ETV Bharat / bharat

দৰমহা কৰ্তন হ’ব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কৰ্মচাৰীৰ

author img

By

Published : Aug 7, 2020, 8:03 AM IST

5 আগষ্টত প্ৰকাশ পোৱা এক বিজ্ঞপ্তিযোগে সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ প্ৰধান টি. বিজয়কৃষ্ণই কয় যে,অন্যান্য বিমান প্ৰতিষ্ঠানৰ দৰে এয়াৰ ইণ্ডিয়ায়ো ক'ভিড-19 মহামাৰীৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱান্বিত হৈছে ৷ বিগত জুলাই মাহলৈকে এয়াৰলাইঞ্চ কোম্পানীটোৰ ৰাহজ 88 শতাংশ হ্ৰাস পাইছে ৷ আনহাতে বেংক তথা অন্যান্য মূল বিক্ৰেতাসমূহক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে বিমান সংস্থাটোৱে ইয়াৰ কাৰ্যকৰী মূলধন বঢ়াবলৈ বাধ্য হৈছে ৷

Air India Express announces pay cuts for employees after 88% drop in revenues
দৰমহা কৰ্তন হ’ব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কৰ্মচাৰীৰ

নতুন দিল্লী,7 আগষ্টঃ ক'ভিড-19ৰ প্ৰভাৱৰ বাবে জুলাই পৰ্যন্ত 88 শতাংশ ৰাজহ হ্ৰাস পোৱাৰ পিছত, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ইয়াৰ কৰ্মচাৰীসকলৰ দৰমহা কৰ্তনৰ বাবে এখন আঁচনি গ্ৰহণ কৰিছে ৷ ইয়াৰ ফলত বিমান চালকসকলৰ ভাত্তা 80 শতাংশ হ্ৰাস কৰা হৈছে ৷

এই আঁচনিখনৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অভিভাৱক প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই কাৰ্যকৰী কৰা আঁচনিখনৰ সৈতে সামঞ্জস্য আছে ৷ 5 আগষ্টত প্ৰকাশ পোৱা এক বিজ্ঞপ্তিযোগে সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ প্ৰধান টি. বিজয়কৃষ্ণই কয় যে,অন্যান্য বিমান প্ৰতিষ্ঠানৰ দৰে এয়াৰ ইণ্ডিয়ায়ো ক'ভিড-19 মহামাৰীৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱান্বিত হৈছে ৷ বিগত জুলাই মাহলৈকে এয়াৰলাইঞ্চ কোম্পানীটোৰ ৰাজহ 88 শতাংশ হ্ৰাস পাইছে ৷

আনহাতে বেংক তথা অন্যান্য মূল বিক্ৰেতাসমূহক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে বিমান সংস্থাটোৱে ইয়াৰ কাৰ্যকৰী মূলধন বঢ়াবলৈ বাধ্য হৈছে ৷ সংস্থাটোৱে এই ক্ষেত্ৰত কেন্দ্ৰীয় বিমান মন্ত্ৰণালয় আৰু ইয়াৰ অভিভাৱক সংস্থা এয়াৰ ইণ্ডিয়াৰ উপদেশ গ্ৰহণ কৰিছে ৷

পাইলটসকলৰ ভাট্টা 80 শতাংশ হ্ৰাস কৰা হৈছে ৷ ইয়াৰ ভিতৰত উৰণ ভাট্টা,বিশেষ বেতন আৰু লেঅভাৰ ভাট্টাও অন্তৰ্ভুক্ত হৈ আছে ৷ ইয়াৰ বিপৰীতে 25,000 তকৈ কম দৰমহা পোৱা গ্ৰাউণ্ড কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা নহয় ৷ জ্যেষ্ঠ বিষয়াসকলৰ ক্ষেত্ৰত 5 শতাংশ দৰমহা কৰ্তন কৰাৰ বিপৰীতে মুখ্য কাৰ্যবাহী অভিযন্তাকে আদি কৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ 7.5 শতাংশ পৰ্যন্ত দৰমহা কৰ্তন কৰা হ’ব ৷

প্ৰশিক্ষাৰ্থীসহ পাইলট সকলৰ দৰমহা 10 শতাংশ কৰ্তন কৰা হ‘ব আৰু কেবিন ক্ৰু সকলৰ ডমেষ্টিক লেঅ’ভাৰ ভাট্টা 10 শতাংশ হ্ৰাস হ‘ব ৷ এই আঁচনিখন 1 এপ্ৰিলৰ পৰা পৰিচালনা সমিতিৰ পৰৱৰ্তী সিদ্ধান্ত পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব ৷

লগতে পঢ়ক-তেজপুৰস্থিত 4 ক'ৰত স্থলসেনাপ্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.