ETV Bharat / bharat

কোভিড আক্ৰান্ত 78 বছৰীয়া বৃদ্ধৰ আত্মহত্যা

author img

By

Published : Jul 8, 2020, 4:49 PM IST

COVID আক্ৰান্ত 78 বছৰীয়া বৃদ্ধৰ আত্মহত্যা
COVID আক্ৰান্ত 78 বছৰীয়া বৃদ্ধৰ আত্মহত্যা

ৰাজস্থানৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা । চিকিৎসালয় খনৰ দ্বিতীয় মহলাৰ পৰা জাঁপ দি আত্মহত্যা কৰে বৃদ্ধ লোক জনে ।

নিউজ ডেস্ক, 8 জুলাইঃ বুধবাৰে ৰাজস্থানত এগৰাকী বয়সষ্ঠ কোভিড আক্ৰান্ত ৰোগীয়ে আত্মহত্যা কৰে । ৰাজস্থান চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ত সংঘটিত হয় এই ঘটনা । চিকিৎসালয় খনৰ দ্বিতীয় মহলাৰ পৰা বুধবাৰে পুৱা প্ৰায় 10.30 বজাত জঁপিয়াই আত্মহত্যা কৰে লোকজনে ।

78 বছৰীয়া লোক জন জয়পুৰৰ বাসিন্দা আছিল । তেওঁৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পৰা মঙলবাৰে লোক জনক ভৰ্তি কৰোৱা হৈছিল ICUত । ICU ত থকা অৱস্থাতেই খিৰিকিৰ নেট ফালি জঁপিয়াই আত্মহত্যা কৰে লোকজনে ।

স্বাস্থ্য বিষয়াই অৱগত কৰা অনুসৰি তেওঁৰ উচ্চ ৰক্তচাপ জনিত ৰোগ থকাৰ লগতে উশাহ লোৱাতো অসুবিধা অনুভৱ কৰি আছিল ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আনহাতে লোকজনৰ পৰিয়ালৰ লোকক খবৰ দিয়াত তেওঁলোকো তাত উপস্থিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.