ETV Bharat / bharat

গণহত্যাঃ ঝাৰখণ্ড উচ্চতম ন্যায়ালয়ৰ তলৱ ৰাজ্য চৰকাৰক

author img

By

Published : Jul 9, 2019, 8:05 PM IST

ঝাৰখণ্ডত সংঘটিত হোৱা মহম্মদ টবৰেজ খানৰ গণহত্যা সন্দৰ্ভত এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে ঝাৰখণ্ড ৰাজ্য চৰকাৰক তলৱ কৰিছে ৷ উচ্চ ন্যায়ালয়ে শীঘ্ৰেই ৰাজ্য চৰকাৰক হত্যাকাণ্ডৰ বিশ্লেষণসহ এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে ৷

গণহত্যাঃ ঝাৰখণ্ড উচ্চতম ন্যায়ালয়ৰ তলৱ ৰাজ্য চৰকাৰক

নিউজ ডেস্ক, 9 জুলাইঃ ঝাৰখণ্ডৰ চৰাইকলাত সংঘটিত হোৱা মহম্মদ টবৰেজ খানৰ হত্যাকাণ্ড আৰু ৰাঁচীৰ মেইন ৰোডত দুগৰাকী যুৱকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সবিশেষ বিচাৰি এক নিৰ্দেশনা প্ৰদান কৰিছে ৷ মঙলাবাৰে ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশনা প্ৰদান কৰাৰ লগতে ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এক সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ে লাভ কৰা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিত এইদৰে ৰাজ্য চৰকাৰখনক তলৱ কৰিছে ন্যায়ালয়ে ৷ দুজন ন্যায়াধীশৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে ঝাৰখণ্ড ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰাৰ লগতে ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা এক প্ৰতিবেদন আহ্বান কৰিছে ৷ উল্লেখ্য যে, জুন মাহৰ 28 তাৰিখে ৰাঁচীত সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা য'ত দুগৰাকী যুৱকক মৰিয়াই মৰিয়াই মাৰি পেলাইছিল উন্মত্ত জনতাই ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.