ETV Bharat / bharat

শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

author img

By

Published : Jun 3, 2020, 7:19 PM IST

উত্তৰ প্ৰদেশৰ 69000 শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোত বুধবাৰে স্থাগিতাদেশ জাৰি কৰে এলাহবাদ উচ্চ ন্যায়ালয়ে । লগতে আবেদন কাৰীক নিজৰ উত্তৰ বহী সম্পৰ্কে থকা আপত্তি এসপ্তাহৰ ভিতৰত চৰকাৰৰ কাষত দৰ্শাবলৈয়ো পৰামৰ্শ দিয়ে।

69 হাজাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত এলাহবাদ উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
69 হাজাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত এলাহবাদ উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

নিউজ ডেস্ক, 3 জুনঃ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে 69 হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ চলোৱা প্ৰচেষ্টাত স্থগিতাদেশ জাৰি কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে । বুধবাৰে লেখ আবেদনৰ শুনানিৰ পাচত এই নিৰ্দেশ প্ৰদান কৰে ৰাজ্যখনৰ সৰ্বোচ্চ ন্যায়ালয়ে ।

ইয়াৰ পৰৱৰ্তী শুনানিৰ দিন 12 জুলাইত ধাৰ্য কৰা হৈছে । ন্যায়াধীশ অলোক মাথোৰৰ বিচাৰপীঠে স্থগিতাদেশৰ এই নিৰ্দেশনা প্ৰদান কৰে। আনহতে গোচৰৰ বাবে আবেদন কৰা পক্ষকো এসপ্তাহৰ ভিতৰত উত্তৰবহী সম্পৰ্কে থকা আপত্তি চৰকাৰৰ ওচৰত দৰ্শাবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, শিক্ষক নিযুক্তিৰ বাবে বুধবাৰৰ পৰা কাউন্সেলিং আৰম্ভ হোৱাৰ কথা আছিল । ইফালে শিক্ষক নিযুক্তিৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া কাট অফ্ নম্বৰৰ নিৰ্দেশক 6 মে'ত আদৰণি জনাইছিল আদিত্য়নাথে ।

লগতে চাওকঃ আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.