ETV Bharat / bharat

লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ !

author img

By

Published : Apr 9, 2020, 12:05 AM IST

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা সৰ্বদলীয় বৈঠকৰ অন্তত ১৪ এপ্ৰিলৰ পাচত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভৱনা আছে বুলি ব্যক্ত কৰে কংগ্ৰেছী নেতাই । বুধবাৰে দেশৰ ৮০ শতাংশ বিভিন্ন দলৰ নেতাৰ লগত ভিডিঅ' কনফাৰেঞ্চ যোগে বাৰ্তালাপ কৰাৰ পাচত এই কথা সদৰী কৰে কংগ্ৰেছী নেতাই ।

লকডাউন
লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভৱনা কেন্দ্ৰীয় চৰকাৰৰ!

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ দেশজুৰি কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ১৪ এপ্ৰিললৈ ঘোষণা কৰা লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কংগ্ৰেছ নেতাৰ সৈতে হোৱা এক বৈঠকত এই সংকেত লাভ কৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

ৰাজ্যসভাৰ বিৰোধী নেতা গুলাম নবী আজাদৰ ভাষ্য অনুসৰি, বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে, "COVID-19 প্ৰতিৰোধৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা ক্ষেত্ৰত বিভিন্নজনে অনুৰোধ কৰিছে । কিন্তু, আমি বিশেষজ্ঞ আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিতহে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিম ।"

আজাদে কয়, বিভিন্ন ৰাজনৈতিক দলৰ ৮০ শতাংশ নেতাই বুধবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বাৰ্তালাপ কৰে । লকডাউন সন্দৰ্ভত মোডীৰ সৈতে বিশদভাৱে বাৰ্তালাপ কৰে নেতাসকলে ।

আনহাতে, বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, চৰকাৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.