ETV Bharat / bharat

বন কৰ্মীক আক্ৰমণ নাহৰফুটুকীৰ : ভিডিঅ' ভাইৰেল

author img

By

Published : May 28, 2020, 3:22 PM IST

কাঁইটীয়া তাঁৰত আৱদ্ধ নাহৰফুটুকীক মুকলি কৰাৰ পাচতে বন কৰ্মীক আক্ৰমণ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷

বন কৰ্মীক আক্ৰমণ নাহৰফুটুকীৰ
কাঁইটীয়া তাঁৰত আৱদ্ধ নাহৰফুটুকী

নেশ্যনেল ডেস্ক, 28 মে': কাঁইটীয়া তাঁৰত আৱদ্ধ হৈ পৰা নাহৰফুটুকীক উদ্ধাৰ কৰিবলৈ গৈ তেলেংগানাৰ নালগোন্দা জিলাত দুজন বন কৰ্মী আঘাতপ্ৰাপ্ত হ'ল ৷ সমগ্ৰ ভিডিঅ' চ'ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ৷

বন কৰ্মীক আক্ৰমণ নাহৰফুটুকীৰ

ঘটনাৰ বিৱৰণী অনুসৰি, নালগোন্দাৰ ৰাজুপেটা তান্দাত এখন কৃষকে খেতিপথাৰ ৰক্ষা কৰিবৰ বাবে ব্যৱহাৰ কৰা কাঁইটীয়া তাঁৰত আৱদ্ধ হৈ পৰে এটা নাহৰফুটুকী ৷ এই তথ্য লাভৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন কৰ্মী ৷ দুঘন্টাৰ অন্তত তেওঁলোকে নাহৰফুটুকীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু মুকলি হৈ পৰা নাহৰফুটুকীটোৱে আক্ৰমণ চলাই 2 জন বন বিষয়াক ৷ এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী বন কৰ্মী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.