ETV Bharat / bharat

জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী

author img

By

Published : Oct 19, 2020, 10:10 PM IST

17 অক্টোবৰতো অনন্তনাগ জিলাতো এক সংযুক্ত অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ সেই সন্ত্ৰাসবাদীটো নাসিৰ শ্বাকিল সাব শক ভাইৰ ৰূপত চিনাক্ত কৰা হৈছিল ৷ উক্ত সন্ত্ৰাসবাদীটো A শ্ৰেণীৰ সন্ত্ৰাসবাদী আছিল আৰু আইইডি বিশেষজ্ঞ হিচাপে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত হৈ আছিল ৷

Encounter in Melhora shopian
জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 19 অক্টোবৰ : জম্মু-কাশ্মীৰৰ চোপিয়ান জিলাৰ মেলহোৰা অঞ্চলত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ৷ জম্মু-কাশ্মীৰ আৰক্ষী, সেনাৰ 55 ৰাষ্ট্ৰীয় ৰাইফলচ আৰু চিআৰপিএফৰ যুটীয়া অভিযানত সুৰক্ষাকৰ্মীয়ে দুটাকৈ সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰে ৷ এই সংঘৰ্ষত আৰক্ষীৰ এজন লোক আহত হয় ৷ সংঘৰ্ষৰ পাছতে অঞ্চলজুৰি আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ৷

Encounter in Melhora shopian
জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী

উল্লেখ্য যে, 17 অক্টোবৰতো অনন্তনাগ জিলাতো এক সংযুক্ত অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ সেই সন্ত্ৰাসবাদীটো নাসিৰ শ্বাকিল সাব শক ভাইৰ ৰূপত চিনাক্ত কৰা হৈছিল ৷ উক্ত সন্ত্ৰাসবাদীটো A শ্ৰেণীৰ সন্ত্ৰাসবাদী আছিল আৰু আইইডি বিশেষজ্ঞ হিচাপে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত হৈ আছিল ৷

লগতে পঢ়ক: লাডাখত ভাৰতীয় সেনাৰ হাতত আটক চীনা সৈনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.