ETV Bharat / bharat

ৰাজ্যত হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ দল গঠন

author img

By

Published : Dec 21, 2019, 1:02 PM IST

অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চৌদিশে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ ইয়াৰ মাজতে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাসকলৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে অসম চৰকাৰে বিশেষ দল গঠন কৰিছে ৷

হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ দল গঠন
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 21 ডিচেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে মন্তব্য কৰে যে, নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ বিৰুদ্ধে সাব্যস্ত হোৱা হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী দল (SIT) গঠন কৰা হৈছে ৷

সোণোৱালে কয়, "হিংসাত্মক কাণ্ডৰ সৈতে যিসকল লোক জড়িত আছে তেওঁলোকক মাফ কৰা নহ'ব ৷ এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰা হৈছে ৷" লগতে তেওঁ কয়, "অসমখন অসমীয়াৰ সৈতেই থাকিব ৷ ইয়াৰ বাবে যি আইন বলবৎ কৰিব লাগে আমি তাকে কৰিম ৷ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে ৷"

শুকুৰবাৰে অসম আৰক্ষীয়ে জনসাধাৰণক চ'ছিয়েল মিডিয়াত যিকোনো পোষ্ট দিয়াৰ আগত সাৱধান হ'বলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ অসমত সৰ্বাত্মক প্ৰতিবাদ হোৱাৰ পাচতে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৷ সুদীৰ্ঘ 9 দিনৰ অন্তত শুকুৰবাৰে পুৱাৰ ভাগত অসম চৰকাৰে ইন্টাৰনেট সেৱা পুনৰ প্ৰদান কৰে ৷

টুইটাৰৰ জৰিয়তে অসম আৰক্ষী বিভাগে কয়, "ৰাজ্যত মোবাইল ইন্টাৰনেট সেৱা প্ৰদান কৰা হৈছে ৷ চ'ছিয়েল মিডিয়াত কোনো পোষ্ট প্ৰদান কৰাৰ আগতে সাৱধান হ'বলৈ জনসাধাৰণক অনুৰোধ জনোৱা হ'ল ৷ ৰাজ্যত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাত সকলোৰে সহায়-সহযোগিতা কামনা কৰিলো ৷"

  • Mobile Internet services have been restored in the state.

    We request citizens to be cautious while posting or sharing unverified/provocative information on Social Media.

    We are looking forward to your continued support in ensuring peace & harmony in the State.

    — Assam Police (@assampolice) December 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 16 ডিচেম্বৰত 10 খন জিলা ক্ৰমে লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেও, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কামৰূপ(মেট্ৰো) আৰু কামৰূপত ইন্টাৰনেট সেৱা বাতিলৰ দিন বৃদ্ধি কৰা হৈছিল ৷

সেইদিনাই সোণোৱালে মন্তব্য কৰিছিল যে, ভাৰতীয় মুছলিম আৰু অসমত বাস কৰি থকা লোকসকলে অধিকাৰ খৰ্ব হ'ব বুলি চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷ তেওঁ কয়, "নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ কৰি থকা ৰাজ্যৰ লোকসকলৰ মতামত ভিন্ন ৷ এখন গণতান্ত্ৰিক দেশত এই কথা মই বিশ্বাস কৰো সেয়েহে প্ৰতিবাদী প্ৰতিজন লোককে সন্মান কৰো ৷"

আৰু পঢ়ক : ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.