ETV Bharat / bharat

দিপাৱলী : 5.5 লাখ চাকিৰ পোহৰেৰে উদ্ভাসিত হ'ব অযোধ্যা

author img

By

Published : Oct 30, 2020, 10:29 PM IST

দিপাৱলী : 5.5 লাখ চাকিৰ পোহৰেৰে উদ্ভাসিত হ'ব অযোধ্যা
দিপাৱলী : 5.5 লাখ চাকিৰ পোহৰেৰে উদ্ভাসিত হ'ব অযোধ্যা

5.5 লাখ চাকি জ্বলাই অযোধ্যাত উদযাপন হ'ব পোহৰৰ উৎসৱ দিপাৱলী ৷ ক'ভিড-19 ৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰ হ'ব ঝাকি সমদল ৷ এইবছৰ দিপাৱলীত এক মহা আয়োজনৰ বাবে সংস্কৃতি বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী যোগীৰ ৷

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: তিনিদিনীয়া মহা আয়োজনেৰে 11 নৱেম্বৰৰ পৰা অযোধ্যাত আৰম্ভ হ'ব পোহৰৰ উৎসৱ দিপাৱলী ৷ ক'ভিড-19 ৰ নিৰ্দেশনা সমূহ মানি চলি অযোধ্যাক 5.5 লাখ চাকিৰে উজ্বলাই তোলাৰ লগতে ৰামায়ণৰ এপৰত ভিত্তি কৰি 11 টা ঝাকি প্ৰদৰ্শিত হ'ব ৷

অৱশ্যে ক'ভিড-19 ৰ নিৰ্দেশনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি অংশগ্ৰহন কৰিব লগা লোকৰ সংখ্য সীমিত কৰি ৰখা হৈছে ৷ দিপাৱলীৰ মহা আয়োজনৰ বাবে ইতিমধ্যে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে আৰু সকলো অনুষ্ঠান লাইভযোগে সম্প্ৰচাৰ কৰা হ'ব ৷ সকলোৱে যাতে এই উৎসৱৰ আয়োজনত অংশ ল'ব পাৰে সেই উদ্দেশ্যে এল ই ডি ডিচপ্লে বোৰ্ড আৰু ভান স্থাপন কৰা হ'ব ৷

2017 চনত উৎসৱৰ আৰম্ভ হৈছিল ৷ উক্ত উৎসৱত স্বেচ্ছাসেৱক, ভক্ত তথা নিৱাসী সকলে মিলি 1.50 লাখ মাটিৰ চাকি জ্বলাইছিল ৷ এই সমগ্ৰ আয়োজন সম্পৰ্কে বাখ্যা কৰি জিলা অধিকাৰী অনুজ কুমাৰ ঝা এ কয় যে চৰকাৰী বিষয়াৰ এটা দলে এই অনুষ্ঠান আয়োজন কৰিব লগা ঠাইখন পৰিদৰ্শন কৰিছে ৷ আমাৰ দলে সৰযু নদীৰ তীৰ পৰিদৰ্শন কৰাৰ লগতে ৰাম কি পেইদি আৰু ৰাম কথা উদ্যানত চলি থকা কামসমূহো পৰিদৰ্শন কৰে ৷ তেওঁ লগতে কয় যে তৰিৎ গতিৰে সকলো কাম সম্পূৰ্ণ কৰিবৰ বাবে শ্ৰমিক সকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

সীমিতসংখ্যক ৰাইজেহে যাতে এই অনুষ্ঠানত অংশগ্ৰহন কৰিব পাৰে সেই উদ্দেশ্যে বিষয়াসকলে অনলাইন অনুষ্ঠানৰ সকলো আয়োজনৰ কাম কৰি আছে ৷ তথ্য, পৰ্যটক আৰু সাংস্কৃতিক বিভাগক অযোধ্যাক বৈদ্যুতিক মাধ্যমেৰে সজাই তোলাৰ লগতে দূৰদৰ্শনত সম্প্ৰচাৰৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে ৷

অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ কাম আৰম্ভ হোৱাৰ পাছত যিহেতু এইয়ে প্ৰথম দিপাৱলী হ'ব সেয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্বতকৈও অধিক ধুমধামেৰে সমগ্ৰ উদযাপনৰ আয়োজন হোৱাটো বিচাৰিছে ৷ মুখ্যামন্ত্ৰী গৰাকীয়েও মন্দিৰৰ প্ৰাংগনত চাকি জ্বলাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: 30 টা হাই মাষ্ট লাইটেৰে মুখ্যমন্ত্ৰীয়ে আলোকিত কৰিলে ডিব্ৰুগড় চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.