ETV Bharat / bharat

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি সন্দৰ্ভত হঠাৎ স্থিতি সলনি ভাৰতৰ

author img

By

Published : Nov 4, 2019, 8:46 PM IST

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি সন্দৰ্ভত সুৰ সলনি ভাৰতৰ ৷ দেশৰ মূল অৰ্থনৈতিক প্ৰসংগসমূহ উত্থাপন নোহোৱাৰ পৰিপ্ৰেক্ষিতত চুক্তিত অন্তৰ্ভুক্ত নোহোৱাৰ সিদ্ধান্ত ভাৰতৰ ৷

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি সন্দৰ্ভত সুৰ সলনি ভাৰতৰ

নেছনেল ডেস্ক,4 নৱেম্বৰঃ বহুচৰ্চিত আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি সন্দৰ্ভত স্থিতিৰ পৰিৱৰ্তন হৈছে ভাৰতৰ ৷ ভাৰত চৰকাৰৰ এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি উক্ত চুক্তিত মূল অৰ্থনৈতিক প্ৰসংগসমূহ বিশদভাৱে উত্থাপিত নোহোৱাৰ বাবে ভাৰতে চুক্তিখনত অন্তৰ্ভুক্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

সূত্ৰটোৱে জনোৱা মতে এইক্ষেত্ৰত ভাৰতৰ মূল অৰ্থনৈতিক প্ৰসংগসমূহ উত্থাপিত নোহোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অধিক সৰৱ হৈ পৰিছে ৷

আনহাতে দেশৰ মূল অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ ওপৰত কোনোধৰণৰ আপোচ নকৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নীতি সন্দৰ্ভত সূত্ৰটোৱে উল্লেখ কৰিছে ৷ আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তি ইয়াৰ প্ৰকৃত উদ্দেশ্য আৰু ফলাফল এই দুয়োটাৰ লগত সামজ্ঞস্যতা নাই আৰু লগতে অসন্তুলিত ৷

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ সৈতে সম্পৰ্কিত মূল প্ৰসংগসমূহৰ ভিতৰত- ৰপ্তানিৰ ক্ষেত্ৰত অপৰ্যাপ্ত বৃদ্ধি সুৰক্ষা, চীনৰ সৈতে যথোপযুক্ত বাণিজ্যিক ব্যৱধানৰ অনুপস্থিতি, বাণিজ্যৰ প্ৰকৃত সূত্ৰ অনুসৰি সম্ভাৱিত কৌশল, 2014 বৰ্ষক চুক্তিৰ ভিত্তি বৰ্ষ হিচাবে নিৰূপণ কৰা,বজাৰ পৰিচালনাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য প্ৰতিশ্ৰুতিৰ অভাৱ আৰু অশুল্কজনিত অন্তৰায় আদিয়েই প্ৰধান ৷

সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰীয়ে পূৰ্বতে আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ বিনিময়ত ব্যাপক আৰু সন্তুলিত সুবিধাসমূহ লাভৰ ক্ষেত্ৰত সহযোগিতা চুক্তিৰ সৈতে বুজাপৰাৰ যোগেদি সামগ্ৰী, সেৱা আৰু বিনিয়োগৰৰ লগতে অন্যান্য বাণিজ্যিক স্তম্ভসমূহৰ সৈতে সন্তুলন ৰক্ষা কৰাৰ পোষকতা কৰিছিল ৷

উল্লেখযোগ্য যে, আঞ্চলিক অৰ্থনৈতিক সহযোগিতা চুক্তিয়ে দহখনকৈ আছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ লগতে 6 খনকৈ ইয়াৰ অংশীদাৰী ৰাষ্ট্ৰৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷

আৰু পঢ়ক বেংককত প্ৰধানমন্ত্ৰী, ভাৰতৰ ওপৰত আছিয়ানৰ দৃষ্টি নিবদ্ধ

Intro:Body:

3


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.