ETV Bharat / bharat

বিহাৰৰ কেবাখনো জিলাৰ কাৰাগাৰত অভিযান

author img

By

Published : Nov 24, 2020, 10:01 PM IST

বিহাৰৰ কেবাখনো জিলাৰ কাৰাগাৰত মঙলবাৰে পুৱাৰ ভাগত শীৰ্ষ বিষয়াই আকস্মিক অভিযান চলায় ৷ ৰাজ্যখনৰ পাটনা, মধুবনী, বক্সৰ, নালন্দা, খগড়িয়া, হাজিপুৰ আৰু সীতামঢ়ী জিলাৰ জেল সমূহত অভিযান চলোৱা হয় ৷

multiple-jails-raided-in-bihar
বিহাৰৰ কেবাখনো জিলাৰ কাৰাগাৰত অভিযান

নিউজ ডেস্ক, 24 নৱেম্বৰ: বিহাৰৰ কেবাখনো জিলাৰ কাৰাগাৰত মঙলবাৰে পুৱাৰ ভাগত শীৰ্ষ বিষয়াই আকস্মিক অভিযান চলায় ৷ ৰাজ্যখনৰ পাটনা, মধুবনী, বক্সৰ, নালন্দা, খগড়িয়া, হাজিপুৰ আৰু সীতামঢ়ী জিলাৰ জেল সমূহত অভিযান চলোৱা হয় ৷ পুৱা চাৰি বজাত কেবাখনো থানাৰ আৰক্ষীক লগত লৈ আৰক্ষীৰ শীৰ্ষ বিষয়াই জেল সমূহৰ পৰ্যবেক্ষণ কৰে ৷ অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে শীৰ্ষ বিষয়া সুমিত কুমাৰ আৰু ৰাজেশ কুমাৰ মাঝীয়ে ৷

অভিযানকালত বাঢ় জেলৰ পৰা নিচাজাতীয় সামগ্ৰী, চুৰি আৰু লোহাৰ ৰড উদ্ধাৰ কৰে ৷ আনহাতে মোতিহাৰী কেন্দ্ৰীয় জেলতো অভিযান চলোৱা হয় ৷

উল্লেখ্য যে, অভিযান চলোৱা অধিকাংশ জেলতে নিচাজাতীয় সামগ্ৰী, চুৰিৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক: লাভ জিহাদঃ পৰিচয় লুকুৱাই বিয়া কৰোৱালে 10 বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.