ETV Bharat / bharat

দিল্লী কাৰ হাতত ?

author img

By

Published : Feb 6, 2020, 12:13 PM IST

বিজেপিয়ে শ্বাহীন বাগ প্ৰতিবাদক দেশক খণ্ড-বিখণ্ড কৰিব খোজাৰ চেষ্টা বুলি প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাৰ পূৰ্বে কেজৰিৱালে নীৰৱে বহি আছিল । এই কথা প্ৰায় সৰ্বজন স্বীকৃত আছিল যে আপ জিকাটো নিশ্চিত আৰু ই ২০২৫ চনত তেওঁলোকৰ সফলতাৰো ইংগিত । কিন্তু বিগত কেইটামান সপ্তাহত বিজেপিয়ে কিছু অগ্ৰগতি লাভ কৰিছে । এতিয়া বহুতেই ক’বলৈ আৰম্ভ কৰিছে যে নিৰ্বাচনত কেজৰিৱালে নিৰকুংশ জয়লাভ কৰিবলৈ সক্ষম নহ’ব ।

An opinion piece on Delhi elections by Delhi based senior journalist Sanjay kapoor.
দিল্লী কাৰ হাতত ?

২০১৫ চনত কংগ্ৰেছৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ কেইবামাহ পাছত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া আৰু নাগৰিকৰ কল্যাণ সাধনৰ প্ৰতিশ্ৰুতিৰে জয়লাভ কৰে । বিজেপিক ভোটদান কৰা বহুসংখ্যক কেজৰিৱালৰ সমৰ্থককো তেওঁ সফলতাৰে বুজাবলৈ সক্ষম হৈছিল যে আপৰ প্ৰতি তেওঁলোকৰ সমৰ্থনে ৰাষ্ট্ৰীয় দলটোৰ প্ৰতি আনুগত্যহীন হোৱাটো নুবুজায়। তেতিয়া বিধানসভা নিৰ্বাচনৰ সময়ত কেজৰিৱাল আৰু তেওঁৰ সমৰ্থকসকলে মোদী আৰু কেজৰিৱালৰ সপক্ষত ভোট বিচাৰি লাখ লাখ ই-মেইল আৰু হোৱাটছ এপ মেছেজ প্ৰেৰণ কৰিছিল । তেওঁৰ প্ৰচাৰ আৰ এছ এছ বা আন কোনো হিন্দুত্ব সংগঠনৰ দ্বাৰা অনুমোদিত আছিল নে নাই সেয়া অৱশ্যে স্পষ্ট নহয় ।

An opinion piece on Delhi elections by Delhi based senior journalist Sanjay kapoor.
দিল্লী নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰ অব্যাহত প্ৰতিটো ৰাজনৈতিক দলৰ

২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীৰ ভোটাৰক ধৰ্মীয়ভাৱে মেৰুকৰণ কৰাৰ বাবে চলোৱা আগ্ৰাসী প্ৰচাৰে আদৰ্শগতভাৱে অজ্ঞেয়বাদী হিচাপে কেজৰিৱালে নিজকে প্ৰতিষ্ঠা কৰিব খোজা প্ৰচেষ্টাক প্ৰত্যাহ্বান জনায়। শ্বাহীন বাগত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে মহিলাৰ ৫৫ দিনীয়া প্ৰতিবাদে দিল্লীত বিধানসভাৰ বাবে যুঁজিবলগীয়া যুঁজখনৰ প্ৰকৃতি সলনি কৰাৰ থল আছে । কেজৰিৱালে ভাৱে যে নগৰীয়া বিষয় যেনে শক্তি,পানী,বিদ্যালয় আৰু হাস্পতালৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে কৰা কামবোৰে নিৰ্বাচনত জিকিবলৈ যথেষ্ট সহায় কৰিব । কিন্তু এই ধাৰণাক প্ৰত্যাহ্বান জনোৱা হৈছে । বিজেপিয়ে তেওঁলোকৰ ভোটাৰক এতিয়া ঘূৰাই বিচাৰিছে আৰু স্পষ্টভাৱে জনাইছে যে তেওঁলোকে কেজৰিৱালৰ ৰাজনীতি,প্ৰাধান্য আৰু ৰাজনৈতিক পছন্দৰ বিৰোধিতা কৰে । ২০১৫ৰ বিপৰীতে এইবাৰ বিজেপিৰ শত্ৰু আপ আৰু কংগ্ৰেছৰ নাম ক’তো উল্লেখ কৰা নাই । এক কথাত নিৰ্বাচন দুটা ঘোঁৰাৰ মাজৰ দৌৰসদৃশ হৈছে কিয়নো দেশৰ ৰাজধানীত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পুতৌজনক ফলাফলৰ পাছত কংগ্ৰেছে যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰাৰ দৰে হৈছে । কংগ্ৰেছৰ নেতাসকলে ভাৱে যে দিল্লী নিৰ্বাচনত তেওঁলোকে মূৰ ঘমাব লগা নাই কিয়নো বিজেপি আৰু ইয়াৰ নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিয়া দলটো হৈছে আপ । তেওঁলোকৰ বহুতে পৰম্পৰাগতভাৱে কংগ্ৰেছক ভোটদান কৰা বহু সমষ্টিত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে । আচৰিত হ’বলগীয়া কথা নহয় যদিও কিছুসংখ্যক কংগ্ৰেছ নেতাৰ পৰিয়ালৰ লোকে আপত যোগদান কৰিছে আৰু টিকট লাভ কৰিবলৈও সক্ষম হৈছে । তেনে এক উদাহৰণ হৈছে প্ৰাক্তন কংগ্ৰেছী সাংসদ মহাবাল মিশ্ৰ । তেওঁৰ পুত্ৰই আপত যোগদান কৰি টিকট লাভ কৰিছে । মিশ্ৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে । কংগ্ৰেছে যিটো গতিত গলিবলৈ ধৰিছে ইয়াৰ দ্বাৰা আপৰ সমৰ্থনৰ ভেটিটোৰ পৰিৱৰ্তন সাধন কৰিছে ।এতিয়া কংগ্ৰেছৰ দৰে একেই তেওঁলোকৰ ভোটাৰৰ ভিত্তি যিহেতু সংখ্যালঘুসকলে শক্তিশালীভাৱে আপক সমৰ্থন জনাইছে । শ্বাহীন বাগৰ প্ৰতিবাদস্থলীত কেজৰিৱালে এবাৰো দৰ্শন কৰা নাই যদিও প্ৰতিবাদকাৰীসকলে এই কথাত ক্ষোভ প্ৰকাশ কৰা নাই । বিভক্ত ৰাজনৈতিক পৰিৱেশত আপ নেতাসকলে তেওঁলোকক সাক্ষাৎ কৰিলে হ’ব পৰা ৰাজনৈতিক লোকচনাৰ বিষয়ে তেওঁলোক সচেতন । বিজেপিয়ে কেজৰিৱালক সন্ত্ৰাসবাদী হিচাপে আখ্যা দিয়াৰ পৰা বিৰত থকা নাই । দিল্লীৰ শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰাটো যে কেন্দ্ৰৰ দায়িত্ব আৰু শেহতীয়াকৈ শ্বাহীন বাগ,জামিয়া আৰু জে এন ইউত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে যে আপক জগৰীয়া কৰিব নোৱাৰি সেই কথা গৃহমন্ত্ৰী অমিত শ্বাহে অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছে । বিগত কেইটামান সপ্তাহতে তিনিটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, যিবোৰ ঘটনাই কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দিয়া শ্ল’গানত সমৰ্থন আৰু বৈধতা লাভ কৰিছে ।

বিজেপিয়ে শ্বাহীন বাগ প্ৰতিবাদক দেশক খণ্ড-বিখণ্ড কৰিব খোজাৰ চেষ্টা বুলি প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাৰ পূৰ্বে কেজৰিৱালে নীৰৱে বহি আছিল । এই কথা প্ৰায় সৰ্বজন স্বীকৃত আছিল যে আপ জিকাটো নিশ্চিত আৰু ই ২০২৫ চনত তেওঁলোকৰ সফলতাৰো ইংগিত । কিন্তু বিগত কেইটামান সপ্তাহত বিজেপিয়ে কিছু অগ্ৰগতি লাভ কৰিছে । এতিয়া বহুতেই ক’বলৈ আৰম্ভ কৰিছে যে নিৰ্বাচনত কেজৰিৱালে নিৰকুংশ জয়লাভ কৰিবলৈ সক্ষম নহ’ব । কিন্তু এই ধাৰণাই আন এটা দিশ সামৰি নলয় যে যদি কংগ্ৰেছৰ ভোট আপলৈ ঢাল খায় তেতিয়া আপে এতিয়াও বহু ভাল প্ৰদৰ্শন দেখুাৱাব পাৰে । শেহতীয়া অপিনিয়ন পলসমূহে ৭০খন আসনৰ ভিতৰত ৫৯-৬০খন আসন আপে লাভ কৰা বুলি দেখুৱাই প্ৰকৃত ছবিখন প্ৰতিফলিত কৰিছে । বিশ্লেষকসকলৰ ভৱিষ্যদ্বাণী শুদ্ধ হ’লে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাই নহয়, দুটা ভিন্ন মতাদৰ্শৰ মাজত স্থিতি হৰুওৱা কংগ্ৰেছৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিব।

লেখক -সঞ্জয় কাপুৰ

Intro:Body:

An opinion piece on Delhi elections by Delhi based senior journalist Sanjay kapoor.



 



দিল্লীত কাৰ হাতত?



-সঞ্জয় কাপুৰ



২০১৫ চনত কংগ্ৰেছৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ কেইবামাহ পাছত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া আৰু নাগৰিকৰ কল্যাণ সাধনৰ প্ৰতিশ্ৰুতিৰে জয়লাভ কৰে ।বিজেপিক ভোটদান কৰা বহুসংখ্যক কেজৰিৱালৰ সমৰ্থককো তেওঁ সফলতাৰে বুজাবলৈ সক্ষম হৈছিল যে আপৰ প্ৰতি তেওঁলোকৰ সমৰ্থনে ৰাষ্ট্ৰীয় দলটোৰ প্ৰতি আনুগত্যহীন হোৱাটো নুবুজায় । তেতিয়া বিধানসভা নিৰ্বাচনৰ সময়ত কেজৰিৱাল আৰু তেওঁৰ সমৰ্থকসকলে মোদী আৰু কেজৰিৱালৰ সপক্ষত ভোট বিচাৰি লাখ লাখ ইমেইল আৰু হোৱাটছ এপ মেছেজ প্ৰেৰণ কৰিছিল ।তেওঁৰ প্ৰচাৰ আৰ এছ এছ বা আন কোনো হিন্দুত্ব সংগঠনৰ দ্বাৰা অনুমোদিত আছিল নে নাই সেয়া অৱশ্যে স্পষ্ট নহয় ।



 



২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীৰ ভোটাৰক ধৰ্মীয়ভাৱে মেৰুকৰণ কৰাৰ বাবে চলোৱা আগ্ৰাসী প্ৰচাৰে আদৰ্শগতভাৱে অজ্ঞেয়বাদী হিচাপে কেজৰিৱালে নিজকে প্ৰতিষ্ঠা কৰিব খোজা প্ৰচেষ্টাক প্ৰত্যাহ্বান জনায় । শ্বাহীন বাগত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে মহিলাৰ ৫৫ দিনীয়া প্ৰতিবাদে দিল্লীত বিধানসভাৰ বাবে যুঁজিবলগীয়া যুঁজখনৰ প্ৰকৃতি সলনি কৰাৰ থল আছে ।



 



কেজৰিৱালে ভাবে যে নগৰীয়া বিষয় যেনে শক্তি, পানী, বিদ্যালয় আৰু হাস্পতালৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে কৰা কামবোৰে নিৰ্বাচনত জিকিবলৈ যথেষ্ট সহায় কৰিব । কিন্তু এই ধাৰণাক প্ৰত্যাহ্বান জনোৱা হৈছে ।



 



বিজেপিয়ে তেওঁলোকৰ ভোটাৰক এতিয়া ঘূৰাই বিচাৰিছে আৰু স্পষ্টভাৱে জনাইছে যে তেওঁলোকে কেজৰিৱালৰ ৰাজনীতি, পাৰ্ধান্য আৰু ৰাজনৈতিক পছন্দৰ বিৰোধিতা কৰে ।২০১৫ৰ বিপৰীতে এইবাৰ বিজেপিৰ শত্ৰু আপ আৰু কংগ্ৰেছৰ নাম ক’তো উল্লেখ কৰা নাই । এক কথাত নিৰ্বাচন দুটা ঘোঁৰাৰ মাজৰ দৌৰসদৃশ হৈছে কিয়নো দেশৰ ৰাজধানীত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পুতৌজনক ফলাফলৰ পাছত কংগ্ৰেছে যুদ্ধক্ষেত্ৰ পলায়ন কৰাৰ দৰে হৈছে ।



 



কংগ্ৰেছৰ নেতাসকলে ভাবে যে দিল্লী নিৰ্বাচনত তেওঁলোকে মূৰ ঘমাব লগা নাই কিয়নো বিজেপি আৰু ইয়াৰ নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিয়া দলটো হৈছে আপ । তেওঁলোকৰ বহুতে পৰম্পৰাগতভাৱে কংগ্ৰেছক ভোটদান কৰা বহু সমষ্টিত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে । আচৰিত হ’বলগীয়া কথা নহয় যদিও কিছুসংখ্যক কংগ্ৰেছ নেতাৰ পৰিয়ালৰ লোকে আপত যোগদান কৰিছে আৰু টিকট লাভ কৰিবলৈও সক্ষম হৈছে । তেনে এক উদাহৰণ হৈছে প্ৰাক্তন কংগ্ৰেছী সাংসদ মহাবাল মিশ্ৰ । তেওঁৰ পুত্ৰই আপত যোগদান কৰি টিকট লাভ কৰিছে । মিশ্ৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে ।



কংগ্ৰেছে যিটো গতিত গলিবলৈ ধৰিছে ইয়াৰ দ্বাৰা আপৰ সমৰ্থনৰ ভেঁটিটোৰ পৰিৱৰ্তন সাধন কৰিছে ।এতিয়া কংগ্ৰেছৰ দৰে একেই তেওঁলোকৰ ভোটাৰৰ ভিত্তি যিহেতু সংখ্যালঘুসকলে শক্তিশালীভাৱে আপক সমৰ্থন জনাইছে । শ্বাহীন বাগৰ প্ৰতিবাদস্থলীত কেজৰিৱালে এবাৰো দৰ্শন কৰা নাই যদিও প্ৰতিবাদকাৰীসকলে এই কথাত ক্ষোভ প্ৰকাশ কৰা নাই । বিভক্ত ৰাজনৈতিক পৰিৱেশত আপ নেতাসকলে তেওঁলোকক সাক্ষাৎ কৰিলে হ’ব পৰা ৰাজনৈতিক লোকচনাৰ বিষয়ে তেওঁলোক সচেতন । বিজেপিয়ে কেজৰিৱালক সন্ত্ৰাসবাদী হিচাপে আখ্যা দিয়াৰ পৰা বিৰত থকা নাই । দিল্লীৰ শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰাটো যে কেন্দ্ৰৰ দায়িত্ব আৰু শেহতীয়াকৈ শ্বাহীন বাগ, জামিয়া আৰু জে এন ইউত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে যে আপক জগৰীয়া কৰিব নোৱাৰি সেই কথা গৃহমন্ত্ৰী অমিত শ্বাহে অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছে ।বিগত কেইটামান সপ্তাহতে তিনিটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, যিবোৰ ঘটনাই কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দিয়া শ্ল’গানতসমৰ্থন আৰু বৈধ্যতা লাভ কৰিছে ।



বিজেপিয়ে শ্বাহীন বাগ প্ৰতিবাদক দেশক খণ্ড-বিখণ্ড কৰিব খোজাৰ চেষ্টা বুলি প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাৰ পূৰ্বে কেজৰিৱালে নীৰৱী বহি আছিল । এই কথা প্ৰায় সৰ্বজন স্বীকৃত আছিল যে আপ জিকাটো নিশ্চিত আৰু ই ২০২৫ চনত তেওঁলোকৰ সফলতাৰো ইংগিত । কিন্তু বিগত কেইটামান সপ্তাহত বিজেপিয়ে কিছু অগ্ৰগতি লাভ কৰিছে । এতিয়া বহুতেই ক’বলৈ আৰম্ভ কৰিছে যে নিৰ্বাচনত কেজৰিৱালে নিৰকুংশ জয়লাভ কৰিবলৈ সক্ষম নহ’ব । কিন্তু এই ধাৰণাই আন এটা দিশ সামৰি নলয় যে যদি কংগ্ৰেছৰ ভোট আপলৈ ঢাল খায় তেতিয়া আপে এতিয়াও বহু ভাল প্ৰদৰ্শন দেখুাৱাব পাৰে । শেহতীয়া অপিনিয়ন পলসমূহে ৭০খন আসনৰ ভিতৰত ৫৯-৬০খন আসন আপে লাভ কৰা বুলি দেখুৱাই প্ৰকৃত ছবিখন প্ৰতিফলিত কৰিছে ।



বিশ্লেষকসকলৰ ভৱিষ্যদ্বাণী শুদ্ধ হ’লে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাই নহয়, দুটা ভিন্ন মতাদৰ্শৰ মাজত স্থিতি হৰুওৱা কংগ্ৰেছৰ প্ৰতিও সংকটৰ সৃষ্টি কৰিব ।




Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.