ETV Bharat / bharat

COVID-19: সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত নহয় সৰ্বদলীয় বৈঠক

author img

By

Published : Sep 13, 2020, 2:28 PM IST

14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালিন অধিৱেশন ৷ অধিৱেশনৰ পূৰ্বে COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷

সংসদৰ বৰ্ষাকালিন অধিৱেশন
সংসদৰ বৰ্ষাকালিন অধিৱেশন

নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ: সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে জনায় যে, COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে এইবেলি সংসদৰ বৰ্ষাকালিন অধেৱেশনৰ পূৰ্বে অনুষ্ঠিত নহয় সৰ্বদলীয় বৈঠক ৷

সাধাৰণতে ভিন্ন বিষয়ক আলোচনা আৰু লক্ষ্য নিৰ্ধাৰণৰ বাবে সংসদীয় অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হয় ৷

অৱশ্যে ৰাজ্যসভাৰ ব্যৱসায়িক উপদেষ্টা কমিটিৰ এখন বৈঠক দেওবাৰে সংসদত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালিন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ'ব আৰু অক্টোবৰৰ 1 তাৰিখে সমাপ্ত হোৱাৰ কথা আছে ৷ অধিৱেশনত নাথাকিব কোনো ধৰণৰ প্ৰশ্নকাল ৷

অধিৱেশনৰ পূৰ্বে সকলো কৰ্মকৰ্তাৰ লগতে, বিষয়া সকলে RT-PCR COVID-19 পৰীক্ষা কৰিব লাগিব ৷ COVID-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি National Informatics Centre এ ডিজাইন কৰা এটা মোবাইল এপৰ মাধ্যমেৰে সাংসদ সকলৰ উপস্থিতি ৰেকৰ্ড কৰা হ'ব ৷

লগতে পঢ়ক: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন অনুপস্থিত থাকিব ছোনিয়া, ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.