ETV Bharat / bharat

দিল্লী সংঘৰ্ষ: অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে টকাৰ যোগান ধৰিছিল তাহিৰ হুছেইনে

author img

By

Published : Jun 10, 2020, 8:04 AM IST

দিল্লী সংঘৰ্ষ
অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে টকাৰ যোগান ধৰিছিল তাহিৰ হুছেইনে

দিল্লী সংঘৰ্ষত অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে টকাৰ যোগান ধৰিছিল তাহিৰ হুছেইনে ৷ এক চাৰ্জশ্বীটত এই কথা প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে ৷

নেশ্যনেল ডেস্ক, 9 জুন : উত্তৰ-পূৱ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জড়িত থকাৰ সন্দেহত নিলম্বিত AAP কাউঞ্চিলৰ তাহিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সোমবাৰে এখন চাৰ্জশ্বীটৰ জৰিয়তে আদালতক দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে যে, জানুৱাৰীত তাহিৰে নতুন অস্ত্ৰ ক্ৰয়ৰ বাবে স্থানীয় লোকক টকাৰ যোগান ধৰিছিল ৷

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল হুছেইনৰ লগতে তেওঁ ভাতৃ শ্বাহ আলম, গুলফাম আৰু তনবীৰৰ বিৰুদ্ধে ৷

চাৰ্জশ্বীটৰ মতে, উদ্ধাৰ কৰা হৈছে গুলফামৰ লাইচেন্স থকা 32 bore pistol, এখন আলোচনী আৰু সাঁতজাই গুলী ৷

জেৰাৰ সময়ত গুলফামেও এই কথা স্বীকাৰ কৰিছিল যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ৷

জানুৱাৰী মাহত তাহিৰ হুছেইনে গুলফামক এক ডাঙৰ সংঘৰ্ষৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি, নতুন অস্ত্ৰ ক্ৰয় কৰিবৰ বাবে তাহিৰে তেওঁক 15,000 টকা দিছিল ৷ ইয়াৰ পাচতে গুলফামে 31 জানুৱাৰীত 100 ৰাউণ্ড গুলী ক্ৰয় কৰিছিল ৷ ইয়াৰোপৰি, পূৰ্বৰ পৰাই তেওঁৰ হাতত 100 ৰাউণ্ড গুলী মজুত আছিল ৷

আৰক্ষীয়ে লগতে কয় যে, গুলফামে দিল্লী সংঘৰ্ষত 200 ৰাউণ্ড গুলীচালনা কৰিছিল যদিও কেৱল সাঁতটাহে সক্ৰিয় গুলী তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছিল ৷

আৰক্ষীয়ে কয়, "বৃহৎ সংঘৰ্ষৰ বাবে প্ৰস্তুতি, বুলেট ক্ৰয় আৰু তাহিৰ হুছেইনৰ ঘৰৰ পৰা গুলীচালনা আদিয়ে প্ৰমাণ কৰে যে এই সংঘৰ্ষৰ বাবে তেওঁ ষড়যন্ত্ৰ কৰিছিল ৷"

চাৰ্জশ্বীটখনে লগতে কয় যে, পৰৱৰ্তী তদন্তই এই ঘটনাৰ সৈতে জড়িত অন্য দোষীসকলক চিনাক্ত কৰাত সহায় কৰিব ৷ IB বিষয়া অংকিত শৰ্মাক এই সংঘৰ্ষতে হত্যা কৰাৰ অভিযোগৰ লগতে আৰু আন এক গোচৰতো হুছেইনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে ৷

লগতে পঢ়ক : ডায়েবেটিছ আক্ৰান্ত COVID-19 ৰোগীৰ 20 শতাংশই ভৰ্তি হয় ICUত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.