰ বাহনত মাওবাদীৰ আক্ৰমণ , শ্বহীদ 16 জোৱান

author img

By

Published : May 1, 2019, 2:47 PM IST

ইয়াৰ পূৰ্বে মঙলবাৰে নিশা 136 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা অমৰ ইনফাষ্ট্ৰাকচাৰ লিমিটেড কোম্পানীৰ 36 খনকৈ বাহনত অগ্নিসংযোগ কৰে মাওবাদীয়ে ৷

আৰক্ষীৰ বাহনত মাওবাদীৰ আক্ৰমণ


মহাৰাষ্ট্ৰ , 1 মে' : মহাৰাষ্ট্ৰ দিৱসৰ দিনটোতে গড়চিৰৌলীত আৰক্ষীৰ বাহনত মাওবাদীৰ আক্ৰমণ ৷ বুধবাৰে মাওবাদীৰ আই ই ডি বিস্ফোৰণৰ ফলত সম্পূৰ্ণ ৰূপে ধ্বংস হয় বাহনখন ৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী সুধীৰ মুনগানটিৱাৰে প্ৰকাশ কৰা অনুসৰি 16 গৰাকী আৰক্ষীৰ জোৱান এই ঘটনাত শ্বহীদ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷

আৰক্ষীৰ বাহনত মাওবাদীৰ আক্ৰমণ

লগতে পঢ়ক : গড়চিৰৌলীত 36 খনকৈ বাহনত মাওবাদীৰ অগ্নিসংযোগ

উল্লেখযোগ্য যে , ইয়াৰ পূৰ্বে মঙলবাৰে নিশা 136 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা অমৰ ইনফাষ্ট্ৰাকচাৰ লিমিটেড কোম্পানীৰ 36 খনকৈ বাহনত অগ্নিসংযোগ কৰে মাওবাদীয়ে ৷ কুৰখেড়াৰ দাৰাপুৰত থকা কোম্পানীটোৰ কাৰ্যালয়ত ৰাখি থোৱা হৈছিল বহুতো বাহন ৷ প্ৰায় 150 জনীয় অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত মাওবাদীৰ দলটোৱে মঙলবাৰে নিশা কোম্পানীটোৰ কাৰ্যালয়ত থকা যন্ত্ৰ-পাতি আৰু বাহনত অগ্নিসংযোগা কৰে ৷ বাহনত অগ্নিসংযোগ কৰাৰ উপৰিও চৰকাৰৰ বিৰুদ্ধে বেনাৰ লিখি কাৰ্যালয়টোক আঁৰি থৈ যায় ৷

Naxals blow up police vehicle in Maharashtra’s Gadchiroli; 15 commandos injured
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.