ETV Bharat / bharat

বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?

author img

By

Published : Oct 10, 2020, 5:09 PM IST

তীব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই শনিবাৰে ক‘ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া 'কৰ‘ণা যোদ্ধা' সকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু কয় যে,ভৱিষ্যতে এনেদৰেই অন্য মহামাৰীকো প্ৰতিহত কৰাৰ বাবে পদক্ষেপ লোৱা উচিত ।

Steps should be taken to avert another pandemic: Dalai Lama
বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?

নিউজ ডেস্ক, ১০ অক্টোবৰঃ তীব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই শনিবাৰে ক‘ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া 'কৰ‘ণা যোদ্ধা' সকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু কয় যে, ভৱিষ্যতে এনেদৰেই অন্য মহামাৰীকো প্ৰতিহত কৰাৰ বাবে পদক্ষেপ লোৱা উচিত ।

দালাই লামাই কয় যে, "এই কেইদিন আমি কৰ‘ণা ভাইৰাছ মহামাৰীৰ সন্মুখীন হৈছো,যিটো অতি দুখজনক। আমাৰ কামৰ বাবে ইতিমধ্যে যি হৈছে সেয়া অতীতৰ কামৰ ফল আৰু ইয়াক সলনি কৰিব নোৱাৰি। বিশ্ব মানসিক স্বাস্থ্য দিৱসত তেখেতে কয় যে,ভৱিষ্যতে এনে এক প্ৰকোপৰ প্ৰতিৰক্ষাৰ বাবে আমি পদক্ষেপ লোৱা উচিত," ৷ তেওঁ স্বাস্থ্য যত্ন খণ্ডত কাম কৰা লোকসকলে দেখুওৱা প্ৰচেষ্টা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।

তদুপৰি তেখেতে কয় যে," সদায় ৰাতিপুৱা,মই মন্ত্ৰ পাঠ কৰো আৰু প্ৰাৰ্থনা কৰো য়াতে এই মহামাৰীটো যিমান সম্ভৱ সোনকালে শেষ হওক।"

লগতে পঢ়ক : আইপিএল 2020 : টছত জয়ী হৈ পাঞ্জাৱৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত কলকাতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.