ETV Bharat / bharat

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা নিৰ্বাচন আয়োগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 25, 2021, 1:50 PM IST

আজি ১১ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ভাৰতত সুচাৰুৰূপে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে আগবঢ়াই অহা অৱদানৰ শলাগ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয় যে,ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচন শৃংখলাবদ্ধ আৰু নিৰ্ধাৰিত নীতি অনুসৰি অনুষ্ঠিত কৰাতো নিশ্চিত কৰি আমাৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা নিৰ্বাচন আয়োগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা নিৰ্বাচন আয়োগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী: ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা ভাৰতীয় নিৰ্বাচন আয়োগক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, সুচাৰুৰূপে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰি গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ শলাগ লোৱাৰ বাবে এটা বিশেষ দিন হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ভোটাৰ পঞ্জীয়ন নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰেও এই দিৱস পালন কৰা হয় ।

  • National Voters Day is an occasion to appreciate the remarkable contribution of the EC to strengthen our democratic fabric and ensure smooth conduct of elections. This is also a day to spread awareness on the need of ensuring voter registration, particularly among the youth.

    — Narendra Modi (@narendramodi) January 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

১১ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উদ্দেশ্য হৈছে দেশৰ ভোটাৰসকলক সবল,সজাগ,সুৰক্ষিত আৰু সংবিধানে প্ৰদানে কৰা অধিকাৰসমূহৰ বিষয়ে তেওঁলোকক অৱগত কৰা । ই নিৰ্বাচনত ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ হিচাপে বিবেচিত হৈছে । COVID-১৯ মহামাৰীৰ সংক্ৰমণৰ সময়তো নিৰ্বাচন আয়োগে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, ১৯৫০ চনৰ ২৫ জানুৱাৰীত নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠাৰ দিনটো ২০১১ চনৰ ২৫ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰি অহা হৈছে । নিৰ্বাচনী আয়োগে এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে যে,ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন মূূল উদ্দেশ্য হৈছে ন-ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগোৱা আৰু আন ভোটাৰসকলৰ মাজতো সজাগতাৰ সৃষ্টি কৰা ।

লগতে পঢ়ক:আজি ৰাষ্ট্ৰীয় বল পুৰস্কাৰপ্ৰাপ্ত বিজয়ীসকলৰে মত বিনিময় কৰিব মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.