ETV Bharat / bharat

হয়তো বাইডেন-হেৰিছৰ জয়ে আমেৰিকাক পেৰিচ জলবায়ু চুক্তিৰ মজিয়ালৈ পুনৰাই লৈ যাব পাৰে : বিশেষজ্ঞ

author img

By

Published : Aug 16, 2020, 11:44 AM IST

Experts
Biden-Harris victory may lead US back to Paris climate pact

বিশেষজ্ঞই কৈছে যে যদিহে জ’ বাইডেন আৰু কমলা হেৰিছৰ যুটিয়ে এই বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত বিজয়ী হয়, তেনেহ’লে বিশ্বই তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাম প্ৰত্যাহাৰ কৰা ২০১৫ চনৰ পেৰিচ জলবায়ু চুক্তিত ৱাশ্বিংটনে পুনৰ প্ৰৱেশ কৰাটো প্ৰত্যক্ষ কৰিবলৈ পাব ৷

নতুন দিল্লী : বিশেষজ্ঞই কৈছে যে যদিহে জ’ বাইডেন আৰু কমলা হেৰিছৰ যুটিয়ে এই বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত বিজয়ী হয়, তেনেহ’লে বিশ্বই তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাম প্ৰত্যাহাৰ কৰা ২০১৫ চনৰ পেৰিচ জলবায়ু চুক্তিত ৱাশ্বিংটনে পুনৰ প্ৰৱেশ কৰাটো প্ৰত্যক্ষ কৰিবলৈ পাব ৷

দুয়ো, বাইডেন আৰু হেৰিছ জলবায়ু আৰু পৰিৱেশ সম্পৰ্কীয় ন্যায়িক ব্যৱস্থাৰ শক্তিশালী সমৰ্থক আৰু জলবায়ু চুক্তিখনত পুনৰ অন্তৰ্ভুক্ত হ’ব পাৰে ৷ উল্লেখ্য যে, এই চুক্তিৰ বাবে ভাৰতে এক মুখ্য ভূমিকা পালন কৰিছিল ৷

বৰ্তমান কেলিফৰ্ণিয়াৰ ইউ এছ ছিনেটৰ কমলা হেৰিছ, যাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বাইডেনে সহযোগী হিচাপে বাচি লৈছে, তেওঁ নিউয়ৰ্কৰ ইউ এছৰ প্ৰতিনিধি আলেকজেণ্ড্ৰিয়া অকাচিঅ’ কৰ্টেজৰ সৈতে লগ হৈ এই মাহৰ আৰম্ভণিতে ‘দ্য ক্লাইমে’ট ইকুইটি এক্ট’ (চি ই এ) খনৰ প্ৰৱৰ্তন কৰে ৷

চি ই এ খছৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে “যেতিয়াই যুক্তৰাষ্ট্ৰৰ চৰকাৰে কোনো পৰিৱেশ তন্ত্ৰ অথবা জলবায়ু সম্বন্ধীয় কোনো নীতি আইন অথবা নিয়ম প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়ে তেতিয়াই আমি সেই চৰকাৰক জৱাবদিহি কৰিব লাগিব যাতে সমাজৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহক সেই প্ৰক্ৰিয়াৰ কেন্দ্ৰীয় ভূমিকাত ৰখা হয় ৷ যি নে কি এক বহল পৰিসৰত জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সম্বন্ধীয় সমস্যাসমূহৰ লগতে যাতায়ত, গৃহ নিৰ্মাণ, আন্তঃগাঠনি, সংস্থাপন, কৰ্মবল উত্তৰণ ইত্যাদিকো সামৰি লয় ৷”

এইয়া হ’ল যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০১৭ চনত ২০১৫ চনৰ পেৰিচ জলবায়ু চুক্তিৰ পৰা আঁতৰি অহাৰ সময়ত লোৱা সিদ্ধান্তৰ সম্পূৰ্ণ বিপৰীত স্থিতি৷ য’ত ট্ৰাম্পে চুক্তিখনত “ইউনাইটেড ষ্টে’টছ তথা ইয়াৰ ব্যৱসায়, ইয়াৰ শ্ৰমিকসকল, ইয়াৰ নাগৰিক, ইয়াৰ কৰদাতাসকলৰ প্ৰতি নমনীয় পন্থা অৱলম্বনৰ চৰ্ত” নাইবা একেবাৰে নতুন চুক্তি এখন স্বাক্ষৰিত কৰাৰ চৰ্তত পুনৰ প্ৰৱেশৰ বাবে আলোচনা কৰিছিল ৷ নাম প্ৰত্যাহাৰ কৰাৰ সময়ত ট্ৰাম্পে কৈছিল যে পেৰিচ চুক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে আওকান কৰিছে আৰু এই চুক্তিয়ে তেওঁৰ দেশক এক ‘স্থায়ী অসুবিধাজনক অৱস্থালৈ থেলি দিব ৷ তেওঁ আৰু কয় যে এই প্ৰত্যাহাৰৰ সিদ্ধান্ত তেওঁৰ “আমেৰিকা ফাৰ্ষ্ট পলিচি” অনুযায়ীহে লোৱা হৈছিল ৷

২০১৫ চনত “কনফাৰেঞ্চ অৱ পাৰ্টিজ” (চি অ’ পি) ৰ পাচত স্বাক্ষৰিত পেৰিচ জলবায়ু চুক্তিৰ অধীনত ২০২০ চনৰ পৰা উন্নত দেশসমূহে বাৰ্ষিকভাৱে নূন্যতম ১০০ বিলিয়ন ডলাৰ উন্নয়নশীল দেশসমূহক, তেওঁলোকৰ জলবায়ুৰ প্ৰতি থকা দায়বদ্ধতাবোৰ পালন কৰিবলৈ বা তেওঁলোকে “ইউনাইটেড নেশ্বনছ ফ্ৰে’মৱৰ্ক কনভেনচন অন ক্লাইমে’ট চেইঞ্জ” (ইউ এন এফ চি চি চি)ত প্ৰদান কৰা “নেশ্বনেল ডিটাৰমাইণ্ড কন্ট্ৰিবিউচনছ”ৰ (এন ডি চিজ) দ্বাৰা পৰিকল্পনা কৰা ধৰণে দিব লাগিব ৷

চুক্তিখনৰ মতে গোলকীয় উষ্ণতাৰ বৃদ্ধি ২ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰতে ৰখা হ’ব আৰু দেশসমূহে এই বৃদ্ধি ১.৫ ডিগ্ৰী ছেলছিয়াছতে বৰ্তাই ৰখাৰ প্ৰচেষ্টাক অনুসৰণ কৰিব ৷

চুক্তিখনৰ অধীনত ভাৰতবৰ্ষই তিনিটা গুৰুত্বপূৰ্ণ পণ লৈছেঃ ২০৩০ চনৰ ভিতৰত দেশৰ বাবে প্ৰয়োজন হোৱা বিদ্যুতৰ অন্তঃত ৪০ শতাংশ বিদ্যুৎ অ-জীৱাস্ম উৎসৰ পৰা উৎপন্ন কৰাটো সুনিশ্চিত কৰা, ২০৩০ চনৰ ভিতৰত ইয়াৰ জি ডি পিৰ গ্ৰীণ হাউচ গেছৰ নিৰ্গমণৰ ঘনত্ব ২০০৫ স্তৰতকৈ ৩৩-৩৫ শতাংশ হ্ৰাস কৰা, আৰু ২০৩০ ভিতৰত অতিৰিক্ত বনানীকৰণৰ যোগেদি অতিৰিক্ত ২.৫ অৰ পৰা ৩ বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ “কাৰ্বন চিংক”ৰ সৃষ্টি কৰিব ৷

২০১৫ চনৰ চি অ পিৰ সময়চোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেতিয়াৰ ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ফ্ৰানকইচ হ’লাণ্ডৰ সৈতে চ’লাৰ ইন্ধনত চহকী দেশসমূহে তেওঁলোকৰ শক্তিৰ বিশেষ চাহিদা পূৰণৰ উদ্দেশ্যে সংগঠিত হৈ গঠন কৰা “ইণ্টাৰনেশ্বনেল চ’লাৰ এলায়েঞ্চ” (আই এছ এ) মুকলি কৰে যাতে এক সাধাৰণ সহমতৰ মাধ্যমেৰে চিনাক্ত হোৱা ব্যৱধানসমূহ সহযোগিতাৰে সমাধান কৰিবলৈ এক উমৈহতীয়া মঞ্চৰ স্থাপন কৰিব পাৰি ৷

আই এছ এ, কৰ্কটক্ৰান্তীয় আৰু মকৰক্ৰান্তীয় দুয়ো গ্ৰীষ্ম জলবায়ুৰ ভিতৰত পৰা সাম্ভাব্য সদস্য ১২১ খন ৰাষ্ট্ৰৰ বাবে মুকলি কৰা হৈছে ৷

আই এছ এৰ মুখ্য কাৰ্যালয় আছে ভাৰতৰ গুৰুগ্ৰামত আৰু নতুন দিল্লী ২০১৬-১৭ চনৰ পৰা ২০২-২১ চনলৈকে এই পাঁচ বছৰৰ ভিতৰত এক ‘কৰ্পাছ’ সৃষ্টিৰ তথা আন্তঃগাঠনি নিৰ্মাণৰ তথা ৰেকাৰিং ব্যয় সমূহৰ উদ্দেশ্যে জোটবন্ধনটোলৈ ১২৫ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷

যদিও ভাৰতবৰ্ষৰ চ’লাৰ ইন্ধনৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা ক’ভিড মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হৈছিল, তথাপি ২০২০ চনৰ ৩০ জুনলৈকে ভাৰতৰ চ’লাৰ ইন্ধনৰ উৎপাদনৰ ক্ষমতা ৩৫ গিগাৱাটলৈ বৃদ্ধি পাইছে ৷

হেৰিছৰ দ্বাৰা চি ই এ খন প্ৰৱৰ্তন কৰাৰ পাচত এতিয়া, পৰ্যবেক্ষকসকলে মত পোষণ কৰিছে যে যদিহে বাইডেন নিৰ্বাচনত জয়ী হয় তেনেহ’লে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰক পেৰিচ চুক্তিৰ লগত পুনৰ সংযোগ কৰাৰ থল আছে আৰু নতুন দিল্লীৰ বাবে ই এক শুভ সংবাদ হিচাপে দেখা দিব ৷

“ই নিশ্চিতভাৱেই জলবায়ু কূটনীতিৰ দিশলৈ এক শুভ পদক্ষেপ”, বাইডেনে হেৰিছক নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাৰ বাবে সহযোগী হিচাপে বাচনি কৰাৰ পাচত ‘ক্লাইমে’ট হ’ম নিউজে’ ‘নিউ ক্লাইমে’ট ইনষ্টিটিউট’ৰ প্ৰধান তথা বৈজ্ঞানিক থিংক-টেংক নিক্লাচ হ’হনেৰ উদ্ধৃতি এইদৰে দিয়ে ৷

হ’হনেয়ে বাইডেন আৰু হেৰিছৰ প্ৰশাসনৰ বিষয়ত কয়, “জলবায়ু নীতি আৰু পেৰিচ চুক্তিৰ সম্পৰ্কত তেওঁলোকৰ যুটি দিন আৰু নিশাৰ দৰে হ’ব ৷”

নতুন দিল্লীৰ “চেন্টাৰ ফৰ ৰিচৰ্ছেছ মেনেজমেন্ট’ৰ বিশিষ্ট সহকৰ্মী তথা প্ৰধান ‘অৱজাৰ্ভাৰ ৰিছাৰ্ছ ফাউণ্ডেশ্বন’ৰ থিংক টেংক এগ্ৰীছ লিডিয়া পাৱেলে ইটিভিৰে হোৱা এক কথোপোকথনত ৰোমন্থন কৰি কয় যে বাইডেনে নিজেই আমেৰিকা যুক্তৰাষ্ট্ৰই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজখনত ক’ত থিয় দিব লাগিব তাৰ বিষয়ে বিবৃতি দিছিল আৰু যিবোৰ ট্ৰাম্পৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় নীতিবোৰৰ সম্পূৰ্ণ বিপৰীত ৷

বাইডেনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বিবৃতিবোৰত কৈছিল যে তেওঁ জানে যে আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ নিজৰ সহযোগী ৰাষ্ট্ৰবোৰৰ সৈতে থিয় দিব লাগিব, “প্ৰতিকূল পৰিস্থিতিবোৰত কেনেকৈ কি কৰা উচিত তাৰ বাবে যিকোনো বিশ্বনেতাৰ সৈতে একে স্তৰত থিয় দিব লাগিব ৷”

“তেওঁ অকল আমেৰিকা যুক্তৰাষ্ট্ৰক পেৰিচ চুক্তিৰ লগত প্ৰতিশ্ৰুতিবদ্ধ কৰিয়ে ক্ষান্ত নাথাকিব বৰঞ্চ তেওঁ বহুদূৰ আগুৱাই যাব ৷” বাইডেনৰ নিৰ্বাচনী প্ৰচাৰৰ ৱেবছাইটত এইদৰে উল্লেখ কৰা হৈছে ৷

যি নহওক, পাৱেলে উনুকিয়াই দিয়ে যে আনকি ডেম’ক্ৰেট দলেও জীৱাস্ম ইন্ধনৰ সম্পূৰ্ণ বিৰোধিতা নকৰিব ৷ কিয়নো ইয়াৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থানীয় কৰ্মসংস্থাপনৰ কথা জৰিত হৈ আছে ৷

“কিন্তু বিশ্বই পৰিশুদ্ধ ইন্ধনকহে আকোৱালি ল’ব আৰু সেইটোৱেই বাস্তৱ ৷” তেওঁ কয়৷ “তেওঁলোকে (আমেৰিকা যুক্তৰাষ্ট্ৰ, যদিহে বাইডেন-হেৰিছ যুটি জয়ী হয়) নিশ্চিতভাৱে পেৰিচ চুক্তিলৈ উভতি আহিব ৷ এই বিষয়ত প্ৰায় সম্পূৰ্ণৰূপে নিশ্চিতি দিব পাৰি ৷”

যুক্তৰাষ্ট্ৰীয় জলবায়ু আৰু পৰিৱেশ সম্পৰকীয় কাৰ্যকলাপ সমূহত দায়বদ্ধতা আৰু সমতা প্ৰভাৱৰ বাবে অগ্ৰণী নেতৃত্বৰ সৈতে আইনখনৰ অধিনিয়ম প্ৰনয়ণ কৰিবলৈ বহা মেজত আটাইতকৈ গুৰুতৰভাৱে প্ৰভাৱিত সম্প্ৰদায়সমূহৰো এক স্থান থকাটো হাৰিছৰ চি ই এৰ খচৰাখনে নিজেই বিচাৰিছে ৷

“এই শৰতত ইয়াৰ আনুষ্ঠানিক উপস্থাপনৰ পূৰ্ৱে, অগ্ৰণী সমিতিৰ পৰা সমৰ্থকসকল আৰু তেওঁলোকৰ সহযোগীসকলক এই খছৰা আইনখনৰ সম্পৰ্কত জনসাধাৰণৰ মতামত লোৱাৰ বাবে এক সুযোগ প্ৰদান কৰা হ’ব যাতে ইয়াক সুনিশ্চিত কৰিব পৰা যায় যে আমি একত্ৰিত হৈ আটাইতকৈ সবল নীতিৰ নিৰ্মাণ কৰিব পাৰোঁ ৷” চি ই এৰ খছৰাত এইদৰে কোৱা হৈছে ৷

হেৰিছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত প্ৰথম গৰাকী ভাৰত আৰু আফ্ৰিকীয় মূলৰ ব্যক্তি যিয়ে তেওঁ সমগ্ৰ কাৰ্যকাল জলবায়ু আৰু পৰিৱেশ সম্পৰ্কীয় ন্যায়ৰ হৈ মাত মাতি আহিছে ৷ ছান ফ্ৰাঞ্চিস্ক’ৰ ডিষ্ট্ৰিক এটৰ্ণী হিচাপে কৰ্মৰত হৈ থাকোতেও তেওঁ চহৰখনৰ আটাইতকৈ দূৰ্বল সম্প্ৰদায়ৰ সহায়ৰ বাবে এক পৰিৱেশ সম্পৰ্কীয় ন্যায় গোট স্থাপন কৰিছিল ৷

যদি বাইডেন হোৱাইট হাউছত প্ৰৱেশ কৰিবলৈ সক্ষম হয় তেনেস্থলত ভাৰতবৰ্ষই পেৰিচ চুক্তি সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যকলাপ উৎকৰ্ণ হৈ লক্ষ্য কৰিব ৷ শেহতীয়াকৈ, ‘ফাইনেঞ্চিয়েল টাইমছে” প্ৰকৃত স্বচ্ছ ৰাজনীতিৰ ভিত্তিত অনুষ্ঠিত কৰা ইউ এছ প’ল ট্ৰেকাৰৰ মতে বাইডেনে ২৯৮ খন “ইলেক্ট’ৰেল কলেজ ভোট”ত জয় লাভ কৰিব আনহাতে ট্ৰাম্পে পাব মাত্ৰ ১১৯ খন ৷ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত জয়ী হ’বলৈ এজন প্ৰাৰ্থীক মুঠ ২৭০ তেনে ভোটৰ প্ৰয়োজন হয় ৷

লগতে পঢ়ক : দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.