ETV Bharat / bharat

কোৱাৰেণ্টাইনত থকা লোকৰ বায়মেডিকেল আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিশেষ দিশ নিৰ্দেশনা

author img

By

Published : May 1, 2020, 4:54 PM IST

ভাৰতত বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা । ইয়াৰ লগতে বৃদ্ধি পাইছে হ'ম কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যাও । কেন্দ্ৰৰ ফালৰ পৰা এই লোক সকলৰ বায়মেডিকেল আৱৰ্জনা নিষ্কাষণ সম্পৰ্কীয় দিশ নিৰ্দেশনা প্ৰেৰণ কৰিছে চহৰীয় স্থানীয় পৰিষদ সমূহলৈ ।

কোৱাৰাণ্টাইনত থকা লোকৰ বায়মেডিকেল আৱৰ্জনা নিষ্কাশন ক্ষেত্ৰত কেন্দ্ৰৰ দিশ নিৰ্দেশনা জাৰি
কোৱাৰাণ্টাইনত থকা লোকৰ বায়মেডিকেল আৱৰ্জনা নিষ্কাশন ক্ষেত্ৰত কেন্দ্ৰৰ দিশ নিৰ্দেশনা জাৰি

নিউজ ডেস্কঃ কেন্দ্ৰীয় আৱাস আৰু চহৰ পৰিক্ৰমা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে এক দিশ নিৰ্দেশনা জাৰি কৰে । চহৰ অঞ্চলত হ'ম কোৱাৰেণ্টাইনত থকা লোক সকলৰ বায়মেডিকেল আৱৰ্জনা কেনেদৰে সংগ্ৰহ আৰু নিষ্কাষণ কৰিব সেই সম্পৰ্কে প্ৰকাশ কৰে এই দিশ নিৰ্দেশনাত । কেন্দ্ৰই বায়মেডিকেল আৱৰ্জনা নিষ্কাষণ সম্পৰ্কীয় এই দিশ নিৰ্দেশনা প্ৰেৰণ কৰিছে চহৰীয় স্থানীয় পৰিষদ (ULBs) সমূহলৈ ।

বায়মেডিকেল আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । আৱৰ্জনাৰ পেকেটসমূহ ভালদৰে ছেনিটাইজ কৰিব লাগিব । তাৰ পাচত তাক আনি জ্বলাই দিব লাগিব ।

এই দিক নিৰ্দেশনাটোৰ জৰিয়তে ULBs সমূহক নিষ্কাশনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈয়ো পৰামৰ্শ দিছে ।

মন্ত্ৰণালয়ে অৱগত কৰা অনুসৰি চহৰ অঞ্চলৰ 1,00,000 লাখ দুখীয়া গৃহহীন লোকক দিনত তিনিবাৰৰ খাদ্য দিছে আৰু দেশৰ বিভিন্ন স্থানত বাস কৰা অভিবাসি শ্ৰমিক, যি সকলৰ লক ডাউনৰ বাবে থাকিবলৈ ঠাই নোহোৱা হৈছে, তেনে 1422 জন লোকক প্ৰতিদিন হিচাপত থকাৰ ব্যৱস্থা কৰি দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.