ETV Bharat / bharat

দেশক অস্থিৰ কৰিব খোজা এক বৃহৎ ষড়যন্ত্ৰ আছিল দিল্লীৰ সংঘৰ্ষ

author img

By

Published : Oct 7, 2020, 7:55 PM IST

বিশেষ নিৰাপত্তা বাহিনী আৰ এ এফৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ৰ ৷ নিজৰ ভাষণত দিল্লীত সংঘটিত সংঘৰ্ষ নিৰ্মূলৰ বাবে আৰ এ এফে লোৱা ভূমিকাক উচ্চ প্ৰশংসা মন্ত্ৰীগৰাকীৰ ৷

28th anniversary of RAF
28th anniversary of RAF

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ : চলিত বৰ্ষত দিল্লীত সংঘটিত সংঘৰ্ষ আছিল দেশক অস্থিৰ কৰিব খোজা এক ‘বৃহৎ ষড়যন্ত্ৰ’ ৷ কিন্তু ৰেপিড এক্সন ফ’ৰ্চৰ দৰে নিৰাপত্তা বাহিনীয়ে এই নৈৰাজ্য সৃষ্টিকাৰী শক্তিসমূহ দমন কৰাৰ বাবে যি ভূমিকা পালন কৰিলে সেয়া উল্লেখযোগ্য ৷ কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে এই কথা ৷ বুধবাৰে কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী গৰাকীয়ে ‘ৰেপিড এক্সন ফ’ৰ্চ’ৰ 28 তম বৰ্ষপূৰ্তি উপলক্ষে বক্তব্য প্ৰদান কৰে ৷ গুৰগ্ৰামত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ শিৱিৰত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

  • Greetings to RAF personnel & their families on their 28th anniversary.

    RAF has distinguished itself in dealing with the challenges relating to law & order.

    Time and again, their commitment in several humanitarian works & UN peacekeeping missions has made India proud. @crpfindia

    — Amit Shah (@AmitShah) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আৰ এ এফ অৰ্থাৎ ৰেপিড এক্সন ফ’ৰ্চ হৈছে চি আৰ পি এফৰ এন্টি ৰায়ত বাহিনী, ইয়াৰ গঠন হৈছিল 1992 চনত ৷ নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, আৰ এ এফে সংঘৰ্ষ সৃষ্টিকাৰীৰ পৰিকল্পনাক সম্পূৰ্ণ ৰূপে পৰাভূত কৰে ৷ ‘‘আপোনালোক বিভিন্ন ধৰণে আহত আৰু ক্ষতিৰ সন্মুখীন হ’ব লগীয়া হয় সংঘৰ্ষৰ সময়ত ৷ তৎস্বত্বেও সমাজত সমস্যা সৃষ্টি কৰা এই শক্তি সমূহ দমনৰ হেতু আপোনালোকে শক্তি প্ৰয়োগ কৰে ৷’’ মন্ত্ৰী গৰাকী লগতে এইদৰে কয় ৷

28th anniversary of RAF
আৰ এ এফৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয়মন্ত্ৰী নিত্যানন্দ ৰায়

আৰ এ এফক উত্তৰ-পূৱ দিল্লীত সংঘটিত সংঘৰ্ষৰ সময়ত মোতায়েন কৰা হৈছিল ৷ য’ত প্ৰায় 200 লোক আহত হোৱাৰ লগতে নিহত হৈছিল 53 গৰাকী লোক ৷ এই ঘটনা সন্দৰ্ভত দিল্লীৰ পাটিয়ালা হাউচ আদালতত দিল্লী আৰক্ষীয়ে বহুকেইটা গোচৰ দাখিল কৰিছে ৷ দেশৰ বিভিন্ন স্থানত আৰ এ এফৰ 15 টা বেটেলিয়ান আছে, য’ত 15000 নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে ৷ প্ৰতিষ্ঠা দিৱসত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আৰ এ এফক প্ৰশংসা কৰিছে ৷

28th anniversary of RAF
আৰ এ এফৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস

আৰ এ এফক উদ্দেশ্যি অমিত শ্বাহে নিজৰ টুইটাৰযোগে গৃহমন্ত্ৰী শ্বাহে উল্লেখ কৰে যে, ‘‘আৰ এ এফে আইন -শৃংখলা জনিত পৰিস্থিতি প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আহিছে’’ ৷ বিভিন্ন মানৱীয়তাৰ ৰক্ষাৰ কাৰ্যত তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু ইউ এন শান্তিৰক্ষাৰ ক্ষেত্ৰত লোৱা ভূমিকাই ভাৰতক গৌৰৱান্বিত কৰিছে ৷ এই কথা উল্লেখ কৰে নিত্যানন্দ ৰায়ে ৷

28th anniversary of RAF
আৰ এ এফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেড

কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে আৰ এ এফৰ দ্বাৰা প্ৰদৰ্শিত পেৰেডতো অংশ লয় ৷ তেওঁ কয় যে, দেশৰ উন্নয়নৰ ক্ষেত্ৰত আভ্যন্তৰীণ নিৰাপত্তা আৰু শান্তি বজায় ৰখা দুয়োটা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ কাশ্মীৰ অঞ্চলত উগ্ৰপন্থীৰ শীৰ্ষ নেতা-সদস্যক হত্যা কৰা সন্দৰ্ভত চি আৰ পি এফক উচ্চ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, নিৰাপত্তাবাহিনীয়ে পাকিস্তানৰ দ্বাৰা লালিত-পালিত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কাশ্মীৰ উপত্যকাত পৰাভূত কৰাৰ বাবে কাম কৰি আহিছে ৷ এয়া নিৰাপত্তাৰক্ষীৰ দ্বাৰা সাধিত ডাঙৰ কৃতিত্ব বুলি উল্লেখ কৰে মন্ত্ৰীজনে ৷

28th anniversary of RAF
কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়

চি আৰ পি এফৰ মুৰব্বী এ পি মহেশ্বৰীয়ে এ পি এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নিজৰ বক্তব্য ৰাখি কয় যে, নিৰাপত্তী বাহিনী আৰু বিশেষ গোট যেনে এ পি এফে বৰ্তমান ভুৱা আৰু চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা উচতনিমূলক খবৰৰ প্ৰত্যাহ্বান ল’ব লগা হৈছে ৷ পূৰ্বতে মাত্ৰ স্থান অনুযায়ী এই সংঘৰ্ষ সমূহ হৈছিল যদিও বৰ্তমান চাইবাৰ মাধ্যমেৰে ইয়াক পিয়পাই দিয়া দেখা গৈছে ৷ মহেশ্বৰীয়ে আৰু কয় যে, তেওঁৰ দলে এই নতুন প্ৰত্যাহ্বান ল’বলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ আছে ৷

চি আৰ পি এফে ক’ভিড-19ৰ বাবে সমগ্ৰ দেশত কিছুমান সজাগতামূলক প্ৰচাৰ চলাব ৷ তেওঁলোকৰ লক্ষ্য হৈছে 12 কোটি জনতাৰ কাষলৈ যোৱা ৷ ইতিমধ্যে এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ৰ সৈতে এলানি বৈঠক অনুষ্ঠিত হৈ গৈছে ৷ অনাগত 100 দিনত চি আৰ পি এফকে ধৰি বিভিন্ন নিৰাপত্তাৰক্ষীৰ গোটে এই প্ৰচেষ্টা হাতত ল’ব বুলি মহেশ্বৰীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হাথৰছ কাণ্ডৰ ধৰ্ষিতাৰ ন্যায়ৰ দাবীৰে কংগ্ৰেছৰ মৌনতা সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.