ETV Bharat / bharat

শ্বহীদ চিআৰপিএফ জোৱানৰ ৰাইফল লৈ উধাও সন্ত্ৰাসবাদী

author img

By

Published : May 6, 2020, 10:06 AM IST

সোমবাৰে আবেলিৰ ভাগত সংঘটিত হোৱা আক্ৰমণৰ পিচতে শ্বহীদ চিআৰপিএফ জোৱানকেইজনৰ পৰা দুটা ৰাইফল লৈ উধাও হয় সন্ত্ৰাসবাদী । স্থলসেনাৰ দুগৰাকী জ্যেষ্ঠ বিষয়াৰ লগতে সৰ্বমুঠ ৫গৰাকী সুৰক্ষা কৰ্মী শ্বহীদ হোৱাৰ দিনটোতে পুনৰ এইদৰে আক্ৰমণৰ সন্মুখীন হৈছিল চিআৰপিএফ বাহিনী ।

হান্দৱাৰা সংঘৰ্ষ
শ্বহীদ চিআৰপিএফ জোৱানৰ ৰাইফল লৈ উধাও সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৬ মে' : বিগত সোমবাৰে জম্মু-কাশ্মীৰৰ হান্দৱাৰাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় সেনাৰ দুগৰাকী বিষয়া তথা দুগৰাকী জোৱানৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক শ্বহীদ হৈছিল । উক্ত দিনাই আবেলিৰ ভাগত একেটা অঞ্চলতে পুনৰ সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ । চিআৰপিফৰ এটা তহলদাৰী দলৰ ওপৰত বুলেটপ্ৰুফ জেকেট পিন্ধি অহা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই আক্ৰমণ । আক্ৰমণৰ ফলত শ্বহীদ হৈছিল চিআৰপিএফৰ ৯২ বেটালিয়নৰ ৩গৰাকী জোৱান ।

লগতে পঢ়কঃ জন্মু-কাশ্মীৰৰ হান্দৱাৰাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

আনহাতে এই ঘটনাৰ দুদিন পিচতে চিআৰপিএফ তথা জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এক ভয়াৱহ তথ্য । হান্দৱাৰাত এই আক্ৰমণ পিচতে সন্ত্ৰাসবাদীয়ে লৈ যায় চিআৰপিএফৰ দুটাকৈ ৰাইফল । উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ হান্দৱাৰাৰ ৱাংগামৰ অন্তৰ্গত কাজিয়াবাদ এলেকাত সংঘটিত হৈছিল এই আক্ৰমণ । চিআৰপিএফৰ এগৰাকী শীৰ্ষ বিষয়াই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য । এই ঘটনাৰ পিচতে চিআৰপিএফে আভ্যন্তৰীণ অনুসন্ধান আৰম্ভ কৰিছে । আনহাতে এই আক্ৰমণৰ সময়তে বিশেষভাৱে সক্ষম এগৰাকী ১৪ বছৰীয়া কিশোৰো নিহত হয় । নিহত কিশোৰগৰাকী হাজিম চাফি ভাট বুলি চিআৰপিএফে প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ হিন্দৱাৰাত সুৰক্ষা বাহিনীৰ হত্যাত স্তম্ভিত কংগ্ৰেছ : তদন্তৰ দাবী

জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান দিলবাগ সিঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে আৰু কেন্দ্ৰীয়শাসিত অঞ্চলটোত সন্ত্ৰাসবাদবিৰোধী অভিযান অত্যধিক সক্ৰিয় তথা শক্তিশালী কৰি তোলা হৈছে ।

লগতে পঢ়কঃ 45 ITBP জোৱান Covid-19 আক্ৰান্ত , কোৱাৰান্টাইনত 167 জন

উল্লেখ্য যে, জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকৰ লগতে সেনাৰ দুগৰাকী জোৱানসহ দুগৰাকী শীৰ্ষ বিষয়া শ্বহীদ হৈছিল হান্দৱাৰা সংঘৰ্ষত । এই সংঘৰ্ষৰ দায়িত্ব স্বীকাৰ কৰিছিল The Resistance Front (TRF) নামে এক অখ্যাত সংগঠনে । জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানে প্ৰকাশ কৰা অনুসৰি, এইটো লস্কৰ-ই-তৈবাৰ এটা অংশ বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ক্ৰালগুন্দ আৰক্ষী চকীত ভাৰতীয় সেনা আইনৰ ধাৰা ৭/২৭ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০৭, ৩০২ৰ অধীনত ৬০/২০২০ নম্বৰত এক গোচৰ ৰুজু হৈছে ।

লগতে পঢ়কঃ 'বহু চিন্তাজনক আৰু কষ্টদায়ক'ঃ হান্দৱাৰা এনকাউন্টাৰ সম্পৰ্কত ৰাজনাথ সিঙৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.