ETV Bharat / bharat

অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব "অতৰংগী ৰে" ৰ দৃশ্য গ্ৰহণৰ কাম

author img

By

Published : Jul 27, 2020, 3:12 PM IST

অতৰংগী ৰে

আগন্তুক অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব অক্ষয় কুমাৰ,ছাৰা আলী আৰু ধনুশ অভিনীত "অতৰংগী ৰে" ৰ দৃশ্য গ্ৰহণৰ কাম । হিমাংশু শৰ্মাৰ দ্বাৰা লিখিত তথা আনন্দ লে ৰায় পৰিচালনাত ২০২১ চনত মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে ছবি পৰিচালক আনন্দ লে ৰায়ে ।

নিউজ ডেস্ক, ২৭ জুলাইঃ বলিউড অভিনেতা অক্ষয় কুমাৰ,ছাৰা আলী আৰু ধনুশৰ আহিবলীয়া ছবি "অতৰংগী ৰে" ৰ দৃশ্য গ্ৰহণ অক্টোবৰৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি সদৰি কৰে। আনন্দ লে ৰায় পৰিচালনাত মডুৰাই,দিল্লী আৰু মুম্বাইত দৃশ্য গ্ৰহণৰ কাম আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে ।

ৰায় কয় যে,লক ডাউনৰ বাবে মই "অতৰংগী ৰে"ৰ আগন্তুক দৃশ্য গ্ৰহণৰ সময়সূচীৰ প্ৰস্তুতিৰ বাবে অধিক সময় হাতত লৈছো । মই সচাকৈ পৰৱৰ্তী দৃশ্য গ্ৰহণৰ বাবে উৎসাহিত হৈ আছো । আগন্তুক অক্টোবৰ মাহৰ পৰা মাদুৰাইত আৰু তাৰ পাচত অক্ষয়ৰ সৈতে দৃশ্য গ্ৰহণ কৰাৰ সম্ভৱনা আছে । দিল্লী আৰু মুম্বাইত ১ মাহৰ বাবে সকলোৱে সুৰক্ষা আৰু সাৱধানতাৰে এই দৃশ্য গ্ৰহণ আৰম্ভ কৰা হ'ব ।

উল্লেখ্য় যে,"অতৰংগী ৰে"ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা হিমাংশু শৰ্মাৰ দ্বাৰা লিখা। যিয়ে জিৰোত (২০১৮) আনন্দ লে ৰায়ৰ লগত একেলগে কাম কৰিছিল । আনহাতে, এই ছবিখনত অস্কাৰ বিজয়ী এ আৰ ৰহমান সংগীত ব্যৱস্থাপনা কৰিব বুলিও জানিবলৈ দিয়ে । তাৰোপৰি ছবিখন ২০২১ চনত মুক্তি লাভ কৰিব বুলি সদৰি কৰে ছবি পৰিচালকে ।

লগতে চাওকঃ জনীয়া-বাঘবৰত বানৰ বিভীষিকাঃ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.