ETV Bharat / bharat

দক্ষিণ চীন সাগৰত আমেৰিকাই‌ সামৰিক অভ্যাস চলোৱাৰ অভিযোগ চীনৰ

author img

By

Published : Jul 7, 2020, 12:40 AM IST

চীনে সোমবাৰে দক্ষিণ চীন সাগৰত আমেৰিকাৰ দুখনকৈ বিমান বাহকে সংযুক্ত যুদ্ধাভ্যাস কৰি নিজৰ স্থিতি মজবুত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যে, চীনে দক্ষিণ চীন সাগৰৰ সমস্ত অঞ্চল দাবী কৰে । যাৰ জৰিয়তে চীনে প্ৰতি বছৰে সমুদ্ৰ অঞ্চলৰে ৫ ট্ৰিলিয়ন ডলাৰৰ সামগ্ৰী সৰবৰাহ কৰে ।

china-condemns-us-joint-carrier-drills-in-south-china-sea
china-condemns-us-joint-carrier-drills-in-south-china-sea

নিউজ ডেস্ক, ৬ জুলাই : চীনে সোমবাৰে দক্ষিণ চীন সাগৰত আমেৰিকাৰ দুখনকৈ বিমান বাহকে সংযুক্ত যুদ্ধাভ্যাস কৰি নিজৰ স্থিতি মজবুত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ।

চীনৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰৱক্তা জাও লিজিয়নে এই সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে, এই যুদ্ধাভ্যাস সম্পূৰ্ণ ভাৱে অন্য উদ্দেশ্যৰে কৰা হৈছে আৰু উক্ত অঞ্চলত স্থিৰতা কম কৰা হৈছে ।

জাওৱে এক ব্ৰিফিং যোগে এক অভিযোগ উত্থাপন কৰি কয় যে, এনে পৃষ্ঠভূমিত আমেৰিকাই ইচ্ছাকৃতভাৱে দক্ষিণ চীন সাগৰত বৃহৎ আকাৰত সৈন্য অভ্যাস চলাই আছে ।

উল্লেখযোগ্য যে, চীনে দক্ষিণ চীন সাগৰৰ সমস্ত অঞ্চল দাবী কৰে । যাৰ জৰিয়তে চীনে প্ৰতি বছৰে সমুদ্ৰ অঞ্চলৰে ৫ ট্ৰিলিয়ন ডলাৰৰ সামগ্ৰী সৰবৰাহ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.