ETV Bharat / bharat

ৰোহিংগীয়াক স্থান প্ৰদান নকৰে বাংলাদেশে : আব্দুল মমেন

author img

By

Published : Apr 25, 2020, 12:15 AM IST

আৰু নতুন ৰোহিংগীয়াক স্থান প্ৰদান কৰা নহয় বুলি মন্তব্য কৰিছে আব্দুল মমেনে ৷ প্ৰায় 500 ৰোহিংগীয়াই বাংলাদেশত প্ৰৱেশৰ চেষ্টা কৰাৰ পাচতে এই মন্তব্য মমেনৰ ৷

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী
ৰোহিংগীয়াক স্থান প্ৰদান নকৰে বাংলাদেশে : আব্দুল মমেন

ইন্টাৰনেশ্যনেল ডেস্ক, 24 এপ্ৰিল : ৰোহিংগীয়া মুছলমান সংখ্য়ালঘু লোকক আৰু দেশত স্থান প্ৰদান নকৰে বুলি মন্তব্য কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মমেনে ৷ শতাধিক ৰোহিংগীয়াই সাগৰেৰে দেশখনত প্ৰৱেশ কৰিবৰ চেষ্টা কৰা বুলি তথ্য প্ৰকাশ পোৱাৰ পাচতে এই মন্তব্য় কৰে মমেনে ৷

তেওঁ কয়, "আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে, আমি আৰু নতুন ৰোহিংগীয়াক দেশত স্থান নিদিওঁ ৷" প্ৰায় 500 পুৰুষ, মহিলা আৰু শিশু কঢ়িয়াই অনা দুখনকৈ মাছমৰীয়া নাও মালয়েছিয়া প্ৰশাসনে খেদি পঠিওৱাৰ পাচত বংগোপসাগৰত আৱদ্ধ হৈ আছিল ৷ পূৰ্বেও 400 জনকৈ ৰোহিংগীয়া আহি বাংলাদেশ সীমান্তত উপস্থিত হোৱাৰ পাচতে এই 500 লোক আহি উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে ৷

মমেনে কয় যে, এই লোকসকল সম্পৰ্কত তেওঁ জ্ঞাত যদিও এতিয়া তেওঁলোকৰ মূল উদ্দেশ্য হৈছে বাংলাদেশৰ প্ৰব্ৰজনকাৰী কেম্পসমূহত বাস কৰা হাজাৰ হাজাৰ ৰোহিংগীয়াক সুৰক্ষা প্ৰদান কৰা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.