ETV Bharat / bharat

মধ্য প্ৰদেশত আৰক্ষীৰ সন্মুখতে দম্পতীক নিৰ্মম প্ৰহাৰ

author img

By

Published : Oct 3, 2020, 4:00 PM IST

মধ্য প্ৰদেশত চৰম অমানৱীয় কাণ্ড। আৰক্ষীৰ চকুৰ সন্মুখতে দম্পতীক উপৰ্যুপৰি প্ৰহাৰ একংশ উদণ্ড লোকৰ। নিৰৱ দৰ্শক হৈ ৰৈ থাকিল আৰক্ষী । মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত সংঘটিত হৈছে এই ঘটনা। দম্পতী প্ৰহাৰৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'ছিয়েল মিডিয়াত ।

মধ্য প্ৰদেশত আৰক্ষীৰ সন্মুখতে দম্পতীক নিৰ্মম প্ৰহাৰ
মধ্য প্ৰদেশত আৰক্ষীৰ সন্মুখতে দম্পতীক নিৰ্মম প্ৰহাৰ

নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ : মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । শিৱপুৰীৰ মোহৰা গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি ৬জনীয়া উদণ্ড লোকৰ এটা দলে নিৰ্মমভাৱে প্ৰহাৰ কৰে স্বামী-স্ত্ৰীক । ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই অমানৱীয় কাণ্ডৰ ভিডিঅ'। আৰক্ষীৰ চকুৰ সন্মুখতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । সকলো দেখিও বহুসময় ধৰি চকু মুদা কুলিৰ ভাও ধৰি ঘটনাস্থলীত ৰৈ থাকে আৰক্ষী ।

কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য। পিছত আৰক্ষীয়ে বাধা প্ৰদান কৰে। দম্পতীটোৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৩টা অভিযুক্তক আটক কৰে । ধৃত অভিযুক্তকেইটা ক্ৰমে জগদীশ ৰাথোৰ, জগদীশৰ পুত্ৰ সুনীল ৰাথোৰ আৰু অক্ষয় ৰাথোৰ। আনহাতে, এতিয়াও পলাতক হৈ আছে আন ৩টা অভিযুক্ত ।

লগতে পঢ়ক : মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.