ETV Bharat / bharat

ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jun 28, 2020, 6:57 AM IST

এই লেখাটোৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিমহা ৰাওলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতৰ আন আগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ৷

ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি
ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি

পি ভি নৰসিমহা ৰাওৰ সৈতে মোৰ পৰিচয় ১৯৮৮ চনৰ পৰা । তেতিয়া তেওঁ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল আৰু মই আছিলো দক্ষিণ আয়োগৰ সচিব প্ৰধান । সেই সময়ত তেওঁৰ জেনেভা ভ্ৰমণৰ কালছোৱাত মই তেওঁক লগ পাইছিলোঁ । ১৯৯১ চনত চৰকাৰ গঠনৰ দিনটোত পি ভি নৰসিমহা ৰাওয়ে মোক ফোন কৰি কৈছিল—আহক, আমি আপোনাক বিত্ত মন্ত্ৰী হিচাপে বিচাৰোঁ । বহুতকে আচৰিত কৰি বিত্ত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ মই ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিলোঁ । বিত্ত মন্ত্ৰীৰ পদটোত অধিষ্ঠিত হোৱাৰ পূৰ্বে মই নৰসিমহা ৰাওক কৈছিলোঁ যে তেওঁৰ সম্পূৰ্ণ সহযোগিতা পালেহে মই এই পদটো গ্ৰহণ কৰিম । তেওঁ ধেমেলীয়া সুৰত কৈছিল—“আপোনাক সম্পূৰ্ণ স্বাধীনতা দিয়া হ’ব । যদি নীতিসমূহ সফল হয় আমি সকলোৱে ইয়াৰ ক্ৰেডিট ল’ম । যদি সেইবোৰ বিফল হয়, তেতিয়া আপুনি যাব লাগিব ।”

শপত গ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী ৰাৱে বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছিল । ময়ো তেওঁলোকক সম্বোধন কৰিছিলোঁ । মোৰ ভাৱ হৈছিল যে বিৰোধী পক্ষ সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিল । অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মোক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।

অৰ্থনৈতিক সংস্কাৰ হঠাতে ঘটা নাছিল । তেতিয়াৰ দূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ অবিহনে এই ঐতিহাসিক পৰিৱৰ্তন সম্ভৱ নহ’লহেঁতেন । আমাৰ অৰ্থনৈতিক নীতিক নতুন ৰূপ দিয়া, সামাজিক ন্যায়ৰ সৈতে অৰ্থনৈতিক বিকাশ দ্ৰুত কৰা প্ৰথমগৰাকী ৰাজনৈতিক নেত্ৰী আছিল প্ৰয়াত ইন্দিৰা গান্ধী । তেওঁ প্ৰথমতে লোৱা পদক্ষেপসমূহ পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীয়ে সঠিকভাৱে আগুৱাই লৈ গৈছিল । ৰাজীৱ গান্ধীয়ে তথ্য প্ৰযুক্তিৰ নতুন যুগৰ উপস্থিতিক উপলব্ধি কৰিছিল । ৰাজীৱ গান্ধীৰ নেতৃত্বত ১৯৮০ৰ দ্বিতীয়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত গ্ৰহণ কৰা নীতিসমূহৰ জৰিয়তে অৰ্থনৈতিক সংস্কাৰৰ বাট মুকলি হৈছিল ।

নৰসিমহা ৰাওয়ে যি দৃঢ়তাৰে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰিছিল আমি তাৰ প্ৰতি শ্ৰদ্ধা নিশ্চয় নিবেদন কৰিব লাগিব । যেতিয়া প্ৰধানমন্ত্ৰী নৰসিমহা ৰাওৰ নেতৃত্বত ১৯৯১ চনত কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল আৰু মই যেতিয়া বিত্ত মন্ত্ৰী আছিলোঁ তেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰা হৈছিল । প্ৰধানমন্ত্ৰী ৰাওৰ নেতৃত্বতে আমি বিত্তীয় আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । আমি গ্ৰহণ কৰা সংস্কাৰৰ পদক্ষেপৰ গুৰুত্বপূৰ্ণ দিশ হ’ল ভাৰতৰ অভিজ্ঞতা এই ক্ষেত্ৰত আছিল অনন্য । আমি কোনো পূৰ্ব নিৰ্ধাৰিত ফৰ্মূলা বিচৰা নাছিলোঁ । তেতিয়াৰ আন্তৰ্জাতিক মুদ্ৰানিধিৰ পৰিচালন সঞ্চালক মাইকেল কেমডেচাচ আৰু প্ৰধানমন্ত্ৰী নৰসিমহা ৰাওৰ সৈতে হোৱা বৈঠকৰ কথা মোৰ মনত পৰে । ভাৰতত হোৱা সংস্কাৰ ভাৰতীয় দৃষ্টিভংগীৰে হ’ব লাগিব বুলি নৰসিমহা ৰাৱে তেওঁক কৈছিল । আমি এখন গণতান্ত্ৰিক দেশ । আমাৰ শ্ৰমজীৱী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত থাকিব লাগিব । আমাৰ অৰ্থনৈতিক সংস্কাৰৰ আঁচনিৰ ফলত এজন যাতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া নহয় তাৰ বাবে আমি সচেষ্ট বুলি আন্তৰ্জাতিক মুদ্ৰানিধিক জনাইছিলোঁ । মই বিশ্বাস কৰোঁ আমাৰ আশ্বাস অনুসৰি আমি সেয়া কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰিয়েই সংস্কাৰ সাধন কৰা হৈছিল ।

ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নসিমহা ৰাওয়ে বাস্তৱতা আনিছিল । তেওঁ চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল । ১৯৯৩ চনত চীনৰ সৈতে থকা সম্পৰ্কৰ কিছু তিক্ততা দূৰ কৰাৰ বাবে ৰাওজীয়ে চীন ভ্ৰমণ কৰিছিল । আন ছাৰ্ক দেশৰ সৈতে ভাৰতে ছাউথ এছিয়া প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰীমেণ্টত স্বাক্ষৰ কৰিছিল । পূব আৰু দক্ষিণ পূব এছিয়াৰ বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক দৃঢ় কৰাৰ বাবে তেওঁ লুক ইষ্ট পলিচী আৰম্ভ কৰিছিল ।

নৰসিমহা ৰাওজীৰ নেতৃত্বতে ভাৰতৰ বৈদেশিক নিৰাপত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে অভিলাসী বেলিষ্টিক মিছাইল টেকনলজী প্ৰগ্ৰেম আৰম্ভ কৰিছিল আৰু ১৯৯২ চনত অ’গমেণ্টেড চেটেলাইট লঞ্চ ভেহিকেল (এ এছ এল ভি) আৰু পলাৰ ছেটেলাইট লঞ্চ ভেহিকেলৰ (পি এছ এল ভি) পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছিল । ১৯৯৪ চনত পৃথ্বী মিছাইলৰ প্ৰথম সফল পৰীক্ষণ সম্পন্ন কৰা হৈছিল আৰু লগে লগে ইয়াক ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইললৈ উন্নত কৰা হৈছিল ।

মই ভাৰত মাতৃৰ সুযোগ্য এইগৰাকী সন্তানৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ পাই সুখ অনুভৱ কৰিছোঁ । তেওঁ বহু দিশৰে পৰা সঁচাকৈয়ে এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ আৰু গাইড আছিল । মই তেওঁক ওচৰৰ পৰা যেনেদৰে পাইছিলোঁ তাৰ ভিত্তিত ক’ব পাৰোঁ যে তেওঁ সেঁচাকৈয়ে ৰাজনীতিত এজন সন্যাসী স্বৰূপ আছিল । আমাৰ পৰম্পৰা আৰু মূল্যবোধক খামুচি মাৰি ধৰা তেওঁ এজন আধুনিকতাবাদী আছিল । আমাৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিক নতুন দিশৰ সন্ধানদিয়া তেওঁ আছিল এজন বিৰল পণ্ডিত আৰু দূৰদৰ্শী নেতা । বহুকেইটা ভাষাতে তেওঁৰ দখল কেৱল ভাষিক দক্ষতাই নাছিল । ইয়াৰ ফলতে তেওঁ কৰিমনগৰ, পুনে, বেনাৰস, দিল্লী সকলোতে সমানভাৱে সাৱলীল হ’ব পৰা এগৰাকী ভাৰতীয় হৈ উঠিছিল ।

ড০ মনমোহন সিং,

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী

লগতে পঢ়কঃ বানৰ কবলত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.