ETV Bharat / bharat

কোভিড-১৯ত আক্ৰান্ত দিল্লীৰ বিজেপি বিধায়ক মোহন সিং বিষ্ট

author img

By

Published : Jun 24, 2020, 6:16 PM IST

বৰ্তমানলৈকে ৰাজধানী দিল্লীত ৬৬ হাজাৰৰো অধিক লোক কোভিড-১৯ আক্ৰান্ত হৈছে । ইয়াৰে ২৪,৯৮৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৬৯,৬৩১ গৰাকীয়ে ।

bjp mla mohan singh bisht
bjp mla mohan singh bisht found corona positive in delhi

নিউজ ডেস্ক, ২৪ জুনঃ কোভিড-১৯ত আক্ৰান্ত হৈছে ৰাজধানী দিল্লীৰ বিজেপি বিধায়ক মোহন সিং বিষ্ট । বুধবাৰে বিধায়কগৰাকীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি । কোভিড-১৯ পজিটিভ পোৱাৰ পাছতে পৰিয়ালৰ লোকে বিধায়কগৰাকীক দিল্লীস্থিত এইমছ (All India Institute of Medical Sciences)ত ভৰ্তি কৰায় ।

উল্লেখ্য যে, ৭০ খন আসন থকা দিল্লী বিধানসভাত মুঠ ৮ গৰাকী বিজেপি বিধায়ক আছে । ইতিমধ্যে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন আৰু আন কেইবাগৰাকী আপ দলৰ বিধায়কৰ দেহত লাভ কৰা গৈছে কোভিড-১৯ৰ উপস্থিতি । দিল্লীৰ কৰ'লবাগৰ আম আদমী দলৰ বিধায়ক বিশেষ ৰবি প্ৰথমে কোভিড-১৯ আক্ৰান্ত হৈছিল।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে ৰাজধানী দিল্লীত ৬৬ হাজাৰৰো অধিক লোক কোভিড-১৯ আক্ৰান্ত হৈছে । ইয়াৰে ২৪,৯৮৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৬৯,৬৩১ গৰাকীয়ে । আনহাতে, এই মহামাৰীৰ ফলত ৰাজধানী চহৰখনত ২,৩০১ গৰাকী লোক মৃত্যুমুখত পৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.