ETV Bharat / bharat

চলন্ত ৰে'লৰ আগত জাপ দি সন্তানৰ সহ আত্মহত্যা মাতৃৰ

author img

By

Published : Jul 2, 2020, 11:58 PM IST

পূৱ দিল্লীৰ মণ্ডাবলী অঞ্চলত এগৰাকী মহিলাই তেওঁৰ দুগৰাকী সন্তানৰ সৈতে ৰে'লৰ আগত জাপ দি আত্মহত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য । উক্ত ঘটনাস্থলীতে মহিলাগৰাকী আৰু কন্যাই মৃত্যুক সাৱটি ল'ব লগা হৈছিল কিন্তু সৌভাৰ্গক্ৰমে এমহীয়া পুত্ৰ সন্তানটি মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে ।

delhi-woman-commits-suicide-with-2-kids-on-rail-tracks-infant-survives
delhi-woman-commits-suicide-with-2-kids-on-rail-tracks-infant-survives

নিউজ ডেস্ক, ২ জুলাই : পূৱ দিল্লীৰ মণ্ডাবলী অঞ্চলত এগৰাকী মহিলাৰ দুগৰাকী সন্তান সহ ৰে'লৰ আগত জাপ দি আত্মহত্যা । বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে এই তথ্য । উক্ত ঘটনাত মহিলাগৰাকী আৰু কন্যা সন্তানটোৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল যদিও সৌভাৰ্গক্ৰমে এবছৰীয়া পুত্ৰ সন্তানটি মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

delhi-woman-commits-suicide-with-2-kids-on-rail-tracks-infant-survives
চলন্ত ৰে'লৰ আগত জাপ দি সন্তানৰ সৈতে মাতৃৰ আত্মহত্যা

ৰে'লৱে বিষয়া হৰেন্দ্ৰ সিংয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে ৪ বজাত ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰে । বৰ্তমানে উক্ত ঘটনাৰ তদন্ত চলাই থকা হৈছে । নিহত মহিলাগৰাকীৰ নাম কিৰণ বুলি চিনাক্ত কৰা হৈছে । মহিলাগৰাকীৰ প্ৰকৃততে বিহাৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ কিৰণে দুগৰাকী সন্তান, স্বামীৰ সৈতে দিল্লীত বসবাস কৰিছিল ।

তথ্য অনুসৰি, মহিলাগৰাকীৰ বিবাহ সম্পৰ্কীয় কথাত স্বামীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল । ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে স্বামীগৰাকীৰ পৰা বিবৃতি গ্ৰহণ কৰিছে । বৰ্তমানেও অব্যাহত আছে উক্ত ঘটনাৰ তদন্ত ।

লগতে পঢ়ক : অৰ্ধসামৰিক বাহিনীত সমলিংগক অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.