ETV Bharat / bharat

দিব্য কৰ'ণিল টেবলেট : ৰাইজক কৰ'ণাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে এই ঔষধে !

author img

By

Published : Jun 23, 2020, 4:28 PM IST

Updated : Jun 23, 2020, 5:03 PM IST

পতঞ্জলিৰ হৰিদ্বাৰস্থিত প্ৰতিষ্ঠানত ইতিমধ্যেই মুকলি কৰা হৈছে দিব্যা কোৰোনিল টেবলেট (Divya Coronil Tablet) নামে এক প্ৰতিষেধক ঔষধ ৷ যোগ গুৰু ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই ইতিমধ্যেই ইয়াৰ প্ৰায়োগিক পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে ৷ এই ড্ৰাগটো পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট (Patanjali Research Institute) আৰু নেশ্বনেল ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, জয়পুৰ (National Institute of Medical Science, Jaipur)এ যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷ প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি, কোৰোনিলৰ ক্লিনিকেল কন্ট্ৰল পৰীক্ষণ ইয়াৰ ফাইনেল স্তৰত উপনীত হৈছে ৷ বৰ্তমানে ইয়াক হৰিদ্বাৰস্থিত দিব্যা ফাৰ্মাচী (Divya Pharmacy) আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে (Patanjali Ayurved Limited) উৎপাদন কৰি আছে ৷

কোভিড-19ৰ চিকিৎসাৰ বাবে ভাৰতত উপলব্ধ হোৱা কেইটামান মেডিচিন
কোভিড-19ৰ চিকিৎসাৰ বাবে ভাৰতত উপলব্ধ হোৱা কেইটামান মেডিচিন

নিউজ ডেস্ক, 23 জুন : ভাৰতত কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত এতিয়া ইয়াৰ প্ৰতিষেধকৰ ওপৰত এটাৰ পিচত আনটো ড্ৰাগ বজাৰত উপলব্ধ কৰোৱাৰ আৰম্ভনি হৈছে ৷ প্ৰথমে, গ্লেন ফাৰ্মা (Glenn Pharma) আৰু তাৰ পিচতেই হেটেৰো লেবছ (Hetero Labs)ৰ লগতে তৃতীয়তে মুম্বাইৰ কিপলা কোম্পানী (Cipla company)য়ে কৰ'ণা আক্ৰান্তৰ বাবে ড্ৰাগ মুকলি কৰিছে ৷ একেটা পথতেই ইতিমধ্যে ভাৰতৰ পতঞ্জলি আয়ুৰ্বেদে কোভিড-19ৰ আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি উলিওৱাৰ দাবী কৰিছে ৷

পতঞ্জলিৰ হৰিদ্বাৰস্থিত প্ৰতিষ্ঠানত ইতিমধ্যেই মুকলি কৰা হৈছে দিব্যা কোৰোনিল টেবলেট (Divya Coronil Tablet) নামে এক প্ৰতিষেধক ঔষধ ৷ যোগ গুৰু ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই ইতিমধ্যেই ইয়াৰ প্ৰায়োগিক পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে ৷ এই ড্ৰাগটো পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট (Patanjali Research Institute) আৰু নেশ্বনেল ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, জয়পুৰ (National Institute of Medical Science, Jaipur)এ যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷ প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি, কোৰোনিলৰ ক্লিনিকেল কন্ট্ৰল পৰীক্ষণ ইয়াৰ ফাইনেল স্তৰত উপনীত হৈছে ৷ বৰ্তমানে ইয়াক হৰিদ্বাৰস্থিত দিব্যা ফাৰ্মাচী (Divya Pharmacy) আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে (Patanjali Ayurved Limited) উৎপাদন কৰি আছে ৷

ইতিমধ্যে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ জয়পুৰত ইয়াৰ এশ শতাংশ ক্লিনিকেল পৰীক্ষণ সম্পন্ন হৈছে ৷ ঔষধ নিয়ন্ত্ৰকৰ অনুমোদনৰ পিচতেই দুয়োঠাইত ইয়াৰ পৰীক্ষণ কৰা হৈছিল ৷ ভাৰতত কোভিড-19ৰ আৰম্ভনি হোৱাৰ পৰাই বিশেষজ্ঞ বিজ্ঞানীৰ দ্বাৰা গঠিত এটা দলে এই কাৰ্যত ব্ৰতী হৈ আছিল ৷ যেতিয়াই এই যৌগসমূহ উত্তেজকৰ দ্বাৰা চিনাক্ত কৰা হৈছিল তেতিয়া দেখা গৈছিল যে, এই যৌগসমূহে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে মানৱ দেহত ইয়াৰ সংক্ৰমণ হোৱাত বাধা প্ৰদান কৰে ৷ পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই প্ৰকাশ কৰা অনুসৰি, শতাধিক কোভিড-19 আক্ৰান্ত লোকৰ মাজত ইয়াৰ ক্লিনিকেল পৰীক্ষণত এশ শতাংশই ফলাফল প্ৰদান কৰিছিল ৷ তেওঁলোকৰ দাবী অনুসৰি, কোৰোনিলে কোভিড-19 আক্ৰান্ত ৰোগীক 5 দিনৰ পৰা 14 দিনৰ ভিতৰত সম্পূৰ্ণ সুস্থ কৰি তুলিব পাৰে ৷ পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ মতে, গিলোই, অশ্বগন্ধা, তুলসী, চভাসৰি ৰস আৰু অটোমিক তেলৰ মিশ্ৰনৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ তেওঁৰ মতে ইয়াক ৰাতিপুৱা আৰু আবেলি সেৱন কৰিব পাৰি আৰু এইদৰেই ই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে কাম কৰে ৷

পতঞ্জলিয়ে প্ৰকাশ কৰা অনুসৰি, কোভিড-19ৰ "receptor-binding domain"ৰ ওপৰত অশ্বগন্ধাই মানৱ দেহৰ "angiotensin-converting enzyme"ক কোনো প্ৰকাৰে আৱদ্ধ কৰিব নোৱাৰে ৷ তাৰ মানেই হৈছে, কৰ'ণা ভাইৰাছে ইয়াৰ দ্বাৰা মানৱ দেহৰ স্বাস্থ্য কোষসমূহক আক্ৰমণ কৰিব নোৱাৰে ৷ একেসময়তে গিলোই কৰ'ণাৰ সংক্ৰমণত বাধা প্ৰদান কৰে ৷ তুলসীয়ে কৰ'ণা ভাইৰাছৰ "Ribonucleic acid"ক আক্ৰমণ কৰি ইয়াক বিয়পি যোৱাত বাধা আৰোপ কৰে ৷ চভাসৰি ৰসযুক্ত এই দিব্যা কোৰোনিল টেবলেট 23 জুনৰ পৰাই বজাৰত উপলব্ধ হ'ব ৷ কোম্পানীটোৱে এই টেবলেটৰ সৈতে একেলগে চভাসৰি ৰসো বিক্ৰী কৰিব ৷ শ্বাসজনিত এই ৰসে পাতল শ্লেমা গঠন হোৱা প্ৰক্ৰিয়াটোক বাধা আৰোপ কৰিব ৷ একেসময়তে ই শ্লেমাৰ ক্ষুদ্ৰ কণিকাবোৰে সৃষ্টি কৰা জ্বলন প্ৰক্ৰিয়াকো ৰোধ কৰিব ৷

ভাৰতত শেহতীয়াকৈ কেবাটাও কৰ'ণা মেডিচিন উপলব্ধ হৈছে যদিও তিনিটা প্ৰধান, কিপৰেমি (Cipremi ), ফাবিফ্লু (FabiFlu) আৰু কোভিফৰ (Covifor)য়েই হৈছে বহুল ব্যৱহৃত কোভিড-19ৰ ঔষধ ৷ কিপৰেমি আৰু কোভিফৰ হৈছে এন্টিভাইৰেল ড্ৰাগ ৰেম'ডেভিৰ (remodevir)ৰ জেনেৰিক সংস্কৰণ ৷ আনহাতে ফাবিফ্লু হৈছে ইনফ্লুয়েঞ্জা ড্ৰাগ ফাভিপিৰাভিৰ (Favipiravir)ৰ জেনেৰিক সংস্কৰণ ৷ এই তিনিওটা ড্ৰাগকেই শেহতীয়াকৈ ভাৰতত অনুমতি প্ৰদান কৰা হৈছিল ৷ অৱশ্যে পতঞ্জলিৰ দ্বাৰা তৈয়াৰী কোৰোনিলে কোভিড-19ৰ চিকিৎসাৰ বাবে অনুমতি পায় নে নাপায় সেয়া লক্ষণীয় হ'ব ৷

কিদৰে ব্যৱহাৰ কৰিব এইসমূহ ড্ৰাগ চাওঁক :

ফাবিফ্লু ড্ৰাগ:

• এইটো ড্ৰাগ সামান্যৰ পৰা ব্যাপক কোভিড-19 ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব ৷

• এইটো ড্ৰাগ মৌখিক হ'ব ৷

• সহ-অস্বাস্থ্যকৰ কোভিড-19 ৰোগীৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পৰা যাব ৷

• সামান্যৰ পৰা ব্যাপক মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত ৰোগীৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পৰা যাব ৷

• কোম্পানীটোৰ মতে, এই ড্ৰাগটো ভাইৰেল সংক্ৰমণ ৰোধৰ বাবে 4 দিনৰ ভিতৰত ক্ষীপ্ৰতাৰে ব্যৱহাৰ কৰিব পৰা যাব ৷

• ইয়াৰ লগতে সামান্যৰ পৰা ব্যাপক কোভিড-19ৰ ক্ষেত্ৰত ইয়াৰ ক্লিনিকেল উন্নতি 88 শতাংশ ৷

• প্ৰেস্কিপচনযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াক লাভ কৰিব পৰা যাব আৰু প্ৰতিটো টেবলেটৰ বজাৰ মূল্য হৈছে 103 টকা ৷

• গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছৰ মতে, 200 mgৰ 34 টা টেবলেটৰ এটা পেকেটৰ MRP 3,500 টকা হ'ব

• কোম্পানীটোৰ মতে, ইয়াক প্ৰথম দিনা 1800 mgকৈ দুবাৰ আৰু পৰৱৰ্তী 14 দিনলৈ প্ৰতিদিনে 800 mgকৈ দুবাৰকৈ ইয়াক সেৱন কৰিব লাগিব ৷

কিপৰেমি ড্ৰাগ:

• কিপলাই প্ৰকাশ কৰা অনুসৰি, আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ অন্যান্য দেশৰ 60টা কেন্দ্ৰৰ 1063 গৰাকী ৰোগীৰ তুলনাত এই ড্ৰাগটোৱে চিকিৎসাধীন ৰোগীৰ দেহত ক্ষীপ্ৰতাৰে ক্লিনিকেল ৰিকোভাৰী কৰিবলৈ সক্ষম ৷

• কিপৰেমি ৰেমডেছিভিৰ লাইফিলাইছড পাউদাৰ হিচাপে 100 mgৰ চিটাৰ বাবে উপলব্ধ হ'ব ৷

• চৰকাৰী আৰু মুকলি বজাৰত ই উপলব্ধ থাকিব ৷

• কোম্পানীয়ে ইয়াৰ বজাৰ মূল্য এতিয়ালৈকে মুকলি কৰা নাই ৷

• ই কেৱল সীমাৱদ্ধ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে উপলব্ধ থাকিব ৷

কোভিফৰ ড্ৰাগ:

• হায়দৰাবাদস্থিত ফাৰ্মা কোম্পানী হেটেৰোই ইয়াক প্ৰস্তুত কৰি উলিয়াইছে ৷

• কোম্পানীটোৱে ভাৰতকে ধৰি 127 খন দেশক ইয়াৰ যোগান ধৰিব ৷

• কোম্পানীটোৱে EUAৰ অধীনত প্ৰকাশ কৰা অনুসৰি, ৰোগৰ জটিলতালৈ লক্ষ্য কৰি ইয়াক 5 দিন আৰু 10 দিনৰ ভিতৰত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ অৱশ্যে ইয়াৰ কৰ্তৃত্ব অস্থায়ী আৰু আনুষ্ঠানিকভাৱে নতুন ড্ৰাগ প্ৰদান, পুনৰীক্ষণ আৰু অনুমতি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা নাই ৷

• সংবাদমাধ্যমত প্ৰকাশ কৰা অনুসৰি, এইটো ড্ৰাগ বজাৰত প্ৰতি 100 mgত 5,000ৰ পৰা 6,000 টকাত উপলব্ধ হ'ব ৷

লগতে পঢ়কঃ যোগগুৰু ৰামদেৱে মুকলি কৰিলে কৰ'ণাৰ আয়ুৰ্বেদিক টেবলেট 'কোৰোনিল'

Last Updated : Jun 23, 2020, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.