ETV Bharat / bharat

ফেচলেচ এছেচমেন্ট সন্দৰ্ভত CBDT ৰ অধ্যক্ষ পি চি মোডীৰ বৈঠক

author img

By

Published : Aug 19, 2020, 7:06 PM IST

CBDT ৰ অধ্যক্ষ পি চি মোডী আৰু ব'ৰ্ডৰ শীৰ্ষ বিষয়াসকলে কৰ বিষয়াসকলৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হৈ বিভাগটোত কৰ্মৰত জনশক্তিৰ পুনৰ গঠনৰ দিশসমূহ বাখ্যা কৰে ৷

CBDT Chief
CBDT ৰ অধ্যক্ষ পি চি মোডী

নিউজ ডেস্ক, 19 আগষ্টঃ বিগত সপ্তাহত প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা ফেচলেচ অপীলৰ পাছত Central Board of Direct Taxes ৰ শীৰ্ষ বিষয়াসকলে মঙলবাৰে আশ্বাস প্ৰদান কৰে যে, বিষয়াসকলৰ কোনো ধৰণৰ স্থানান্তৰ নহয় লগতে কাৰ্যালয়ত জনশক্তিও হ্ৰাস নহয় ৷

CBDT ৰ অধ্যক্ষ পি চি মোডী আৰু ব'ৰ্ডৰ শীৰ্ষ বিষয়াসকলে কৰ বিষয়াসকলৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হৈ বিভাগটোত কৰ্মৰত জনশক্তিৰ পুনৰ গঠনৰ দিশসমূহ বাখ্যা কৰে ৷

ভাৰতবৰ্ষৰ প্ৰাচীন কৰ প্ৰণালীত এক সাহসিক বিকাশ আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 13 আগষ্টৰ পৰা আয়কৰ ৰিটাৰ্নৰ ফেচলেচ এছেচমেন্ট ৰাষ্ট্ৰব্যাপী মুকলিকৰণৰ ঘোষণা কৰে ৷ চলিত বৰ্ষৰ 25 চেপ্তেম্বৰৰ পৰা ফেচলেচ এছেচমেন্ট প্ৰণয়ন কৰা হ'ব ৷ ফেচলেচ এছেচমেন্ট প্ৰণালীৰ সময়ছোৱাত কম্পিউটাৰৰ জৰিয়তে কৰ বিষয়াসকলক তেওঁলোকৰ কামসমূহ ভগাই দিয়া হ'ব ৷

লগতে পঢ়কঃ গান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

স্থানীয় বিষয়াৰ সলনি অন্য ৰাজ্যৰ কৰ বিষয়াৰ দ্বাৰাও কৰ মূল্যাংকন কৰিব পৰা যাব ৷ যাৰ দ্বাৰা মুখা-মুখি এছেচমেন্ট প্ৰণালীত হ'ব পৰা খেলি-মেলিসমূহ নহয় ৷ আয়কৰৰ ফেচলেচ এছেচমেন্ট চিষ্টেমৰ ফলত টেক্স পেয়াৰ বাৰে-বাৰে বিভাগটোলৈ আহিবলগীয়া নহয় ৷ ডিজিটেল মাধ্যমৰ লাভালাভ উঠাই যিকোনো স্থানৰ পৰা নিজৰ কৰ মূল্যায়ন কৰিব পাৰে ৷ মূল্যায়ন কৰা গৰাকী আৰু কৰোৱা গৰাকী দুয়োৱে ইজনে সিজনৰ বিষয়ে জ্ঞাত নথকাৰ ফলশ্ৰুতিত অনুমোদনৰ কোনো সুবিধা নাথাকে ৷

উল্লেখ্য যে, মুম্বাইৰ কৰ দাতাৰ আয়কৰ ৰিটাৰ্নৰ মূল্যায়ন ছত্তিশগড়, চেন্নাই, গুৱাহাটী বা ৰায়পুৰত কৰা হ'ব বুলি অৱগত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ ৰায়ৰ বিৰুদ্ধে কৰা আৱেদনো সামগ্ৰীকভাৱে এটা কম্পিউটাৰৰ দ্বাৰা কৰা হ'ব ৷ লগতে কৰদাতা আৰু কৰ বিষয়াগৰাকীৰ মাজত কোনো ধৰণৰ বৈঠক হ'ব নোৱাৰাকৈ পঞ্জাৱ অথবা অন্য ৰাজ্যৰ পৰা কৰা হ'ব ৷

লগতে পঢ়কঃ জনীয়াত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহ

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ জৰিয়তে বিভাগটোৰ আভ্যন্তৰীণ ভাগত স্থানান্তৰ আৰু পোষ্টিঙৰ ক্ষেত্ৰত ল'বিও শেষ হ'ব ৷

বৈঠকত CBDT ৰ অধ্যক্ষ পি চি মোডীয়ে কৰ বিষয়াসকলক লক্ষ্যহীন মূল্যায়ন আৰু কৰদাতাসকলৰ চাৰ্টাৰৰ দিশসমূহৰ বাখ্যা কৰি কয় যে, সেৱাৰ গৰিমাক অক্ষুন্ন ৰাখিবলৈ বিভাগটোৰ বিষয়ে থকা নেতিবাচক ধাৰণাসমূহক সলনি কৰাটো আৱশ্যকীয় ৷

CBDT ৰ অধ্যক্ষ পি চি মোডীয়ে বৈঠকত National e-Assessment Centre (NeAC) আৰু Regional e-Assessment Centres (ReACs) ৰ ভূমিকা আৰু সংবিধানৰো বাখ্যা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.