ETV Bharat / bharat

আলীগড়ত বাছ দুৰ্ঘটনা: থিতাতে নিহত 3 জন

author img

By

Published : Oct 10, 2020, 6:12 PM IST

শনিবাৰে উত্তৰ প্ৰদেশৰ আলীগড় জিলাৰ টপ্পল অঞ্চলত বাছ দুৰ্ঘটনা ৷ কানপুৰৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাতে হোৱা বাছ দুৰ্ঘটনাত তিনি গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 25 গৰাকী ৷

Bus carrying 45 passengers overturns in Aligarh
আলীগড়ত বাছ দুৰ্ঘটনা

নিউজ ডেস্ক,10 অক্টোবৰ: উত্তৰ প্ৰদেশৰ আলীগড় জিলাৰ টপ্পল অঞ্চলত শনিবাৰে এখন বাছ বাগৰি পৰাত তিনি গৰাকী লোক নিহত হোৱাৰ লগতে 25 গৰাকী গুৰুতৰভাৱে আহত হয় ৷ জিলা আৰক্ষীয়ে এই কথা উল্লেখ কৰে ৷

45 গৰাকী যাত্ৰীৰ সৈতে কানপুৰৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন ৷ জানিব পৰা মতে,বাছ চালকজনে টোপনিত নিয়ন্ত্ৰণ হেৰুৱাই এটি গাৰ্ড ৰে’লত খুন্দিয়াই দিয়ে,যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে ৷

দুৰ্ঘটনাৰ বাতৰি পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু যাত্ৰীসকলৰ উদ্ধাৰৰ কাম আৰম্ভ কৰে ৷ আহতসকলক প্ৰথম অৱস্থাত স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পাচত উন্নত চিকিৎসাৰ বাবে নয়ডাস্থিত কৈলাশ হাস্পতাললৈ স্থানান্তৰিত কৰা হয় ৷ আনহাতে,মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আলীগড়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি মৃতকসকলক চিনাক্তকৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.