ETV Bharat / bharat

মৰগীয়া বানছ স্থগিত কৰাক লৈ কেন্দ্ৰক কটাক্ষ মনমোহন সিঙৰ

author img

By

Published : Apr 25, 2020, 2:35 PM IST

কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানছ ২১ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল যদিও পুনৰ ২০২১ বৰ্ষৰ জুলাই মাহলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী,সশস্ত্ৰ সেনা বলৰ কৰ্মী,পেঞ্চনধাৰীৰ মৰগীয়া বানছ আৰু মৰগীয়া সাহাৰ্য কৰ্তন কৰাৰ সিদ্ধান্তৰ পাচতেই কেন্দ্ৰৰ সিদ্ধান্তক কটাক্ষ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ । এই পদক্ষেপ মহামাৰী সময়ত অমানৱীয় বুলি কয় মনমোহন সিঙে ।

Dr Manmohan Singh slams Center's decision to freeze DAs, says not necessary at this stage
Dr Manmohan Singh slams Center's decision to freeze DAs, says not necessary at this stageDr Manmohan Singh slams Center's decision to freeze DAs, says not necessary at this stage

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শনিবাৰে কেন্দ্ৰৰ দ্বাৰা গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু সশস্ত্ৰ সেনা বলৰ কৰ্মী সকলৰ মৰগীয়া বানছ (Dearness Allowance) আৰু মৰগীয়া সাহাৰ্য (Dearness Relief) ২০২১ চনৰ জুলাই মাহলৈ স্থগিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ।

কংগ্ৰেছ দলে শ্বেয়াৰ কৰা এটা ভিডিঅ' ক্লিপত মনমোহন সিঙে উল্লেখ কৰিছে যে,মই বিশ্বাস কৰো যে,চৰকাৰী কৰ্মচাৰী আৰু সশস্ত্ৰ বলৰ লোকসকলৰ ওপৰত এই সময়ত কষ্ট জাপি দিয়াটো আৱশ্য়ক নাছিল ।

বৃহস্পতিবাৰে বিত্তীয় মন্ত্ৰণালয়ে ২০২১ জুলাই মাহলৈ কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখ কৰ্মচাৰীৰ মৰগীয়া বানছ আৰু ৬৫ লাখ পেঞ্চনধাৰীৰ মৰগীয়া সাহাৰ্য স্থগিত কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পাচতেই এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সিদ্ধান্ত "অসংবেদনশীল" আৰু "অমানৱীয়" বুলি উল্লেখ কৰিছিল ।

ৰাহুল গান্ধীয়ে কৈছিল,চৰকাৰে চেণ্টল ভিষ্টা প্ৰকল্প স্থগিত নকৰি,ব্যুলেট ট্ৰেইন প্ৰকল্প স্থগিত নকৰি,চৰকাৰী কৰ্মচাৰীৰ,পেঞ্চনধাৰীৰ বেতনৰ পৰা মৰগীয়া বানছ কৰ্তন কৰি সন্মুখৰ পৰা যুঁজ দিয়া সকলৰ বাবে মানৱীয় কাম কৰা কথা ভাবিছে নেকি । চৰকাৰৰ এনে কাৰ্য "অসংবেদনশীল" আৰু "অমানৱীয়" ।

কংগ্ৰেছৰ অন্যান্য লোকেও কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে । কংগ্ৰেছৰ মুখপাত্ৰ ৰনদ্বীপ সুৰজেৱালাই কৈছে,প্ৰৱাসী শ্ৰমিকলৈ যদি এইখিনি টকা স্থানান্তাৰ হ'ব তেন্তে সমস্যা নাই । কিন্তু সংসদ ভৱন নিৰ্মাণ,মন্ত্ৰীৰ বাসগৃহ নিৰ্মাণ,প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণ ইত্যাদি চৰকাৰী খৰচৰ ওপৰত কোনো ধৰণৰ (শূণ্য) হ্ৰাস কৰা হোৱা নাই । ইয়াৰ দ্বাৰা ২-২.৫ লাখ টকা ৰাহি কৰিব পৰা যাব । কিন্তু তাৰ পিচতো পেঞ্চনধাৰী,কৰ্মচাৰী,সশস্ত্ৰ কৰ্মীসকলক হে সকাহ দিবলৈ অস্বীকাৰ কৰিছে চৰকাৰে ।

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে প্ৰথমে মৰগীয়া বানছ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি পূৰ্বৰ ১৭ শতাংশৰ সলনি ২১ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই বৰ্ধিত ভাট্টাৰ পৰিমাণ এতিয়া স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.