ETV Bharat / bharat

কৃষি আইন : সমিতিক দুই মাহৰ ভিতৰত ৰিপ’ৰ্ট দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jan 12, 2021, 10:43 PM IST

উচ্চতম ন্যায়ালয়ে কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান ৰাখিছে ৷ লগতে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ‘বলৈ চাৰিজনীয়া সদস্যৰ এক সমিতিও গঠন কৰি দিছে ৷

farm-laws-sc-appointed-committee-to-submit-report-within-2-months
কৃষি আইনঃ সমিতিক দুই মাহৰ ভিতৰত ৰিপৰ্ট দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, 12 জানুৱাৰী : উচ্চতম ন্যায়ালয়ে মঙলবাৰে তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিছে ৷ ন্যায়ালয়ে এই তিনিখন আইনৰ সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰা গঠিত চাৰিজনীয়া সমিতিক দুই মাহৰ ভিতৰত নিজৰ ৰিপ‘ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ আদালতে কয় যে, কৃষক সকলৰ অভিযোগ আৰু চৰকাৰৰ যুক্তি সমূহক শুনিবলৈ গঠিত সমিতিয়ে প্ৰথম বৈঠক দহ দিনৰ ভিতৰত কৰিব লাগিব ৷

লগতে আদালতে আশা প্ৰকাশ কৰে যে, নতুন কৃষি আইনৰ প্ৰয়োগৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছত চলি থকা কৃষক সকলৰ আন্দোলন বন্ধ হ‘ব ৷ তদপুৰি এই আইন কেইখনৰ প্ৰযোজ্য হোৱাৰ পূৰ্বলৈকে এম.এছ.পি. প্ৰণালী অব্যাহত ৰাখিব লাগে বুলিও কয় উচ্চতম ন্যায়ালয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান ৰাখিছে ৷ লগতে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ‘বলৈ চাৰিজনীয়া সদস্যৰ এক সমিতিও গঠন কৰি দিছে শীৰ্ষ আদালতে ৷

লগতে পঢ়ক: কলগাছিয়াত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগত সাংবাদিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.