ETV Bharat / bharat

বুলবুলঃ বাংলাদেশৰ উপকূল অঞ্চলৰ প্ৰায় 15 লাখ লোকক স্থানান্তৰ

author img

By

Published : Nov 10, 2019, 3:01 PM IST

Updated : Nov 10, 2019, 9:52 PM IST

সাগৰীয় ঘূৰ্ণীবতাহ বুলবুলে আগন্তক 6 ঘণ্টাৰ ভিতৰত পশ্চিমবংগৰ উপকূলীয় অঞ্চলৰ লগতে বাংলাদেশৰ উপকূলীয় অঞ্চলত অধিক ক্ষয়-ক্ষতি কৰাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বুলবুলে পশ্চিমবংগত ঘণ্টাত 110 ৰ পৰা 120 কি.মি. গতিবেগ অতিক্ৰম কৰাৰ বিপৰীতে বাংলাদেশত ইয়াৰ গতিবেগ ঘণ্টাত 120 কি.মি. পৰ্যন্ত হোৱাৰ অনুমান ৷ বাংলাদেশৰ  চৰকাৰী কৰ্তৃপক্ষই ইতিমধ্যে 1 লাখ লোকক বুলবুলৰ পৰিসৰৰ ভিতৰত পৰা উপকূলীয় অঞ্চলৰ গাঁও আৰু দ্বীপসমূহৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৷

বুলবুলৰ বাবে বাংলাদেশীয় উপকূল অঞ্চলৰ প্ৰায় 15 লাখ লোকক স্থানান্তৰিতকৰণ

নিউজ ডেস্ক, 10 নৱেম্বৰ : বাংলাদেশত বুলবুলৰ আতংক ৷ যোৱা 9 নৱেম্বৰৰ পৰা ভাৰত মহাসাগৰৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূৱ দিশত 75 কি.মি. দূৰত্বৰ পৰা উদ্ভৱ হৈছিল বুলবুল ৷ ঘূৰ্ণীবতাহ বুলবুলে আগন্তুক 6 ঘণ্টাৰ ভিতৰত পশ্চিমবংগৰ 24 পৰগণা জিলাৰ উপকূলীয় অঞ্চলৰ লগতে বাংলাদেশৰ উপকূলীয় অঞ্চলতো অধিক ক্ষয়-ক্ষতি সংঘটিত কৰাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বুলবুলে পশ্চিমবংগত ঘণ্টাত 110 ৰ পৰা 120 কি.মি. গতিবেগ অতিক্ৰম কৰাৰ বিপৰীতে বাংলাদেশত ইয়াৰ গতিবেগ ঘণ্টাত 120 কি.মি. পৰ্যন্ত হোৱাৰ অনুমান কৰা হৈছে ৷ বাংলাদেশৰ চৰকাৰী কৰ্তৃপক্ষই ইতিমধ্যে 1 লাখ লোকক বুলবুলৰ পৰিসৰৰ ভিতৰত পৰা উপকূলীয় অঞ্চলৰ গাঁও আৰু দ্বীপসমূহৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৷

দেশৰ বতৰ বিজ্ঞান বিভাগৰ স্থানীয় কৰ্তৃপক্ষৰ হাই এলাৰ্ট জাৰি কৰাৰ নিৰ্দেশ, লগতে উপকূলীয় জিলাসমূহত 2 মিটাৰ উচ্চতাৰে ঘূৰ্ণীবতাহ অতিক্ৰম কৰিব বুলি সংবাদ মাধ্যমে জানিবলৈ দিছে ৷ বুলবুলে নিশ্চয়কৈ সুন্দৰবনৰ কাষৰীয়া দক্ষিণ-পশ্চিম খুলানা সাগৰীয় অঞ্চলত সৃষ্টি কৰিব নতুন স্থলভাগৰ ৷ ইতিমধ্যে বুলবুল অধ্যুষিত অঞ্চলত প্ৰতি ঘৰে ঘৰে গৈ ৰাইজক সতৰ্ক কৰাৰ উদ্দেশ্যে 55 হাজাৰ স্বেচ্ছাসেৱীক একত্ৰিত কৰা হৈছে ৷ চৰকাৰী কৰ্তৃপক্ষই উপকূলীয় জিলাসমূহৰ স্কুলসমূহৰ পৰীক্ষা বাতিল কৰাৰ লগতে উপকূলীয় জিলাত নিয়োজিত চৰকাৰী বিষয়াসকলৰ ছুটী কৰ্তন কৰিছে ৷ সংবাদ মাধ্যমৰ তথ্য মতে, 13 উপকূলীয় জিলাৰ লোকসকলক 'ঘূৰ্ণীবতাহ আশ্ৰয় কেন্দ্ৰ'লৈ যোৱাৰ আহ্বান বাংলাদেশ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহাৰ্য মন্ত্ৰী ডঃ মহম্মদ ইনামুৰ ৰহমানৰ ৷

লগতে পঢ়ক:বুলবুল'ক ৰুধিবলৈ প্ৰস্তুতি সম্পন্ন উপকূলৰক্ষী বাহিনীৰ

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD)ৰ অনুমান যে, ঘূৰ্ণীবতাহ জাকে ইতিমধ্যে 8 বাজি 30 মিনিটৰ আশে-পাশে স্থলভাগৰ সৃষ্টি কৰিছে ৷ শনিবাৰে সাগৰ দ্বীপৰ 60 কি.মি. পূৱ আৰু কলিকতাৰ পৰা 100 কি.মি দক্ষিণে এই অঞ্চলত পাতলীয়াৰ পৰা মধ্য়মীয়া বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷

Intro:Body:Conclusion:
Last Updated : Nov 10, 2019, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.