ETV Bharat / bharat

এখন শক্তিশালী ভাৰতবৰ্ষৰ এক ভৱ্য প্ৰতীক

author img

By

Published : Jan 9, 2021, 12:30 PM IST

এখন শক্তিশালী ভাৰতবৰ্ষৰ এক ভৱ্য প্ৰতীক
এখন শক্তিশালী ভাৰতবৰ্ষৰ এক ভৱ্য প্ৰতীক

ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৷ মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ভাৰত বিশ্বৰ ভিতৰতে ষষ্ঠ স্থানত আছে ৷ সংশোধিত অনুমান অনুসাৰি এই বৰ্ষত কেন্দ্ৰৰ বাজেট ২৭ লক্ষ কোটি টকা হ’বগৈ ৷ প্ৰশ্ন হয়,যিহেতু আমি দেশ হিচাপে ইমান বৃহৎ এক অৰ্থনীতিৰ অধিকাৰী,তেনেস্থলত এহেজাৰ কোটি টকা ব্যয় কৰি এটা নতুন সংসদ ভৱন নিৰ্মাণ কৰাত দোষ বিচৰাৰ প্ৰয়োজনীয়তা ক’ত ?

ভাৰতীয় সংসদ এনে এক আইনী মঞ্চ,যি বিশ্বৰ ১৭.৭ শতাংশ জনগণৰ ভৱিষ্যতৰ লগত জড়িত ৷ সংসদ ভৱনটো বৃটিছৰ শাসন কালতেই ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়াৰে পৰাই নটা দশক জুৰি এই ভৱ্য ভৱনটি অগণন ঐতিহাসিক ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ থিয় দি আছে ৷ এই ভৱন গণতন্ত্ৰৰ এক ঐতিহাসিক স্তম্ভ হিচাপে থিয় দি আছে ৷ ভাৰতৰ ৭৫ তম গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি এই সংৰচনাৰ পৱিত্ৰতা তথা ঐতিহ্যক অক্ষুন্ন ৰাখি মোদী চৰকাৰে এক ন সংসদ ভৱন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ৷ উক্ত ভৱনটি পুৰণি পৰম্পৰা আৰু আধুনিক আকাংক্ষা সমূহৰ সংমিশ্ৰণত নিৰ্মাণ কৰি উলিওৱাৰ পৰিকল্পনা কৰা হৈছে ৷ এক নতুন সংসদ ভৱনৰ নিৰ্মাণৰ প্ৰস্তাৱটি কেন্দ্ৰীয় চৰকাৰৰ আগত উপস্থাপন কৰি দুয়োখন সদনৰ পীঠাধিকাৰী দুগৰাকীয়ে কয় যে বৰ্তমানৰ ভৱনটিত ১৯৭৫,২০০২ আৰু ২০১৭ চনত কিছু ন প্ৰযুক্তি অতিৰিক্ত ভাৱে সংযোজন ঘটোৱা হৈছিল যদিও অভাৱসমূহ একেদৰেই থাকি গ’ল ৷ ভৱনটিত বৰ্তমান উপলব্ধ সীমিত সুবিধাৰ প্ৰযুক্তি অধিৱেশন সমূহ সঞ্চালনা কৰিবৰ বাবে পৰ্যাপ্ত নাযায় ৷ দেশৰ জনগণে কৰ'ণা কালত গ্ৰীষ্মকালীন অধিৱেশন সমূহ সঞ্চালনা কৰাত দেখা দিয়া কঠিনতা লক্ষ্য কৰিছিল ৷ উল্লেখ্য যে এই সময় চোৱাত সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনোৱা হৈছিল আৰু সংসদৰ অধিৱেশন সমূহ সঞ্চালনা কৰাত ঠাইৰ নাটনিৰ বাবে দেখা দিয়া অসুবিধা সমগ্ৰ দেশৰ জনতাই প্ৰত্যক্ষ কৰিছিল ৷

আকাশ মাৰ্গৰ পৰা প্ৰস্তাৱিত নতুন সংসদ ভৱনৰ এক আৰ্হি
আকাশ মাৰ্গৰ পৰা প্ৰস্তাৱিত নতুন সংসদ ভৱনৰ এক আৰ্হি

এনে এক প্ৰেক্ষাপটতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ “চেন্ট্ৰেল ভিষ্টা মডাৰ্নাইজেশ্বন” প্ৰকল্পৰ অংশ হিচাপে এটা নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰাৰম্ভণিতে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ সম্বন্ধত ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ ভিত্তিতহে প্ৰকল্পটোৰ কাম হাতত ল'বলৈহে চৰকাৰক নিৰ্দেশনা দিছিল ৷ যি নহওক,পৰৱৰ্তী পৰ্যায়ত,বিচাৰপীঠে প্ৰকল্পটোৰ বিৰুদ্ধে উঠা অভিযোগ সমূহক বহুমত ৰায়দান দি খাৰিজ কৰিছিল ৷ এনে এক ভৱ্য সংৰচনা,যাৰ নক্সা অনাগত এশটা বছৰৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে,তেনে এক ভৱন অহা বছৰটোত দেশত নিৰ্মাণ হ’বলৈ যোৱাটো সমগ্ৰ দেশবাসীৰ বাবেই এক গৌৰৱৰ বিষয় ৷ বিভিন্ন ধৰ্মত ত্ৰিকোণীয় আকৃতিয়ে এক পৱিত্ৰ স্থান দখল কৰা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এই নৱ নিৰ্মিত ভৱনটোকো ত্ৰিকোণীয় আকৃতি প্ৰদান কৰা হৈছে ৷ লোক সভা,ৰাজ্য সভা আৰু সংবিধান কক্ষৰ নক্সাই ৰাষ্ট্ৰীয় প্ৰতীক ম’ৰা চৰাই,পদুম আৰু কল গছক প্ৰতিফলিত কৰিব ৷ এখন শ্ৰেষ্ঠ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ পথত ই এক মাইলৰ খুটি হিচাপ চিহ্নিত হ’ব ৷

বৰ্তমানৰ ঐতিহ্য গৰকা ভাৰতৰ সংসদ ভৱনৰ এটা দৃশ্য
বৰ্তমানৰ ঐতিহ্য গৰকা ভাৰতৰ সংসদ ভৱনৰ এটা দৃশ্য

ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৷ মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ভাৰত বিশ্বৰ ভিতৰতে ষষ্ঠ স্থানত আছে ৷ সংশোধিত অনুমান অনুসাৰি এই বৰ্ষত কেন্দ্ৰৰ বাজেট ২৭ লক্ষ কোটি টকা হ’বগৈ ৷ প্ৰশ্ন হয়,যিহেতু আমি দেশ হিচাপে ইমান বৃহৎ এক অৰ্থনীতিৰ অধিকাৰী,তেনেস্থলত এহেজাৰ কোটি টকা ব্যয় কৰি এটা নতুন সংসদ ভৱন নিৰ্মাণ কৰাত দোষ বিচৰাৰ প্ৰয়োজনীয়তা ক’ত ? ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীয়ে পৰামৰ্শ দি কৈছিল যে ১৩০ কোটি জনতাৰ দেশ হিচাপে ভাৰতবৰ্ষত অন্তঃত এহেজাৰজন সদস্যৰ সংসদ থকা উচিত ৷ যিহেতু ২০২৬ চনত মুঠ বিধায়কৰ সংখ্যা ঠিৰাং হ’ব,গতিকে ৮৮৮ জন সদস্যক আসন দিব পৰা এখন লোকসভাৰ পৰিকল্পনা কৰা হৈছে ৷ আনহাতে ৩৮৪ জন সদস্য বহিব পৰাকৈ ৰাজ্যসভাৰ আসন সমূহৰ পৰিকল্পনা কৰা হৈছে ৷ নৱনিৰ্মিত ভৱনটোত গ্ৰহণ কৰা আসনৰ এই ব্যৱস্থাই অনাগত এশটা বছৰৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব পাৰিব নে নোৱাৰে সেইয়া পুনৰ মূল্যায়ন কৰিব লাগিব ৷

দেশখনক ভূমিকম্প প্ৰৱণ পাঁচটা এলেকাত বিভক্ত কৰা হৈছে ৷ “চেন্ট্ৰেল ভিষ্টা’ প্ৰকল্প চতুৰ্থ সৰ্বাধিক ভূমিকম্প প্ৰৱণ এলেকাত নিৰ্মাণ কৰা হ’ব ৷ ভূমিকম্প সংগঠিত হোৱাৰ ফালৰ পৰা এই এলেকা খুবেই সংবেদনশীল ৷ ৰাষ্ট্ৰপতি ভৱন,সংসদ ভৱন,উপ-ৰাষ্ট্ৰপতি,প্ৰধান মন্ত্ৰী কাৰ্যালয় আৰু অধিকাৰীক বাসগৃহ,কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰ্যালয় সমূহ,উচ্চতম ন্যায়ালয় আৰু নিম্ন আদালত,সাংসদ বাসগৃহ,তিনিওটা সশস্ত্ৰ বাহিনীৰ কাৰ্যালয় আৰু অধিকাৰীক বাসগৃহ আৰু আন বহুতো গুৰুত্বপূৰ্ণ ভৱন আৰু অট্টালিকা একেখন জিলাতে প্ৰায় ২৬ কি. মি. অঞ্চল এটাত অৱস্থিত ৷ শক্তিশালীতকৈও শক্তিশালী ভূমিকম্পক প্ৰতিহত কৰিব পৰাকৈ নিৰ্মাণ হ’ব লগীয়া এই ভৱ্য ভৱনটোৱে ভাৰতবৰ্ষৰ কেতিয়াও স্তিমিত নোহোৱা গৌৰৱক প্ৰতিনিধিত্ব কৰিব ৷ নিৰ্মিত হ’ব লগীয়া এই ভৱনটিয়ে ভাৰতবৰ্ষৰ আত্ম-নিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে দেশখনৰ স্বতন্ত্ৰ প্ৰগতিক তৰান্বিত কৰাৰ লগতে অনুপ্ৰাণিতও কৰিব ৷

লগতে চাওকঃ ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.