ETV Bharat / bharat

চীনৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে

author img

By

Published : Jun 18, 2020, 3:37 PM IST

গলৱান উপত্যকাত ভাৰত-চীন সংঘৰ্ষত দেশে 20 গৰাকীকৈ বীৰ সৈন্যক হেৰুওৱাৰ ফলত এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশবাসী ৷ এই লেখনিত Defence.Capital আলোচনীৰ এডিটৰ এন. চি. বিপিন্দ্ৰই মন্তব্য কৰিছে যে,চীনৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ হ'লে ভাৰতে অসামৰিক বিকল্প উলিয়াব লাগিব ৷

গলৱান উপত্যকাত ভাৰত-চীন সংঘৰ্ষ
চীনৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে

নেশ্যনেল ডেস্ক, 18 জুন : গলৱান উপত্যকাত ভাৰত-চীন সংঘৰ্ষৰত দেশে 20 গৰাকীকৈ বীৰ সৈন্যক হেৰুওৱাৰ ফলত এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশবাসী ৷ ছয়ঘন্টা জোৰা এই সংঘৰ্ষৰ ফলত ভাৰতীয় জোৱানক হেৰুওৱাৰ পাচত মৰ্মাহত হোৱাৰ লগতে খৰ্গহস্ত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী তথা অৱসৰপ্ৰাপ্ত সৈনিকসকল ৷

গলৱান উপত্যকাত ভাৰত-চীন সংঘৰ্ষ
চীনৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে

ভাৰতীয় সেনা আৰু চীনৰ পিপলছ লিবাৰেছন আৰ্মীৰ সৈন্যৰ মাজত সংঘটিত হোৱা এই সংঘৰ্ষৰ পাচতে ভাৰতবাসীৰ খং তুংগত উঠা পৰিলক্ষিত হৈছে ৷ অৱসৰপ্ৰাপ্ত সৈনিকসকলেও মন্তব্য কৰিছে যে,ভাৰতেও চীনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা উচিত ৷ ভাৰতীয় পক্ষৰ দৰেই একে ক্ষতি চীনা পক্ষৰো হোৱাটো এই সৈনিকসকলে দাবী কৰিছে ৷

অৱসৰপ্ৰাপ্ত জেনেৰেলসকল আৰু চীনা বিৰোধী মনোবৃত্তি প্ৰকাশ কৰা ভাৰতীয়ই চৰকাৰলৈ প্ৰতিশোধ ল'বৰ বাবে চাপ প্ৰয়োগ কৰিব পাৰে ৷ ইয়াৰ জৰীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চুবুৰীয়া ৰাষ্ট্ৰ চীনক উচিত প্ৰত্যাহ্বান জনাব পাৰিব ৷

ভাৰতে 1962 চনৰ পাচত দ্বিতীয়বাৰৰ বাবে চীন-ভাৰত যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব ৷ কিন্তু ভাৰতৰ কিছুসংখ্যক লোকে মন্তব্য কৰিছিল যে,1962 চনৰ সেই যুদ্ধত ভাৰত চীনৰ বিৰুদ্ধে পৰাস্ত হৈছিল ৷

15 জুনৰ সংঘৰ্ষৰ পাচত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আৰু Western Theatre Command ৰ মুখপাত্ৰৰ মন্তব্যৰ পৰা এয়া জানিব পৰা হৈছে যে, বেইজিঙে দম্ভালি প্ৰদৰ্শন কৰাৰ লগতে ইয়াৰ দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে ৷

কিন্তু চীনা কমিউনিষ্ট পাৰ্টী আৰু ইয়াৰ সেনা বাহিনীয়ে এই কথা বুজি উঠা উচিত যে, 2020 চন 1962 ৰ দৰে হৈ থকা নাই ৷ ইয়াৰোপৰি,যোৱা 60 বছৰত ভাৰতীয় সেনাৰ অস্ত্ৰ-শস্ত্ৰত ব্যাপক আধুনিকীকৰণ কৰা হৈছে ৷ তিব্বতীয় উচ্চতাৰ বাবে যুদ্ধ বিমান উৰণৰ ক্ষেত্ৰত চীনতকৈ ভাৰতৰ অগ্ৰাধিকাৰ আছে ৷ আনহাতে, ভাৰতৰ হাতত আছে আধুনিক ছুখই আৰু ৰাফেল যুদ্ধ বিমান ৷

উৰণৰ মাজভাগতে ক্ষমতা বৃদ্ধি কৰিব পৰা চীনৰ জেট থাকিলেও বিভিন্ন ক্ষেত্ৰত ভৌগোলিক অৱস্থানৰ বাবে দেশখন ভাৰততকৈ পিছপৰি ৰৈছে ৷ 1962 চনত ভাৰতে চীনৰ বিৰুদ্ধে বায়ুসেনাৰ ব্যৱহাৰ কৰাত সফল হোৱা নাছিল কিন্তু তাৰ বিপৰীত ৰূপ দেখাৰ সম্ভাৱনা আছে 2020 চনত ৷ এই সকলোবোৰ সুবিধা ভাৰতৰ পক্ষে থকাৰ পাচতো ভাৰতে অসামৰিক বিকল্প বাছি উলিওৱা উচিত ৷ স্বদেশী জাগৰণ মঞ্চ আৰু কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ দৰে ৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাই চীনা সামগ্ৰী বৰ্জন কৰা সম্পৰ্কত সকলোকে পৰামৰ্শ আগবঢ়াইছে ৷

ভাৰতীয় বজাৰলৈ চীনা সামগ্ৰীৰ প্ৰৱেশ বন্ধ কৰি দি নৰেন্দ্ৰ মোডী চৰকাৰে এই ক্ষেত্ৰত প্ৰথমটো প্ৰতিশোধ ল'ব পাৰে ৷ ভাৰতত 18 বিলিয়ন আমেৰিকান ডলাৰৰ বজাৰ দখল কৰি আছে চীনে ৷ ইয়াৰোপৰি, ভাৰতে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত যিকোনো কোম্পানীক ভাৰতৰ পৰা অপাৰেট কৰাত বাধা প্ৰদান কৰা উচিত ৷ বিশেষকৈ তথ্য আৰু সম্প্ৰচাৰ ছেক্টৰ আৰু অন্যান্য ষ্ট্ৰেটেজিক ছেক্টৰত এই বাধা আৰোপ কৰা উচিত ৷

চীনে নেপালৰ শক্তিখণ্ডত 4 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে আৰু আচৰিতভাৱে ভাৰতে চীনৰ পৰা শক্তি ক্ৰয় কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতে পৰোক্ষভাৱে চীনৰ শ্ৰীবৃদ্ধিতহে সহায় কৰিছে ৷ ভাৰতে নেপালৰ পৰা শক্তি ক্ৰয় কৰা বন্ধ কৰিলেই চীনা বিনিয়োগত বাধা আৰোপ কৰিব পাৰিব ৷ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ (CPEC) আঁচনিত বিনিয়োগ কৰা চীনৰ আন্তঃগাঁথনি কোম্পানীসমূহত ভাৰতে প্ৰতিবন্ধকতা আৰোপ কৰা উচিত ৷ ইয়াৰোপৰি, দিল্লী-মিৰাট ৰেপিড ট্ৰানজিট চিষ্টেম প্ৰজেক্টৰ স্থাপনৰ দায়িত্ব চীনৰ এক ফাৰ্মক দিয়া বুলি চ'ছিয়েল মিডিয়াত চৰ্চিত হৈ আহিছে ৷ এই সম্পৰ্কত চৰকাৰে এক স্পষ্টীকৰণ দিয়া অতি প্ৰয়োজনীয় হৈ পৰিছে যে ইয়াৰ দায়িত্ব বৰ্তমানেও কোনো নিৰ্দিষ্ট সংস্থাক প্ৰদান কৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷

আৰু পঢ়ক : উৰুখা পঁজাত জীৱন সংগ্ৰাম শংকৰী সংস্কৃতিৰ সাধকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.