ETV Bharat / bharat

সৰ্বভাৰতীয় অসামৰিক সেৱাত জিলিকিল অসমৰ ১২ সন্তান

author img

By

Published : Apr 6, 2019, 5:12 AM IST

সৰ্বভাৰতীয় পৰীক্ষাত এইবাৰো জিলিকি উঠিল ছাত্ৰী; প্ৰথম ৰাজস্থানৰ কনিষ্ক

সৰ্বভাৰতীয় অসামৰিক সেৱাত জিলিকিল অসমৰ ১২ সন্তান

সৰ্বভাৰতীয় অসামৰিক সেৱাত জিলিকিল অসমৰ ১২ সন্তান

গুৱাহাটী, 6 এপ্ৰিল: শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল । এইবাৰো সৰ্বভাৰতীয় পৰীক্ষাত উজ্বলিল ছাত্ৰী । এই পৰীক্ষাত প্ৰথম স্থানত আছে ৰাজস্থান নিৱাসী কনিষ্ক কাটাৰিয়া, দ্বিতীয় স্থান লাভ কৰিছে অক্ষত জৈনে আৰু তৃতীয় স্থান দখল কৰিছে উত্তৰ প্ৰদেশৰ জুনাইড আহমেদ। উল্লেখ্য যে, দ্বিতীয় স্থান প্ৰাপ্ত অক্ষত জৈনে ৰাজস্থানৰ বাসিন্দা ।


এই পৰীক্ষাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ১২ গৰাকী শিক্ষাৰ্থীয়ে। মুঠ ৭৫৯ জন প্ৰাৰ্থী উত্তীৰ্ণ হোৱা এই তালিকাখনত ১০৩ নং স্থান লাভ কৰিছে মৃগাংক শেখৰ পাঠকে। ঠিকে তেনেদৰে ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা, ১৪৫ নং স্থানত নমিতা শৰ্মা, ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী, ১৭০ নং স্থানত গৰিমা শৰ্মা, ২০০ নং স্থানত ঋষভা গাৰ্গ, ২৮৭ নং স্থানত আৰণ্যক শইকীয়া, ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম, ৫২৫ নং স্থানত অভিষেক গোস্বামী, ৬৪৫ নং স্থানত তাপস বসুমতাৰী, ৬৫৬ নং স্থানত সৌৰভ শৰ্মা আৰু ৭০৮ নং স্থান লাভ কৰিছে দীক্ষা লাংথাছাই।

ইয়াৰে আৰণ্যক শইকীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ পুত্ৰ । আৰণ্যক শইকীয়াই বিগত বৰ্ষটো আৰণ্যকে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ।

UPSC
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.