ETV Bharat / bharat

পৰিবহণ মন্ত্ৰীৰ কন্যাৰ বাহনৰে চালান কাটিলে আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ কনিষ্টবলে

author img

By

Published : Nov 25, 2020, 10:26 PM IST

জামছেদপুৰৰ যান-বাহন যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে উক্ত স্থানত হেলমেট, মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাই আছিল ৷ সেই সময়তে পৰিবহণ মন্ত্ৰীৰ জীয়ৰী দুখনী চোৰোনে পৰিবাৰৰ সদস্যক লৈ শ্বাকচি অভিমুখে আহি আছিল ৷ যাৰ পাছতে তাত থকা যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ কনিষ্টবলে মন্ত্ৰীৰ কন্যাৰ চালান কাটে ৷

jamshedpur-police-cut-challan-for-not-having-helmet-of-transport-minister-champai-sorens-daughter
পৰিবহন মন্ত্ৰীৰ কন্যাৰ বাহনৰ চালান কাটিলে যান-বাহন আৰক্ষীৰ কনিষ্টবলে

নিউজ ডেস্ক, 25 নৱেম্বৰ : ঝাৰখণ্ডৰ জামছেদপুৰত শ্বাকচি গোলচক্কৰত বুধবাৰে সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ এগৰাকী মহিলাই আৰক্ষীৰ এই অভিযানৰ বিৰুদ্ধে ৰাজপথৰ মাজত প্ৰতিবাদত বহাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ মহিলাগৰাকীক পৰৱৰ্তী সময়ত ঝাৰখণ্ড চৰকাৰৰ পৰিবহণ মন্ত্ৰী চম্পাই চোৰেনৰ জীয়ৰী দুখনী চোৰোন বুলি জানিব পৰা যায় ৷ বহু সময় বুজনি প্ৰদান কৰাৰ পাছতহে মহিলাগৰাকী পথৰ পৰা উঠিবলৈ মান্তি হয় ৷

উল্লেখ্য যে, জামছেদপুৰৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে উক্ত স্থানত হেলমেট, মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাই আছিল ৷ সেই সময়তে পৰিবহণ মন্ত্ৰীৰ জীয়ৰী দুখনী চোৰোনে পৰিবাৰৰ সদস্যক লৈ শ্বাকচি অভিমুখে আহি আছিল ৷ যাৰ পাছতে তাত থকা আৰক্ষীৰ এগৰাকী কনিষ্টবলে মন্ত্ৰীৰ কন্যাক হেলমেট পৰিধান নকৰাৰ বাবে চালান কাটে ৷ যাৰ পাছতে অসন্তুষ্ট হৈ মন্ত্ৰীৰ কন্যাই প্ৰতিবাদত বহে ৷ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে তালাচীৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে কহিমাত জেনেৰেল মনোজ মুকুন্দ নৰাৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.