ETV Bharat / bharat

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে অযোধ্যাত দীপোৎসৱ

author img

By

Published : Jul 29, 2020, 3:34 PM IST

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ অনুৰোধৰ পৰিপেক্ষিতত এতিয়া অযোধ্যাৰ সমগ্ৰ চহৰখনৰ সকলো মঠ-মন্দিৰত বন্তি প্ৰজ্বলনেৰে দশোদিশ উজ্বলাই তোলাৰ বাবে চলিছে প্ৰস্তুতি ।

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে অযোধ্যাত দীপোৎসৱ

নিউজ ডেস্ক,২৯ জুলাই: ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ অনুৰোধৰ পৰিপেক্ষিতত এতিয়া অযোধ্যাৰ সমগ্ৰ চহৰখনৰ সকলো মঠ মন্দিৰত বন্তি প্ৰজ্বলনেৰে দশোদিশ উজ্বলাই তোলাৰ বাবে চলিছে প্ৰস্তুতি ।

যোৱা ২৫ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়ে অযোধ্যা ভ্ৰমণ কৰি লক্ষ্মণ,ভৰত আৰু শত্ৰুঘ্নৰ মূৰ্তি সমূহ ৰাম জন্মভূমিৰ নতুনকৈ নিৰ্মাণ কৰা স্থানৰ আসনত স্থাপন কৰে ।

একেটা দিনতে ৰাম মন্দিৰৰ বাবে খোদোৱা পাথৰ সমূহ পৰিদৰ্শন কৰি আদিত্যনাথে ৰাম মন্দিৰ ট্ৰাষ্টৰ পুৰুহিত আৰু কৰসেৱকপুৰম স্থিত বিশ্ব হিন্দু পৰিষদৰ মুখ্য কাৰ্যালয়ত সদস্যসকলৰ লগত দুখনকৈ বৈঠকতো মিলিত হয় ।

এক প্ৰতিবেদনৰ পৰা জানিব পৰা মতে,মুখ্যমন্ত্ৰী আদিত্যনাথে আলোচনাত অংশ লোৱা সমূহ পুৰুহিত, সদস্যক জনালে,যিহেতু সুদীৰ্ঘ ৫০০বছৰৰ অপেক্ষাৰ অন্তত এই শুভ মুহুৰ্তটো আহিছে;তেনেক্ষেত্ৰত এই মুহুৰ্ত নিশ্চয়কৈয়ে দিপাৱলীৰ দৰে উদযাপন কৰা উচিত ।

মুখ্যমন্ত্ৰীৰ এই আবেদনৰ পিছতে হিন্দু আধ্যাত্মিক তথা ধৰ্মীয় নেতাসকলে সিদ্ধান্ত লৈছিল ভূমি পূজাৰ এদিন পূৰ্বৰে পৰা সমগ্ৰ অযোধ্যা চহৰখনত থকা সকলো মঠ মন্দিৰ চৌহদত বন্তি প্ৰজ্বলনেৰে ৪ আৰু ৫ আগষ্টত দশোদিশ উজ্বলাই তোলা হ'ব ।

এক সূত্ৰৰ পৰা জানিব পৰা মতে,ৰাম মন্দিৰৰ ভূমি পূজনৰ মূল কাৰ্যসূচীৰ দুদিন পূৰ্বৰে পৰা অৰ্থাৎ ৩ আগষ্টৰ পৰাই অন্যান্য কাৰ্যসূচীৰে ধৰ্মীয় অনুস্থান অনুস্থিত হ'ব । ইয়াৰোপৰি বিভিন্ন অনুস্থানৰ সমান্তৰালকৈ অযোধ্যা চহৰখনত ৰামায়ণৰ পাঠো চলি থাকিব ।

ভূমি পূজনৰ এই বিশেষ কাৰ্যসূচীৰ প্ৰতি লক্ষ ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ আৰু অভাৰ ব্ৰিজ সমূহত থকা খুটাসমূহত চিত্ৰ অংকণ তথা বিভিন্ন শিল্পৰে আতক ধুনীয়াকৈ সজাই তোলা হৈছে । তাৰোপৰি পথৰ বিভিন্ন স্থানত আদৰণি তোৰণ নিৰ্মাণ কৰা দেখা গৈছে ।

শ্ৰীমণি ৰামদাস চাভনিৰ উত্তৰাধিকাৰী আৰু শ্ৰীৰাম জন্মভূমিৰ জ্যেষ্ঠ সদস্য ন্যাসৰ কমল নয়ন দাসে অৱগত কৰিলে যে এইয়া মহাভূমি পূজনৰ প্ৰস্তুতি । এই মহাভূমি পূজনৰ কাৰ্যসূচী অযোধ্যাত তিনি দিনলৈ চলি থাকিব ।

সৰ্বত্ৰে হৈ থকা মহামাৰী ক'ৰণাৰ সন্ত্ৰাসৰ বাবে সকলোকে নিজৰ নিজৰ বাসগৃহত থাকিয়েই এই অনুস্থানটো উদযাপন কৰিবলৈ ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে সকলোলৈকে জনাইছে আহ্বান । ভূমি পূজনৰ সমগ্ৰ অনুস্থানটোৰ সম্পূৰ্ণ লাইভ সম্প্ৰচাৰ নিশ্চিত কৰিবৰ বাবে ট্ৰাষ্টে চলাইছে আলোচনা । এই অনুস্থানৰ পোনপটিয়া সম্প্ৰচাৰ কৰি দেখাবৰ বাবে ইতিমধ্যে চহৰখনৰ বিভিন্ন স্থানত এল ই ডি স্ক্ৰিন স্থাপনৰো ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ আগষ্টত অযোধ্যাৰ শ্ৰীৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ ভেটি স্থাপন কৰিব । মোদীৰ দ্বাৰা ভেটি স্থাপনৰ পিছতেই নিৰ্মাণ আৰম্ভ হ'ব মন্দিৰৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.