ETV Bharat / bharat

কৰ'ণা ভাইৰাছ অধ্যাদেশ : স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে জৰিমনা আৰু কাৰাদণ্ড

author img

By

Published : Apr 22, 2020, 8:28 PM IST

স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে জৰিমনা আৰু কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব ৷ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ঘোষণা কৰে এই কথা ৷

স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে জৰিমনা আৰু কাৰাদণ্ড
কৰ'ণা ভাইৰাছ অধ্যাদেশ

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়তে দেশৰ বিভিন্ন অঞ্চলত স্বাস্থ্য়কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাধাৰণ ৰাইজে ৷ চিকিৎসক,নাৰ্ছ আৰু মেডিকেল ষ্টাফৰ প্ৰাণৰ সংশয় নামি অহাৰ সময়তে কেন্দ্ৰীয় কেবিনেটে জাৰি কৰিছে এক অধ্যাদেশ ৷ এই অনুসৰি,স্বাস্থ্যকৰ্মীসকলক আক্ৰমণ কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে 5 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাৰেকাৰে কয়,"কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সিদ্ধান্ত লয় যে,1897 চনৰ মহামাৰী ৰোগ আইনৰ সংশোধন কৰি এক অধ্যাদেশ জাৰি কৰা হৈছে ৷"

চিকিৎসক,নাৰ্ছৰ পৰা আৰম্ভ কৰি আশা কৰ্মীলৈকে সকলোকে আক্ৰমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ লগতে কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব অপৰাধী ৷ ইয়াৰোপৰি,অপৰাধীয়ে ক্ষয়-ক্ষতি কৰা সম্পত্তিৰ বাবদ ক্ষতিপূৰণো প্ৰদান কৰিব লাগিব ৷

মন্ত্ৰীগৰাকীয়ে কয়,"এই আইনৰ অধীনত 30 দিনৰ ভিতৰত আৰক্ষী অধীক্ষক পৰ্যায়ত সকলো তদন্ত সম্পূৰ্ণ কৰাৰ লগতে এবছৰৰ ভিতৰত সকলো শাস্তি প্ৰদান কৰা হ'ব ৷" এই আইনৰ অধীনত 3 মাহৰ পৰা 6 বছৰলৈ আৰু গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত 6 মাহৰ পৰা 7 বছৰলৈ কাৰাদণ্ড ভুগিব লাগিব ৷ ইয়াৰোপৰি, এই অপৰাধীসকলে জৰিমনাও প্ৰদান কৰিব লাগিব ৷ সৰু অপৰাধৰ বাবে 50,000 ৰ পৰা 2 লাখলৈ আৰু গুৰুতৰ অপৰাধৰ বাবে 1 লাখৰ পৰা 5 লাখলৈ জৰিমনা ভৰিব লাগিব ৷ ইয়াৰোপৰি, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সম্পত্তি ধংস কৰিলেও ইয়াৰ ক্ষতিপূৰণ ভৰিব লাগিব অপৰাধীয়ে ৷

প্ৰকাশ জাভাৰেকাৰে কয়, "বজাৰ মূল্যতকৈ দুগুণ ক্ষতিপূৰণ অপৰাধীয়ে ভৰিব লাগিব ৷ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব ৷ কৰ'ণা ভাইৰাছ এক গুৰুত্বপূৰ্ণ ভাবুকি ৷ সেয়েহে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে কোনো অসুবিধাৰ সন্মুখীন নহ'বৰ বাবে এই ব্য়ৱস্থা গুৰুত্বপূৰ্ণ ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.